--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মেক্সিকোৰ চাটুমাল উপসাগৰত আৱিষ্কাৰ হৈছে পৃথিৱীৰ দ্বিতীয় গভীৰতম নীলা জলগহ্বৰটো ।এই জলগ্হাৰটো প্ৰায় ৯০০ ফুট গভীৰ। ই প্ৰায় ১৪৭,০০০ বৰ্গফুট এলেকা আৱৰি আছে। মেক্সিকোৰ য়াকাটান উপদ্বীপৰ কাষৰ উপসাগৰত আৱিষ্কাৰ হোৱা এই জল গহ্বৰটোৰ পানী নীলা ৰঙৰ। 

দৰাচলতে,এই  গহ্বৰৰ গভীৰতা বেছি বাবেই ইয়াৰ পানী নীলা দেখি। সূৰ্যৰ পোহৰ এই গহ্বৰৰ তলিত গৈ উপনীত হ'ব নোৱাৰে।এইকাৰণেই  গহ্বৰটোৰ গভীৰত  অন্ধকাৰে বিৰাজ কৰি আছে। এনে কাৰণতে  এই অংশত জমা হোৱা পানী বাকী অংশতকৈ অধিক গাঢ়, ডাঠ নীলা দেখায়। মেক্সিকোৰ 'ব্লু হোল' নামেৰে পৰিচিত এই জল গহ্বৰটো  ২০২১ চনতে আৱিষ্কাৰ হৈছিল। শেহতীয়াকৈ ইয়াৰ বিষয়ে বৈজ্ঞানিক আলোচনী ফ্ৰণ্টিয়াৰ্ছ ইন মেৰিন চায়েন্সত প্ৰকাশ পোৱাৰ পিছতে ই বিশ্ব বিখ্যাত হৈ পৰে। 

ডিছক’ভাৰী ডট কমৰ মতে  'ব্লু হোল' হৈছে মাজত থকা চূণ শিলৰ গুহাৰ কিছু অংশ । 'নীলা জল গহ্বৰ'ৰ তলত এক সম্পূৰ্ণ, অজ্ঞাত ৰহস্যময় প্ৰকৃতি আছে বুলি বিজ্ঞানীসকলে কৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক  বিজ্ঞানী ক্ৰিষ্টোফাৰ জি স্মিথৰ মতে মানুহে নীলা গহ্বৰৰ বিষয়ে খুব কম জানে। ইয়াৰ কাৰণ হৈছে ইয়াকলৈ  খুব কম আলোচনা হৈছে। এই জল গহ্বৰৰ  আন নাম হৈছে 'তাম জা', যাৰ অৰ্থ হৈছে 'গভীৰ পানী'। মেক্সিকোত আৱিষ্কাৰ হোৱা  নীলা জল গহ্বৰটো  পৃথিৱীৰ দ্বিতীয় গভীৰতম জল গহ্বৰ। প্ৰথমটো হৈছে দক্ষিণ চীন সাগৰৰ ড্ৰেগন হোল। ইয়াৰ গভীৰতা প্ৰায় ৯৮০ মিটাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ