--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইউক্ৰেইনৰ বিৰুদ্ধে হিন্দু ধৰ্মৰ আৱেগক আঘাত দিয়াৰ অভিযোগ উত্থাপন হৈছে। যাৰ বাবে ভাৰতৰ এক বৃহৎ অংশই ইউক্ৰেইনৰ পৰা নিঃচৰ্ত ক্ষমা বিচাৰিছে। অৱশ্যে এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ পৰা কোনো প্ৰত্যক্ষ বিবৃতি পোৱা হোৱা নাই। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ এগৰাকী পৰামৰ্শদাতাই এই ঘটনাক তীব্ৰ গৰিহণা দি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক বিষয়টোত হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনায়।

যোৱা দেওবাৰে ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ টুইটাৰ হেণ্ডেলত দেৱী কালিৰ এখন ছবি প্ৰকাশ পাইছিল। যদিও আপাত দৃষ্টিত ইয়াৰ দ্বাৰা কালী দেৱীক বুজোৱা হৈছে, তথাপিও কালী শব্দটোৰ ক’তো উল্লেখ নাই। বৰঞ্চ হলিউডৰ অভিনেত্ৰী মেৰিলিন মনৰোৰ দৰে উৰন্ত স্কাৰ্ট এটা ধৰি ৰখাৰ ভংগীমাত থিয় হৈ থকা দেখা গৈছে। দেৱী কালীৰ লগত সাদৃশ্য কেৱল ডিঙিত থকা হাৰ আৰু ওলাই থকা জিভাতহে পোৱা যায়।

এই ছবিখন ওলোৱাৰ পিছতে সামাজিক মাধ্যমত ধুমুহাৰ সৃষ্টি হয়। নিজৰ টুইটাৰ হেণ্ডেলত এই টুইটটো শ্বেয়াৰ কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উপদেষ্টা কাঞ্চন গুপ্তাই এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ক অনুৰোধ জনায়।

উল্লেখ্য যে কিছুদিন পূৰ্বে ইউক্ৰেইনৰ উপ-বিদেশ মন্ত্ৰী ভাৰতলৈ আহিছিল। ভাৰত ভ্ৰমণৰ সময়ত ভল’ডিমাইৰ জেলেনস্কিৰ দূতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক দেশ ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনায়। যদিও ৰাছিয়া-ইউক্ৰেইন যুদ্ধত ভাৰতে নিৰপেক্ষ স্থিতি গ্ৰহণ কৰিছে, তথাপিও এই ঘটনাই ভাৰত আৰু ইউক্ৰেইনৰ সম্পৰ্কত প্ৰভাৱ পেলাব পাৰে বুলি আশংকা কৰা হৈছে। পিছত অৱশ্যে এই টুইটটো ডিলিট কৰা গ’ল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন