--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বব্ৰহ্মাণ্ডৰ জন্মৰ পিছত গঠিত প্ৰথম তৰাসমূহৰ ‘অৱশিষ্ট’ পোৱা গৈছে। এই প্ৰথম তৰাসমূহৰ মৃত্যুৰ পিছতে ব্ৰহ্মাণ্ডত হাইড্ৰজেন, হিলিয়াম, লিথিয়াম গেছৰ ঘন ডাৱৰ ছিটিকি পৰিছিল। এইবাৰ বিজ্ঞানীসকলে তাৰ সন্ধান লাভ কৰিছে।

বিগ বেঙৰ পিছত বা বিশ্বব্ৰহ্মাণ্ড সৃষ্টিৰ কিছু মুহূৰ্তৰ আগৰ এই বিশ্বব্ৰহ্মাণ্ডখনৰ উপাদান আছিল হাইড্ৰজেন, হিলিয়াম আৰু সামান্য পৰিমাণৰ লিথিয়াম। বিগ বেঙৰ পিছত জন্ম হোৱা প্ৰথম তৰাটো সূৰ্য্যতকৈ কমেও দহৰ পৰা এশগুণ বেছি আছিল। যিটো সেই সাধাৰণ উপাদানবোৰৰ পৰাই গঠিত হৈছিল। যাৰ কেন্দ্ৰত তুলনামূলকভাৱে গধুৰ মৌল এটা আছিল।

কিন্তু পিছলৈ সেই তৰাবোৰ ‘ছুপাৰন’ভা’ বিস্ফোৰণত ধ্বংস হৈছিল। যাৰ পৰা গেছ আৰু ধূলিৰ ঘন ডাৱৰৰ জন্ম হৈছিল। লগতে ধ্বংস হোৱা তৰাটোৰ গধুৰ অংশবোৰো ডাৱৰৰ মাজত আবদ্ধ হৈ আছিল। ইয়াৰ এটা মৌল আছিল লোহা। পিছলৈ তাৰ পৰাই পৰৱৰ্তী নক্ষত্ৰমণ্ডলৰ জন্ম হয়।

কিন্তু ডাৱৰৰ কিছুমান অংশত কেতিয়াও নতুন তৰা উৎপন্ন হোৱা নাছিল। গেছ আৰু ধূলিৰ সেই ডাৱৰবোৰে শক্তি হেৰুৱাই মহাকাশলৈ বিয়পি পৰিছিল। এইবাৰ বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডৰ প্ৰথম তৰাটোৰ সেই অৱশিষ্ট ডাৱৰ বিচাৰি পালে।

বিজ্ঞানীসকলৰ মতে শেহতীয়াকৈ প্ৰথম তৰাৰ মৃত্যুৰ ফলত গঠিত তিনিটা আদিম ডাৱৰ পোৱা গৈছে। যাৰ বয়স সূৰ্য্যৰ বয়সতকৈ কোটি কোটি বছৰ বেছি।

এই প্ৰসংগত গৱেষক ষ্টেফানিয়া ছালভাড’ৰীয়ে কয় যে, “প্ৰথম তৰাসমূহৰ মৃত্যুৰ ফলত সৃষ্টি হোৱা গেছৰ ডাৱৰ আৱিষ্কাৰ কৰা হৈছে। ইয়াৰ ৰাসায়নিক উপাদানসমূহ চিনাক্ত কৰি অধ্যয়ন কৰিব পৰা যাব। ফলত বিশ্বব্ৰহ্মাণ্ডৰ এক অজ্ঞাত ৰহস্যও প্ৰকাশ পাব পাৰে।’’












FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ