--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইতিমধ্যে বিশ্বৰ বিভিন্ন কৰ্মক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তা বা এআইৰ প্ৰয়োগ আৰম্ভ হৈছে। ইয়াৰ ব্যৱহাৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। এই কাৰণেই আগন্তুক ৫ বছৰত প্ৰায় ১ কোটি ৪০ লাখ লোকে চাকৰি হেৰুৱাব পাৰে। ৱৰ্ল্ড ইক’ন’মিক ফ’ৰাম (WEF) ৰ এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে।

দেওবাৰে প্ৰকাশ পাইছে WEFৰ এক সমীক্ষা। মুঠতে বিশ্বৰ প্ৰায় ৮০০ সংগঠনৰ তথ্যসহ প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে। ছুইজাৰলেণ্ডৰ ডাভোছত প্ৰতি বছৰে এই সংস্থাটোৱে বিশ্বৰ নেতাসকলৰ সৈতে এখন সন্মিলনৰ আয়োজন কৰে।

এইবাৰৰ আলোচনাত প্ৰকাশ পালে যে ২০২৭ চনৰ ভিতৰত সমগ্ৰ বিশ্বতে ৬ কোটি ৯ লাখ নতুন চাকৰিৰ সৃষ্টি হ’ব। কিন্তু একে সময়তে ৮ কোটি ৩ লাখ লোকো নিবনুৱা হৈ পৰিব।

সমীক্ষাৰ মতে, অহা ৬ বছৰত কেৱল কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যাপক ব্যৱহাৰৰ বাবেই প্ৰায় ১ কোটি ৪০ লাখ লোকৰ কাম হেৰাই যাব। যিটো বৰ্তমানৰ কৰ্মসংস্থাপনৰ প্ৰায় ২ শতাংশ।

প্ৰযুক্তিৰ ব্যৱহাৰৰ ধৰণ আৰু বিজ্ঞানৰ বিভিন্ন শাখাৰ বিকাশ ঘটিছে। কৰ্মক্ষেত্ৰত নতুন দিগন্ত মুকলি কৰিছে। একে সময়তে আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰে বিভিন্ন সংস্থাত কৰ্মশক্তি হ্ৰাস কৰিব বুলি গৱেষকসকলৰ বিশ্বাস।

কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যাপক ব্যৱহাৰৰ ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশ আছে বুলিও তেওঁলোকে কয়। ইয়াৰে এটা হৈছে কৰ্মীসংকোচন। কাৰণ, কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগৰ বাবে যেনেকৈ কোম্পানীয়ে কিছুমান শ্ৰমিক নিয়োগ কৰিব, তাৰ ব্যৱহাৰৰ ফলস্বৰূপে কোম্পানীবোৰক আৰু বহু পুৰণি শ্ৰমিকৰ প্ৰয়োজন নহ’ব।

ইতিমধ্যে চাটজিপিটিৰ দৰে শেহতীয়া প্ৰযুক্তিৰ ব্যৱহাৰ আৰম্ভ হৈছে। এই দশকৰ আৰম্ভণিতে অটো শক্তিৰ ব্যৱহাৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছিল। গৱেষণাৰ পৰা দেখা গৈছে যে বহুজাতিক নিগমসমূহে কৰা প্ৰায় ৩৪ শতাংশ কাম বৰ্তমান যন্ত্ৰৰ দ্বাৰা কৰা হয়। লাহে লাহে ই বাঢ়িব ধৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ