--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খোদ নিজৰ উদ্ভাৱনৰ বাবে অনুশোচনাত দগ্ধ হৈছে এজন খ্যাতনামা বিজ্ঞানী। সমগ্ৰ  জীৱন তেওঁ কৃত্ৰিম বুদ্ধিমত্তা (Artificial intelligence বা AI)-ক লৈ কাম কৰি আহিছে। ইয়াৰ বাবে একাধিক স্বীকৃতি আৰু বঁটাও লাভ কৰিছে। কিন্তু এতিয়া বিখ্যাত কম্পিউটাৰ বিজ্ঞানী তথা কৃত্ৰিম বুদ্ধিমত্তাৰ ‘গডফাদাৰ’ জিঅ’ফ্ৰে হিণ্টনে নিজৰ কামৰ বাবে অনুশোচনা কৰিছে।

তেওঁ কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে ভৱিষ্যতে সৃষ্টি হ’ব পৰা পৰিস্থিতিকলৈ শংকিত। সেয়ে কৃত্ৰিম বুদ্ধিমত্তাৰ বিপদ আৰু সমস্যাৰ বিষয়ে দ্বিধাহীনভাৱে ক’বলৈ হিণ্টনে গুগলৰ পৰা পদত্যাগ কৰিছে।

উল্লেখ্য যে হিণ্টন এজন এ আই বিশেষজ্ঞ। ২০১৮ চনত তেওঁ কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত যুগান্তকাৰী কামৰ বাবে ‘টুৰিং বঁটা’ লাভ কৰিছিল। কিন্তু এতিয়া তেওঁ দাবী কৰিছে যে তেওঁ যি প্ৰযুক্তিকলৈ কাম কৰিছে তাৰ পৰিণতি ভয়ানক।

“দ্য নিউয়ৰ্ক টাইমছ” কাকতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত হিণ্টনে কয় যে সমাজৰ এটা শ্ৰেণীয়ে কৃত্ৰিম বুদ্ধিমত্তাৰ অপব্যৱহাৰ অব্যাহত ৰাখিছে। ভুৱা ছবি আৰু বাতৰি সৃষ্টিৰ বাবে এ আইৰ ব্যৱহাৰৰ ধৰণক লৈও হিণ্টনে উদ্বেগ প্ৰকাশ কৰে।

তেওঁ দাবী কৰে যে কৃত্ৰিম বুদ্ধিমত্তাই পৃথিৱীখনক এনে এটা ঠাইলৈ লৈ গৈছে য’ত ক্ৰমান্বয়ে কি ‘সঁচা’ আৰু কি ‘মিছা’ সেইটো বিচাৰি উলিওৱাটো কঠিন হৈ পৰিব। ইয়াৰ অপব্যৱহাৰ ৰোধ কৰাটো অসম্ভৱ হৈ পৰিছে। 

সংস্থাপনৰ ওপৰত কৃত্ৰিম বুদ্ধিমত্তাৰ নেতিবাচক প্ৰভাৱৰ বিষয়েও হিণ্টন চিন্তিত। তেওঁ স্বীকাৰ কৰে যে এ আইৰ নিজাববীয়াকৈ কাম কৰাৰ ক্ষমতা আছে। কৃত্ৰিম বুদ্ধিমত্তাই আনকি মানুহৰ বুদ্ধিমত্তাকো অতিক্ৰম কৰাৰ ক্ষমতা আছে। ফলত বিশ্বৰ বিভিন্ন সংস্থাত ক্ৰমান্বয়ে চাকৰিৰ পৰা অপসাৰণৰ হাৰ বৃদ্ধি পাব পাৰে। চাকৰিৰ অভাৱ দেখা দিব পাৰে।

উল্লেখ্য যে হিণ্টনে আই টি কোম্পানী গুগলত এদশক পূৰ্বে যোগদান কৰিছিল। তেওঁ গুগল কিয় এৰিলে সেই সন্দৰ্ভত  নটুইটাৰত লিখিছে, ‘মই গুগল এৰিলোঁ যাতে মই কৃত্ৰিম বুদ্ধিমত্তাই সৃষ্টি কৰা বিপদৰ বিষয়ে মুক্তভাৱে ক’ব পাৰো। গুগলত ইয়াৰ প্ৰভাৱ নপৰিবলৈ মই কোম্পানীটোৰ পৰা পদত্যাগ কৰিলোঁ। কিন্তু মই স্বীকাৰ কৰিব লাগিব যে গুগলে এ আই ব্যৱহাৰৰ ক্ষেত্ৰত অতি দায়িত্বশীলভাৱে কাম কৰিছে।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ