--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৃত্যুৰ ভুৱা সংবাদেৰে শেহতীয়াকৈ চৰ্চাত আছিল পুনম পাণ্ডে। কিন্তু মডেলগৰাকী অকলশৰীয়া নহয়, পৰিচালক মহেশ ভাটে ১৯৯৪ চনতেই একে কাণ্ড কৰিছিল। সংবাদ মাধ্যমত বিজ্ঞাপন দি অভিনেত্ৰী মনীষা কইৰালাক ‘মৃত’ বুলি ঘোষণা কৰিছিল পৰিচালকে।

প্ৰায় ৩০ বছৰ আগৰ ঘটনা। সেই সময়ত মনীষাৰ কেৰিয়াৰৰ উত্থান ঘটিছিল। সেই সময়ত মহেশে মনীষা, নৰ্গজুনা আৰু ৰাম্যৰ সৈতে এখন ক্ৰাইম ছবি নিৰ্মাণ কৰিছিল। ছবিখনৰ নাম ‘ক্ৰিমিনেল’। এই ছবিখনত কুমাৰ শনুৱে গোৱা ‘তুম মিলে’ গীতটো এতিয়াও সমানেই জনপ্ৰিয়। মনীষাক ছবিখনত নৰ্গজুনৰ পত্নীৰ চৰিত্ৰত দেখা গৈছে। অৱশ্যে ছবিখনত তেওঁক পৰ্দাত বহুদিন দেখা পোৱা নাছিল। কাৰণ কাহিনীটোত অভিনেত্ৰীগৰাকীৰ চৰিত্ৰক হত্যা কৰা হৈছে। ছবিখনৰ ট্ৰেইলাৰ চোৱাৰ পিছত নৰ্গজুনাৰ চৰিত্ৰক লৈ সন্দেহৰ সৃষ্টি হয়। কিন্তু ছবিখন চোৱা সকলে জানে যে ছবিখনৰ আচল হত্যাকাৰী আছিল গুলশান গ্ৰ’ভাৰ।

সেই সময়ত ছবিখনৰ প্ৰচাৰ পৰিকল্পনাৰ অংশ হিচাপেই মহেশে কাকতত বিজ্ঞাপন দি মনীষাক মৃত ঘোষণা কৰিছিল। এই খবৰটোৱে যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিলে। শেষত যেতিয়া সত্যটো ওলাই আহিল, তেতিয়া পৰিচালকজনে সমালোচনাৰ সন্মুখীন হ’বলগীয়া হ’ল। আলিয়া ভাটৰ পিতৃৰ নামতো এই এফআইআৰ দাখিল কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক