--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  শিশুটিয়ে পৃথিৱীৰ পোহৰ দেখাৰ পিছতে পিতৃ-মাতৃৰ  পৰা বিচেছেদ হৈ পৰিছিল৷ কাৰণ শিশুটিৰ জন্মৰ পিছতে পিতৃ-মাতৃয়ে শিশুটিক ভাৰততে পেলাই থৈ গুচি গৈছিল আফগানিস্তানলৈ৷ তালিবানে আফগানিস্তানত ক্ষমতা দখল কৰাৰ পিছত শিশুটিৰ  পিতৃ-মাতৃয়ে তেওঁলোকৰ জীৱন বচাবলৈ ভাৰতলৈ প্ৰব্ৰজন কৰিছিল। 

২০২১ চনৰ ছেপ্টেম্বৰত মহাৰাষ্ট্ৰত 'আফগান' কন্যা সন্তানটিৰ  জন্ম হৈছিল। কিন্তু দম্পতীহালে জন্মৰ পিছতে শিশুটিক  এৰিপুনৰ নিজৰ দেশলৈ গুচি গৈছিল। যোৱাৰ আগতে শিশুটিক  পুনেৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ হাতত গতাই দি থৈ গৈছিল৷ শেহতীয়াকৈ বোম্বাই উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক  আফগান দম্পতীৰ নৱজাতক কন্যাক ভাৰতীয় পাছপোৰ্ট প্ৰদান কৰিবলৈ   নিৰ্দেশ দিছে। 

ন্যায়াধীশ জি এছ পেটেল আৰু নীলা গোখলেৰ এখন খণ্ড বিচাৰপীঠে কৈছে যে শিশুটো আইনীভাৱে ভাৰতৰ নাগৰিক৷  কিয়নো শিশুটিয়ে ভাৰতত জন্মগ্ৰহণ কৰিছে। উচ্চ ন্যায়ালয়ে আবেদনকাৰীক কৈছে যে নাগৰিকত্বৰ সকলো নথি পত্ৰ নোপোৱালৈকে শিশুটোক আনে  গ্ৰহণ কৰিব নোৱাৰিব।ভাৰতীয় সামাজিক কেন্দ্ৰ নামৰ পুনেস্থিত এটা বেচৰকাৰী সংগঠনৰ আবেদনৰ পিছত শুকুৰবাৰে দুই ন্যায়াধীশৰ বিচাৰপীঠে গৃহ মন্ত্ৰালয়ক এহাল "নিৰুদ্দেশ" আফগান দম্পতীৰ ডেৰ বছৰীয়া কন্যাক ভাৰতীয় পাছপোৰ্ট জাৰি কৰাৰ বাবে জাননী প্ৰেৰণ কৰে। আবেদনকাৰীৰ হৈ অধিবক্তা ৰাধিকা সামন্তই কয় যে উচ্চ ন্যায়ালয়ে অতিৰিক্ত ছলিচিটৰ জেনেৰেল অনিল সিং বা গৃহ বিভাগৰ অধীনষ্ঠ  যিকোনো অধিবক্তাক আদেশটো পালনৰ তদাৰক কৰিবলৈ কৈছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু