--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০০১ চনত মথুৰাৰ ৰেষ্টুৰেণ্টৰ মালিক শ্যাম লাভানিয়াই পুত্ৰৰ জন্মদিন উপলক্ষে কেইবাটাও শীতল পানীয়ৰ বটল ক্ৰয় কৰিছিল। ঘৰলৈ গৈ এনে এটা বটল খুলি গম পালে যে তেওঁ এটা বাম্পাৰ এৱাৰ্ড পাইছে। পুৰস্কাৰ আছিল ৫০ গ্ৰাম ওজনৰ ২২ কেৰেট সোণ।

কিন্তু এই পুৰস্কাৰ লাভ কৰিবলৈ তেওঁ ২২টা বসন্ত পাৰ কৰিবলগা হ’ল। কৰিব লগা হ’ল অশেষ আইনী যুঁজ৷ অৱশেষত অৱশেষত শ্যামে সেই পুৰস্কাৰটো পালে৷ 

২০০১ চনত পুৰস্কাৰটো লাভ কৰা বুলি জানিয়ে তেওঁ শীতল পানীয় কিনা দোকানখনলৈ যায়। দোকানীজনে খুচুৰা বিক্ৰেতা, পাইকাৰী বিক্ৰেতা আৰু আনুষংগিক শীতল পানীয় কোম্পানীসমূহৰ সৈতে যোগাযোগ কৰে। কিন্তু শ্যামে পুৰস্কাৰৰ সোণখিনি নাপালে। ইয়াৰ পিছতে শ্যামে জিলা গ্ৰাহক সুৰক্ষা বিভাগৰ কাষ চাপিছিল। গ্ৰাহক সুৰক্ষা বিভাগে শ্যামৰ সপক্ষে ৰায় দিয়ে। কিন্তু শীতল পানীয় নিৰ্মাতা কোম্পানীটোৱে এই ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চ গ্ৰাহক সুৰক্ষা আদালতলৈ যায়৷

এনেদৰেই দীঘলীয়া আইনী যুঁজ চলিল। শীতল পানীয় নিৰ্মাতা কোম্পানীটোৱে জনোৱা মতে, এই বঁটা দাবী কৰাৰ অন্তিম তাৰিখ আছিল ২০০১ চনৰ ৩০ এপ্ৰিল। কিন্তু নিৰ্ধাৰিত সময়ৰ ভিতৰত শ্যামে পুৰস্কাৰ দাবী নকৰিলে। সেয়েহে তেওঁ এই বঁটাৰ অধিকাৰী হ’ব নোৱাৰে।

অৱশেষত এই বঁটা লাভ কৰাৰ ২২ বছৰ পিছত গ্ৰাহক সুৰক্ষা আদালতে ৰায় দিয়ে যে শ্যামে শীতল পানীয় নিৰ্মাতা কোম্পানীটোক বঁটাটো দিব লাগিব। জৰিমনাও দিব লাগিব।

অষ্টম শ্ৰেণীলৈকে পঢ়া শ্যামে কয়, ‘মোৰ শিক্ষাগত অৰ্হতা অতি কম। পৰিস্থিতিৰ বাবে মই বহু দূৰ পঢ়িব পৰা নাছিলো। কিন্তু বহুদিনৰ পৰা মোৰ আইন, আদালতৰ প্ৰতি অতি উৎসাহ আছিল। গতিকে অধিবক্তাসকলক সুধি এই সন্দৰ্ভত সবিশেষ জানিব পাৰিলোঁ। মই জানিছিলোঁ যে তেনেকুৱা পুৰস্কাৰ নিদিয়াটো সম্পূৰ্ণ প্ৰতাৰণা। গতিকে গোচৰটো আগবঢ়াই লৈ গ’লোঁ৷ বহুতে মোক গোচৰটো বন্ধ কৰিবলৈ কৈছিল। সেয়া শুনা নাছিলো কাৰণ, মই নিশ্চিত আছিলো যে পুৰস্কাৰটো পাম। এই আশাৰে ২২ বছৰ যুঁজিলোঁ।’’

জানিব পৰা মতে গ্ৰাহক সুৰক্ষা আদালতৰ ৰায়দানৰ পিছতহে সংশ্লিষ্ট শীতল পানীয় প্ৰস্তুত কৰা কোম্পানীটোৱে শ্যামৰ সৈতে যোগাযোগ কৰিছিল। কোম্পানীটোৱে আদালতৰ বাহিৰত বিষয়টো নিষ্পত্তি কৰাৰ প্ৰস্তাৱ দিছিল। কিন্তু শ্যামে মান্তি নহ’ল। তেওঁ ক’ৰ্টৰ যুদ্ধত জয়ী হ’ব বিচাৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে