--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খোদ নিজৰ উদ্ভাৱনৰ বাবে অনুশোচনাত দগ্ধ হৈছে এজন খ্যাতনামা বিজ্ঞানী। সমগ্ৰ  জীৱন তেওঁ কৃত্ৰিম বুদ্ধিমত্তা (Artificial intelligence বা AI)-ক লৈ কাম কৰি আহিছে। ইয়াৰ বাবে একাধিক স্বীকৃতি আৰু বঁটাও লাভ কৰিছে। কিন্তু এতিয়া বিখ্যাত কম্পিউটাৰ বিজ্ঞানী তথা কৃত্ৰিম বুদ্ধিমত্তাৰ ‘গডফাদাৰ’ জিঅ’ফ্ৰে হিণ্টনে নিজৰ কামৰ বাবে অনুশোচনা কৰিছে।

তেওঁ কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে ভৱিষ্যতে সৃষ্টি হ’ব পৰা পৰিস্থিতিকলৈ শংকিত। সেয়ে কৃত্ৰিম বুদ্ধিমত্তাৰ বিপদ আৰু সমস্যাৰ বিষয়ে দ্বিধাহীনভাৱে ক’বলৈ হিণ্টনে গুগলৰ পৰা পদত্যাগ কৰিছে।

উল্লেখ্য যে হিণ্টন এজন এ আই বিশেষজ্ঞ। ২০১৮ চনত তেওঁ কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত যুগান্তকাৰী কামৰ বাবে ‘টুৰিং বঁটা’ লাভ কৰিছিল। কিন্তু এতিয়া তেওঁ দাবী কৰিছে যে তেওঁ যি প্ৰযুক্তিকলৈ কাম কৰিছে তাৰ পৰিণতি ভয়ানক।

“দ্য নিউয়ৰ্ক টাইমছ” কাকতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত হিণ্টনে কয় যে সমাজৰ এটা শ্ৰেণীয়ে কৃত্ৰিম বুদ্ধিমত্তাৰ অপব্যৱহাৰ অব্যাহত ৰাখিছে। ভুৱা ছবি আৰু বাতৰি সৃষ্টিৰ বাবে এ আইৰ ব্যৱহাৰৰ ধৰণক লৈও হিণ্টনে উদ্বেগ প্ৰকাশ কৰে।

তেওঁ দাবী কৰে যে কৃত্ৰিম বুদ্ধিমত্তাই পৃথিৱীখনক এনে এটা ঠাইলৈ লৈ গৈছে য’ত ক্ৰমান্বয়ে কি ‘সঁচা’ আৰু কি ‘মিছা’ সেইটো বিচাৰি উলিওৱাটো কঠিন হৈ পৰিব। ইয়াৰ অপব্যৱহাৰ ৰোধ কৰাটো অসম্ভৱ হৈ পৰিছে। 

সংস্থাপনৰ ওপৰত কৃত্ৰিম বুদ্ধিমত্তাৰ নেতিবাচক প্ৰভাৱৰ বিষয়েও হিণ্টন চিন্তিত। তেওঁ স্বীকাৰ কৰে যে এ আইৰ নিজাববীয়াকৈ কাম কৰাৰ ক্ষমতা আছে। কৃত্ৰিম বুদ্ধিমত্তাই আনকি মানুহৰ বুদ্ধিমত্তাকো অতিক্ৰম কৰাৰ ক্ষমতা আছে। ফলত বিশ্বৰ বিভিন্ন সংস্থাত ক্ৰমান্বয়ে চাকৰিৰ পৰা অপসাৰণৰ হাৰ বৃদ্ধি পাব পাৰে। চাকৰিৰ অভাৱ দেখা দিব পাৰে।

উল্লেখ্য যে হিণ্টনে আই টি কোম্পানী গুগলত এদশক পূৰ্বে যোগদান কৰিছিল। তেওঁ গুগল কিয় এৰিলে সেই সন্দৰ্ভত  নটুইটাৰত লিখিছে, ‘মই গুগল এৰিলোঁ যাতে মই কৃত্ৰিম বুদ্ধিমত্তাই সৃষ্টি কৰা বিপদৰ বিষয়ে মুক্তভাৱে ক’ব পাৰো। গুগলত ইয়াৰ প্ৰভাৱ নপৰিবলৈ মই কোম্পানীটোৰ পৰা পদত্যাগ কৰিলোঁ। কিন্তু মই স্বীকাৰ কৰিব লাগিব যে গুগলে এ আই ব্যৱহাৰৰ ক্ষেত্ৰত অতি দায়িত্বশীলভাৱে কাম কৰিছে।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল