--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বব্ৰহ্মাণ্ডৰ জন্মৰ পিছত গঠিত প্ৰথম তৰাসমূহৰ ‘অৱশিষ্ট’ পোৱা গৈছে। এই প্ৰথম তৰাসমূহৰ মৃত্যুৰ পিছতে ব্ৰহ্মাণ্ডত হাইড্ৰজেন, হিলিয়াম, লিথিয়াম গেছৰ ঘন ডাৱৰ ছিটিকি পৰিছিল। এইবাৰ বিজ্ঞানীসকলে তাৰ সন্ধান লাভ কৰিছে।

বিগ বেঙৰ পিছত বা বিশ্বব্ৰহ্মাণ্ড সৃষ্টিৰ কিছু মুহূৰ্তৰ আগৰ এই বিশ্বব্ৰহ্মাণ্ডখনৰ উপাদান আছিল হাইড্ৰজেন, হিলিয়াম আৰু সামান্য পৰিমাণৰ লিথিয়াম। বিগ বেঙৰ পিছত জন্ম হোৱা প্ৰথম তৰাটো সূৰ্য্যতকৈ কমেও দহৰ পৰা এশগুণ বেছি আছিল। যিটো সেই সাধাৰণ উপাদানবোৰৰ পৰাই গঠিত হৈছিল। যাৰ কেন্দ্ৰত তুলনামূলকভাৱে গধুৰ মৌল এটা আছিল।

কিন্তু পিছলৈ সেই তৰাবোৰ ‘ছুপাৰন’ভা’ বিস্ফোৰণত ধ্বংস হৈছিল। যাৰ পৰা গেছ আৰু ধূলিৰ ঘন ডাৱৰৰ জন্ম হৈছিল। লগতে ধ্বংস হোৱা তৰাটোৰ গধুৰ অংশবোৰো ডাৱৰৰ মাজত আবদ্ধ হৈ আছিল। ইয়াৰ এটা মৌল আছিল লোহা। পিছলৈ তাৰ পৰাই পৰৱৰ্তী নক্ষত্ৰমণ্ডলৰ জন্ম হয়।

কিন্তু ডাৱৰৰ কিছুমান অংশত কেতিয়াও নতুন তৰা উৎপন্ন হোৱা নাছিল। গেছ আৰু ধূলিৰ সেই ডাৱৰবোৰে শক্তি হেৰুৱাই মহাকাশলৈ বিয়পি পৰিছিল। এইবাৰ বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডৰ প্ৰথম তৰাটোৰ সেই অৱশিষ্ট ডাৱৰ বিচাৰি পালে।

বিজ্ঞানীসকলৰ মতে শেহতীয়াকৈ প্ৰথম তৰাৰ মৃত্যুৰ ফলত গঠিত তিনিটা আদিম ডাৱৰ পোৱা গৈছে। যাৰ বয়স সূৰ্য্যৰ বয়সতকৈ কোটি কোটি বছৰ বেছি।

এই প্ৰসংগত গৱেষক ষ্টেফানিয়া ছালভাড’ৰীয়ে কয় যে, “প্ৰথম তৰাসমূহৰ মৃত্যুৰ ফলত সৃষ্টি হোৱা গেছৰ ডাৱৰ আৱিষ্কাৰ কৰা হৈছে। ইয়াৰ ৰাসায়নিক উপাদানসমূহ চিনাক্ত কৰি অধ্যয়ন কৰিব পৰা যাব। ফলত বিশ্বব্ৰহ্মাণ্ডৰ এক অজ্ঞাত ৰহস্যও প্ৰকাশ পাব পাৰে।’’












FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল