--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক

ডপেলগেঙ্গাৰ! এই শব্দটো হয়তো আপুনি প্ৰায়েই  শুনিছে। ইয়াৰ  ইংৰাজী প্ৰতিশব্দ - doppelganger.   অৰ্থাৎ, যি জন আপোনাৰ দৰে দেখায়, অথবা এজন ব্যক্তিৰ সদৃশ আন এজন ব্যক্তি । এই শব্দৰ “যমজ” শব্দৰ অৰ্থৰ সৈতেও সাদৃশ্য আছে৷  ইয়াক যথেষ্ট বিভ্ৰান্তিও আছে৷  কিন্তু বিজ্ঞানৰ মতে  এইটো প্ৰকৃততে ডি এন এৰ এটা খেল।  যিসকলক লোক দেখাত একে  তেওঁলোকৰ শৰীৰৰ কোষবোৰত একে ধৰণৰ ডি এ এ বিয়পি আছে! অৰ্থাৎ, বিভ্ৰান্তিৰ আঁৰত আছে ডিএনএ ৷ 

ঘটনা এটাৰ পৰিপ্ৰেক্ষিতত এই  বিষয়টো হঠাতে আলোচনা কেন্দ্ৰবিন্দু হৈ পৰিছিল৷ চাৰ্লি চাছেন আৰু  মাইকেল মেলোন নামৰ ব্যক্তি দুজন  ১৯৯৭ চনত  আটলাণ্টাত চিনাকি হৈছিল৷ মেলোনে তাত চাছেনৰ বেণ্ডৰ অতিথি গায়ক হিচাপে কাম কৰিছিল। তেওঁলোক সোনকালেই বন্ধুত্ব হৈ পৰিছিল।   তেওঁলোক ইজনে সিজনৰ কথা পাতি থকাৰ সময়ত  তেওঁলোকৰ চাৰিওফালৰ লোকসকলে তেওঁলোক দুয়োকে চোৱাত ব্যস্ত হৈ পৰিছিল৷ 
 
শেষত  এইটো জনা গৈছিল, চাৰ্লি চাছেন, মাইকেল মেলোন হৈছে 'ডপেলগেঞ্জাৰ'! যদিও তেওঁলোক দুয়োৰে যথেষ্ট ৰূপগত সাদৃশ্য আছে, তেওঁলোক ইজনে সিজনৰ আত্মীয় নহয়।  আনকি দুয়োজনে নিজৰ বংশাৱলী পৰ্যালোচনা কৰি দেখিলে যে   তেওঁলোক অতি দূৰৱৰ্তী  আত্মীয়ও নহয়! যেতিয়া চাছেনৰ পূৰ্বপুৰুষসকল লিথুৱানিয়া বা স্কটলেণ্ডৰ পৰা আহি আছিল তেতিয়া মেলোনৰ পূৰ্বপুৰুষসকল বাহামা বা ডমিনিকান গণৰাজ্যৰ পৰা আহি আছিল।

এই ঘটনাৰ পিছৰে  পৰা, আনুবংশিক সম্পৰ্কৰ ওপৰত এক নতুন গৱেষণা আৰম্ভ হৈছে। যিদৰে শাৰীৰিক বৈপৰীত্যৰ  মাজতো ডি এন এৰ গুণ লুকাই  থাকে,  ঠিক তেনেদৰে বাহ্যিকভাৱে সাদৃশ্য থকা লোকসকলৰ জিনৰো সাদৃশ্য থাকে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু