--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টম দিনা ভগৱান শ্ৰীকৃষ্ণৰ জন্মদিন পালন কৰা হয়। শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ ঠিক ১৫ দিনৰ পাছত ভাদ্ৰপদ শুক্লৰ অষ্টমীৰ দিনা ৰাধাষ্টমী উৎসৱ পালন কৰা হয়। এই দিনটোতে ৰাধাজীৰ জন্ম হৈছিল। এইবাৰ ৪ ছেপ্টেম্বৰত পৰিছে ৰাধাষ্টমী। বিশেষকৈ মথুৰা, বৃন্দাবন, বৰসনা আদিত ৰাধাষ্টমী উৎসৱ অতি ধুমধামেৰে পালন কৰা হয়।

জ্যোতিষশাস্ত্ৰ অনুসৰি এই দিনটোত ৰাধাৰাণী আৰু ভগৱান শ্ৰীকৃষ্ণৰ পূজা কৰা হয়। এই দিনটোত ৰাধাৰাণীক পূজা কৰিলে, উপবাসে থাকিলে ঘৰত সুখ, সমৃদ্ধি আৰু শান্তি আহে। ৰাধাষ্টমীৰ তাৰিখ, পূজা পদ্ধতি আৰু গুৰুত্বৰ বিষয়ে জানো আহক।

ৰাধা অষ্টমী ২০২২ৰ শুভ মুহুৰ্ত

প্ৰতিটো তাৰিখ আৰু ব্ৰতৰ বিশেষ তাৎপৰ্য্য হিন্দু পঞ্জিকাত কোৱা হৈছে। এইবাৰ ৰাধাষ্টমী অহা ৪ ছেপ্টেম্বৰ ২০২২ তাৰিখে উদযাপন কৰা হ'ব। এই দিনটোতে অষ্টমী তিথি ৩ ছেপ্টেম্বৰ, ২০২২ তাৰিখে দুপৰীয়া ১২:২৫ বজাত আৰম্ভ হ’ব আৰু শেষ হ’ব ৪ ছেপ্টেম্বৰ, ২০২২ দেওবাৰে পুৱা ১০:৪০ বজাত। উদয়তিথি অনুসৰি অহা ৪ ছেপ্টেম্বৰত ৰাধা অষ্টমী উৎসৱ পালন কৰা হ’ব।

ৰাধাষ্টমী পূজা পদ্ধতি

হিন্দু ধৰ্মত ৰাধাষ্টমীৰ উপবাসক বিশেষ গুৰুত্ব দিয়া হৈছে। এই দিনটোত ৰাতিপুৱা গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধিব লাগে। ইয়াৰ পিছত পূজাস্থলীত পানীৰে ভৰা এটা কলহ ৰাখক। এখন চকীত ৰঙা বা হালধীয়া কাপোৰ মেৰিয়াই ৰাধাৰাণীৰ মূৰ্তি স্থাপন কৰক। ইয়াৰ পিছত ৰাধাৰাণীক পঞ্চমৃতেৰে গা ধুৱাই পৰিষ্কাৰ কাপোৰ পিন্ধাই দিব লাগে। ইয়াৰ পাছত তেওঁৰ শৃংগাৰ কৰিব লাগে।

পূজাৰ সময়ত ৰাধাৰাণীক ফলমূল, ফুল আদি অৰ্পণ কৰক। এই দিনটোত ৰাধাৰাণীৰ লগতে ভগৱান কৃষ্ণকো পূজা কৰা হয়। ৰাধা-কৃষ্ণৰ মন্ত্ৰ জপ কৰা হয়। শুনক ৰাধাষ্টমীৰ উপবাসৰ কাহিনী। শেষত ৰাধা-কৃষ্ণৰ আৰতি কৰি তেওঁলোকৰ পৰা শুদ্ধ মনেৰে আশীৰ্বাদ বিচাৰক। এয়াই হৈছে ৰাধাষ্টমী উৎসৱ পালন কৰাৰ বিধি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু