--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  শিশুটিয়ে পৃথিৱীৰ পোহৰ দেখাৰ পিছতে পিতৃ-মাতৃৰ  পৰা বিচেছেদ হৈ পৰিছিল৷ কাৰণ শিশুটিৰ জন্মৰ পিছতে পিতৃ-মাতৃয়ে শিশুটিক ভাৰততে পেলাই থৈ গুচি গৈছিল আফগানিস্তানলৈ৷ তালিবানে আফগানিস্তানত ক্ষমতা দখল কৰাৰ পিছত শিশুটিৰ  পিতৃ-মাতৃয়ে তেওঁলোকৰ জীৱন বচাবলৈ ভাৰতলৈ প্ৰব্ৰজন কৰিছিল। 

২০২১ চনৰ ছেপ্টেম্বৰত মহাৰাষ্ট্ৰত 'আফগান' কন্যা সন্তানটিৰ  জন্ম হৈছিল। কিন্তু দম্পতীহালে জন্মৰ পিছতে শিশুটিক  এৰিপুনৰ নিজৰ দেশলৈ গুচি গৈছিল। যোৱাৰ আগতে শিশুটিক  পুনেৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ হাতত গতাই দি থৈ গৈছিল৷ শেহতীয়াকৈ বোম্বাই উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক  আফগান দম্পতীৰ নৱজাতক কন্যাক ভাৰতীয় পাছপোৰ্ট প্ৰদান কৰিবলৈ   নিৰ্দেশ দিছে। 

ন্যায়াধীশ জি এছ পেটেল আৰু নীলা গোখলেৰ এখন খণ্ড বিচাৰপীঠে কৈছে যে শিশুটো আইনীভাৱে ভাৰতৰ নাগৰিক৷  কিয়নো শিশুটিয়ে ভাৰতত জন্মগ্ৰহণ কৰিছে। উচ্চ ন্যায়ালয়ে আবেদনকাৰীক কৈছে যে নাগৰিকত্বৰ সকলো নথি পত্ৰ নোপোৱালৈকে শিশুটোক আনে  গ্ৰহণ কৰিব নোৱাৰিব।ভাৰতীয় সামাজিক কেন্দ্ৰ নামৰ পুনেস্থিত এটা বেচৰকাৰী সংগঠনৰ আবেদনৰ পিছত শুকুৰবাৰে দুই ন্যায়াধীশৰ বিচাৰপীঠে গৃহ মন্ত্ৰালয়ক এহাল "নিৰুদ্দেশ" আফগান দম্পতীৰ ডেৰ বছৰীয়া কন্যাক ভাৰতীয় পাছপোৰ্ট জাৰি কৰাৰ বাবে জাননী প্ৰেৰণ কৰে। আবেদনকাৰীৰ হৈ অধিবক্তা ৰাধিকা সামন্তই কয় যে উচ্চ ন্যায়ালয়ে অতিৰিক্ত ছলিচিটৰ জেনেৰেল অনিল সিং বা গৃহ বিভাগৰ অধীনষ্ঠ  যিকোনো অধিবক্তাক আদেশটো পালনৰ তদাৰক কৰিবলৈ কৈছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক