--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইতিমধ্যে বিশ্বৰ বিভিন্ন কৰ্মক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তা বা এআইৰ প্ৰয়োগ আৰম্ভ হৈছে। ইয়াৰ ব্যৱহাৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। এই কাৰণেই আগন্তুক ৫ বছৰত প্ৰায় ১ কোটি ৪০ লাখ লোকে চাকৰি হেৰুৱাব পাৰে। ৱৰ্ল্ড ইক’ন’মিক ফ’ৰাম (WEF) ৰ এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে।

দেওবাৰে প্ৰকাশ পাইছে WEFৰ এক সমীক্ষা। মুঠতে বিশ্বৰ প্ৰায় ৮০০ সংগঠনৰ তথ্যসহ প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে। ছুইজাৰলেণ্ডৰ ডাভোছত প্ৰতি বছৰে এই সংস্থাটোৱে বিশ্বৰ নেতাসকলৰ সৈতে এখন সন্মিলনৰ আয়োজন কৰে।

এইবাৰৰ আলোচনাত প্ৰকাশ পালে যে ২০২৭ চনৰ ভিতৰত সমগ্ৰ বিশ্বতে ৬ কোটি ৯ লাখ নতুন চাকৰিৰ সৃষ্টি হ’ব। কিন্তু একে সময়তে ৮ কোটি ৩ লাখ লোকো নিবনুৱা হৈ পৰিব।

সমীক্ষাৰ মতে, অহা ৬ বছৰত কেৱল কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যাপক ব্যৱহাৰৰ বাবেই প্ৰায় ১ কোটি ৪০ লাখ লোকৰ কাম হেৰাই যাব। যিটো বৰ্তমানৰ কৰ্মসংস্থাপনৰ প্ৰায় ২ শতাংশ।

প্ৰযুক্তিৰ ব্যৱহাৰৰ ধৰণ আৰু বিজ্ঞানৰ বিভিন্ন শাখাৰ বিকাশ ঘটিছে। কৰ্মক্ষেত্ৰত নতুন দিগন্ত মুকলি কৰিছে। একে সময়তে আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰে বিভিন্ন সংস্থাত কৰ্মশক্তি হ্ৰাস কৰিব বুলি গৱেষকসকলৰ বিশ্বাস।

কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যাপক ব্যৱহাৰৰ ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশ আছে বুলিও তেওঁলোকে কয়। ইয়াৰে এটা হৈছে কৰ্মীসংকোচন। কাৰণ, কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগৰ বাবে যেনেকৈ কোম্পানীয়ে কিছুমান শ্ৰমিক নিয়োগ কৰিব, তাৰ ব্যৱহাৰৰ ফলস্বৰূপে কোম্পানীবোৰক আৰু বহু পুৰণি শ্ৰমিকৰ প্ৰয়োজন নহ’ব।

ইতিমধ্যে চাটজিপিটিৰ দৰে শেহতীয়া প্ৰযুক্তিৰ ব্যৱহাৰ আৰম্ভ হৈছে। এই দশকৰ আৰম্ভণিতে অটো শক্তিৰ ব্যৱহাৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছিল। গৱেষণাৰ পৰা দেখা গৈছে যে বহুজাতিক নিগমসমূহে কৰা প্ৰায় ৩৪ শতাংশ কাম বৰ্তমান যন্ত্ৰৰ দ্বাৰা কৰা হয়। লাহে লাহে ই বাঢ়িব ধৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি প্ৰধানমন্ত্ৰী মোদীৰে দ্বিপাক্ষিক বৈঠক মৰিছাছৰ প্রধানমন্ত্রী নবীন ৰামগোলামৰ
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল