--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০০১ চনত মথুৰাৰ ৰেষ্টুৰেণ্টৰ মালিক শ্যাম লাভানিয়াই পুত্ৰৰ জন্মদিন উপলক্ষে কেইবাটাও শীতল পানীয়ৰ বটল ক্ৰয় কৰিছিল। ঘৰলৈ গৈ এনে এটা বটল খুলি গম পালে যে তেওঁ এটা বাম্পাৰ এৱাৰ্ড পাইছে। পুৰস্কাৰ আছিল ৫০ গ্ৰাম ওজনৰ ২২ কেৰেট সোণ।

কিন্তু এই পুৰস্কাৰ লাভ কৰিবলৈ তেওঁ ২২টা বসন্ত পাৰ কৰিবলগা হ’ল। কৰিব লগা হ’ল অশেষ আইনী যুঁজ৷ অৱশেষত অৱশেষত শ্যামে সেই পুৰস্কাৰটো পালে৷ 

২০০১ চনত পুৰস্কাৰটো লাভ কৰা বুলি জানিয়ে তেওঁ শীতল পানীয় কিনা দোকানখনলৈ যায়। দোকানীজনে খুচুৰা বিক্ৰেতা, পাইকাৰী বিক্ৰেতা আৰু আনুষংগিক শীতল পানীয় কোম্পানীসমূহৰ সৈতে যোগাযোগ কৰে। কিন্তু শ্যামে পুৰস্কাৰৰ সোণখিনি নাপালে। ইয়াৰ পিছতে শ্যামে জিলা গ্ৰাহক সুৰক্ষা বিভাগৰ কাষ চাপিছিল। গ্ৰাহক সুৰক্ষা বিভাগে শ্যামৰ সপক্ষে ৰায় দিয়ে। কিন্তু শীতল পানীয় নিৰ্মাতা কোম্পানীটোৱে এই ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চ গ্ৰাহক সুৰক্ষা আদালতলৈ যায়৷

এনেদৰেই দীঘলীয়া আইনী যুঁজ চলিল। শীতল পানীয় নিৰ্মাতা কোম্পানীটোৱে জনোৱা মতে, এই বঁটা দাবী কৰাৰ অন্তিম তাৰিখ আছিল ২০০১ চনৰ ৩০ এপ্ৰিল। কিন্তু নিৰ্ধাৰিত সময়ৰ ভিতৰত শ্যামে পুৰস্কাৰ দাবী নকৰিলে। সেয়েহে তেওঁ এই বঁটাৰ অধিকাৰী হ’ব নোৱাৰে।

অৱশেষত এই বঁটা লাভ কৰাৰ ২২ বছৰ পিছত গ্ৰাহক সুৰক্ষা আদালতে ৰায় দিয়ে যে শ্যামে শীতল পানীয় নিৰ্মাতা কোম্পানীটোক বঁটাটো দিব লাগিব। জৰিমনাও দিব লাগিব।

অষ্টম শ্ৰেণীলৈকে পঢ়া শ্যামে কয়, ‘মোৰ শিক্ষাগত অৰ্হতা অতি কম। পৰিস্থিতিৰ বাবে মই বহু দূৰ পঢ়িব পৰা নাছিলো। কিন্তু বহুদিনৰ পৰা মোৰ আইন, আদালতৰ প্ৰতি অতি উৎসাহ আছিল। গতিকে অধিবক্তাসকলক সুধি এই সন্দৰ্ভত সবিশেষ জানিব পাৰিলোঁ। মই জানিছিলোঁ যে তেনেকুৱা পুৰস্কাৰ নিদিয়াটো সম্পূৰ্ণ প্ৰতাৰণা। গতিকে গোচৰটো আগবঢ়াই লৈ গ’লোঁ৷ বহুতে মোক গোচৰটো বন্ধ কৰিবলৈ কৈছিল। সেয়া শুনা নাছিলো কাৰণ, মই নিশ্চিত আছিলো যে পুৰস্কাৰটো পাম। এই আশাৰে ২২ বছৰ যুঁজিলোঁ।’’

জানিব পৰা মতে গ্ৰাহক সুৰক্ষা আদালতৰ ৰায়দানৰ পিছতহে সংশ্লিষ্ট শীতল পানীয় প্ৰস্তুত কৰা কোম্পানীটোৱে শ্যামৰ সৈতে যোগাযোগ কৰিছিল। কোম্পানীটোৱে আদালতৰ বাহিৰত বিষয়টো নিষ্পত্তি কৰাৰ প্ৰস্তাৱ দিছিল। কিন্তু শ্যামে মান্তি নহ’ল। তেওঁ ক’ৰ্টৰ যুদ্ধত জয়ী হ’ব বিচাৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত চাইল্ড লাইন বিভাগৰ
অদ্ভুত ৰোগত আক্ৰান্ত মহিলা! দৈনিক ৭০খন ৰুটী খায়ো অনুভৱ কৰে তেওঁ একো খোৱা নাই
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী