--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মেক্সিকোৰ চাটুমাল উপসাগৰত আৱিষ্কাৰ হৈছে পৃথিৱীৰ দ্বিতীয় গভীৰতম নীলা জলগহ্বৰটো ।এই জলগ্হাৰটো প্ৰায় ৯০০ ফুট গভীৰ। ই প্ৰায় ১৪৭,০০০ বৰ্গফুট এলেকা আৱৰি আছে। মেক্সিকোৰ য়াকাটান উপদ্বীপৰ কাষৰ উপসাগৰত আৱিষ্কাৰ হোৱা এই জল গহ্বৰটোৰ পানী নীলা ৰঙৰ। 

দৰাচলতে,এই  গহ্বৰৰ গভীৰতা বেছি বাবেই ইয়াৰ পানী নীলা দেখি। সূৰ্যৰ পোহৰ এই গহ্বৰৰ তলিত গৈ উপনীত হ'ব নোৱাৰে।এইকাৰণেই  গহ্বৰটোৰ গভীৰত  অন্ধকাৰে বিৰাজ কৰি আছে। এনে কাৰণতে  এই অংশত জমা হোৱা পানী বাকী অংশতকৈ অধিক গাঢ়, ডাঠ নীলা দেখায়। মেক্সিকোৰ 'ব্লু হোল' নামেৰে পৰিচিত এই জল গহ্বৰটো  ২০২১ চনতে আৱিষ্কাৰ হৈছিল। শেহতীয়াকৈ ইয়াৰ বিষয়ে বৈজ্ঞানিক আলোচনী ফ্ৰণ্টিয়াৰ্ছ ইন মেৰিন চায়েন্সত প্ৰকাশ পোৱাৰ পিছতে ই বিশ্ব বিখ্যাত হৈ পৰে। 

ডিছক’ভাৰী ডট কমৰ মতে  'ব্লু হোল' হৈছে মাজত থকা চূণ শিলৰ গুহাৰ কিছু অংশ । 'নীলা জল গহ্বৰ'ৰ তলত এক সম্পূৰ্ণ, অজ্ঞাত ৰহস্যময় প্ৰকৃতি আছে বুলি বিজ্ঞানীসকলে কৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক  বিজ্ঞানী ক্ৰিষ্টোফাৰ জি স্মিথৰ মতে মানুহে নীলা গহ্বৰৰ বিষয়ে খুব কম জানে। ইয়াৰ কাৰণ হৈছে ইয়াকলৈ  খুব কম আলোচনা হৈছে। এই জল গহ্বৰৰ  আন নাম হৈছে 'তাম জা', যাৰ অৰ্থ হৈছে 'গভীৰ পানী'। মেক্সিকোত আৱিষ্কাৰ হোৱা  নীলা জল গহ্বৰটো  পৃথিৱীৰ দ্বিতীয় গভীৰতম জল গহ্বৰ। প্ৰথমটো হৈছে দক্ষিণ চীন সাগৰৰ ড্ৰেগন হোল। ইয়াৰ গভীৰতা প্ৰায় ৯৮০ মিটাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প