--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৃত্যুৰ ভুৱা সংবাদেৰে শেহতীয়াকৈ চৰ্চাত আছিল পুনম পাণ্ডে। কিন্তু মডেলগৰাকী অকলশৰীয়া নহয়, পৰিচালক মহেশ ভাটে ১৯৯৪ চনতেই একে কাণ্ড কৰিছিল। সংবাদ মাধ্যমত বিজ্ঞাপন দি অভিনেত্ৰী মনীষা কইৰালাক ‘মৃত’ বুলি ঘোষণা কৰিছিল পৰিচালকে।

প্ৰায় ৩০ বছৰ আগৰ ঘটনা। সেই সময়ত মনীষাৰ কেৰিয়াৰৰ উত্থান ঘটিছিল। সেই সময়ত মহেশে মনীষা, নৰ্গজুনা আৰু ৰাম্যৰ সৈতে এখন ক্ৰাইম ছবি নিৰ্মাণ কৰিছিল। ছবিখনৰ নাম ‘ক্ৰিমিনেল’। এই ছবিখনত কুমাৰ শনুৱে গোৱা ‘তুম মিলে’ গীতটো এতিয়াও সমানেই জনপ্ৰিয়। মনীষাক ছবিখনত নৰ্গজুনৰ পত্নীৰ চৰিত্ৰত দেখা গৈছে। অৱশ্যে ছবিখনত তেওঁক পৰ্দাত বহুদিন দেখা পোৱা নাছিল। কাৰণ কাহিনীটোত অভিনেত্ৰীগৰাকীৰ চৰিত্ৰক হত্যা কৰা হৈছে। ছবিখনৰ ট্ৰেইলাৰ চোৱাৰ পিছত নৰ্গজুনাৰ চৰিত্ৰক লৈ সন্দেহৰ সৃষ্টি হয়। কিন্তু ছবিখন চোৱা সকলে জানে যে ছবিখনৰ আচল হত্যাকাৰী আছিল গুলশান গ্ৰ’ভাৰ।

সেই সময়ত ছবিখনৰ প্ৰচাৰ পৰিকল্পনাৰ অংশ হিচাপেই মহেশে কাকতত বিজ্ঞাপন দি মনীষাক মৃত ঘোষণা কৰিছিল। এই খবৰটোৱে যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিলে। শেষত যেতিয়া সত্যটো ওলাই আহিল, তেতিয়া পৰিচালকজনে সমালোচনাৰ সন্মুখীন হ’বলগীয়া হ’ল। আলিয়া ভাটৰ পিতৃৰ নামতো এই এফআইআৰ দাখিল কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু