--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইউক্ৰেইনৰ বিৰুদ্ধে হিন্দু ধৰ্মৰ আৱেগক আঘাত দিয়াৰ অভিযোগ উত্থাপন হৈছে। যাৰ বাবে ভাৰতৰ এক বৃহৎ অংশই ইউক্ৰেইনৰ পৰা নিঃচৰ্ত ক্ষমা বিচাৰিছে। অৱশ্যে এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ পৰা কোনো প্ৰত্যক্ষ বিবৃতি পোৱা হোৱা নাই। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ এগৰাকী পৰামৰ্শদাতাই এই ঘটনাক তীব্ৰ গৰিহণা দি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক বিষয়টোত হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনায়।

যোৱা দেওবাৰে ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ টুইটাৰ হেণ্ডেলত দেৱী কালিৰ এখন ছবি প্ৰকাশ পাইছিল। যদিও আপাত দৃষ্টিত ইয়াৰ দ্বাৰা কালী দেৱীক বুজোৱা হৈছে, তথাপিও কালী শব্দটোৰ ক’তো উল্লেখ নাই। বৰঞ্চ হলিউডৰ অভিনেত্ৰী মেৰিলিন মনৰোৰ দৰে উৰন্ত স্কাৰ্ট এটা ধৰি ৰখাৰ ভংগীমাত থিয় হৈ থকা দেখা গৈছে। দেৱী কালীৰ লগত সাদৃশ্য কেৱল ডিঙিত থকা হাৰ আৰু ওলাই থকা জিভাতহে পোৱা যায়।

এই ছবিখন ওলোৱাৰ পিছতে সামাজিক মাধ্যমত ধুমুহাৰ সৃষ্টি হয়। নিজৰ টুইটাৰ হেণ্ডেলত এই টুইটটো শ্বেয়াৰ কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উপদেষ্টা কাঞ্চন গুপ্তাই এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ক অনুৰোধ জনায়।

উল্লেখ্য যে কিছুদিন পূৰ্বে ইউক্ৰেইনৰ উপ-বিদেশ মন্ত্ৰী ভাৰতলৈ আহিছিল। ভাৰত ভ্ৰমণৰ সময়ত ভল’ডিমাইৰ জেলেনস্কিৰ দূতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক দেশ ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনায়। যদিও ৰাছিয়া-ইউক্ৰেইন যুদ্ধত ভাৰতে নিৰপেক্ষ স্থিতি গ্ৰহণ কৰিছে, তথাপিও এই ঘটনাই ভাৰত আৰু ইউক্ৰেইনৰ সম্পৰ্কত প্ৰভাৱ পেলাব পাৰে বুলি আশংকা কৰা হৈছে। পিছত অৱশ্যে এই টুইটটো ডিলিট কৰা গ’ল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস