--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক

ডপেলগেঙ্গাৰ! এই শব্দটো হয়তো আপুনি প্ৰায়েই  শুনিছে। ইয়াৰ  ইংৰাজী প্ৰতিশব্দ - doppelganger.   অৰ্থাৎ, যি জন আপোনাৰ দৰে দেখায়, অথবা এজন ব্যক্তিৰ সদৃশ আন এজন ব্যক্তি । এই শব্দৰ “যমজ” শব্দৰ অৰ্থৰ সৈতেও সাদৃশ্য আছে৷  ইয়াক যথেষ্ট বিভ্ৰান্তিও আছে৷  কিন্তু বিজ্ঞানৰ মতে  এইটো প্ৰকৃততে ডি এন এৰ এটা খেল।  যিসকলক লোক দেখাত একে  তেওঁলোকৰ শৰীৰৰ কোষবোৰত একে ধৰণৰ ডি এ এ বিয়পি আছে! অৰ্থাৎ, বিভ্ৰান্তিৰ আঁৰত আছে ডিএনএ ৷ 

ঘটনা এটাৰ পৰিপ্ৰেক্ষিতত এই  বিষয়টো হঠাতে আলোচনা কেন্দ্ৰবিন্দু হৈ পৰিছিল৷ চাৰ্লি চাছেন আৰু  মাইকেল মেলোন নামৰ ব্যক্তি দুজন  ১৯৯৭ চনত  আটলাণ্টাত চিনাকি হৈছিল৷ মেলোনে তাত চাছেনৰ বেণ্ডৰ অতিথি গায়ক হিচাপে কাম কৰিছিল। তেওঁলোক সোনকালেই বন্ধুত্ব হৈ পৰিছিল।   তেওঁলোক ইজনে সিজনৰ কথা পাতি থকাৰ সময়ত  তেওঁলোকৰ চাৰিওফালৰ লোকসকলে তেওঁলোক দুয়োকে চোৱাত ব্যস্ত হৈ পৰিছিল৷ 
 
শেষত  এইটো জনা গৈছিল, চাৰ্লি চাছেন, মাইকেল মেলোন হৈছে 'ডপেলগেঞ্জাৰ'! যদিও তেওঁলোক দুয়োৰে যথেষ্ট ৰূপগত সাদৃশ্য আছে, তেওঁলোক ইজনে সিজনৰ আত্মীয় নহয়।  আনকি দুয়োজনে নিজৰ বংশাৱলী পৰ্যালোচনা কৰি দেখিলে যে   তেওঁলোক অতি দূৰৱৰ্তী  আত্মীয়ও নহয়! যেতিয়া চাছেনৰ পূৰ্বপুৰুষসকল লিথুৱানিয়া বা স্কটলেণ্ডৰ পৰা আহি আছিল তেতিয়া মেলোনৰ পূৰ্বপুৰুষসকল বাহামা বা ডমিনিকান গণৰাজ্যৰ পৰা আহি আছিল।

এই ঘটনাৰ পিছৰে  পৰা, আনুবংশিক সম্পৰ্কৰ ওপৰত এক নতুন গৱেষণা আৰম্ভ হৈছে। যিদৰে শাৰীৰিক বৈপৰীত্যৰ  মাজতো ডি এন এৰ গুণ লুকাই  থাকে,  ঠিক তেনেদৰে বাহ্যিকভাৱে সাদৃশ্য থকা লোকসকলৰ জিনৰো সাদৃশ্য থাকে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক