--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টম দিনা ভগৱান শ্ৰীকৃষ্ণৰ জন্মদিন পালন কৰা হয়। শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ ঠিক ১৫ দিনৰ পাছত ভাদ্ৰপদ শুক্লৰ অষ্টমীৰ দিনা ৰাধাষ্টমী উৎসৱ পালন কৰা হয়। এই দিনটোতে ৰাধাজীৰ জন্ম হৈছিল। এইবাৰ ৪ ছেপ্টেম্বৰত পৰিছে ৰাধাষ্টমী। বিশেষকৈ মথুৰা, বৃন্দাবন, বৰসনা আদিত ৰাধাষ্টমী উৎসৱ অতি ধুমধামেৰে পালন কৰা হয়।

জ্যোতিষশাস্ত্ৰ অনুসৰি এই দিনটোত ৰাধাৰাণী আৰু ভগৱান শ্ৰীকৃষ্ণৰ পূজা কৰা হয়। এই দিনটোত ৰাধাৰাণীক পূজা কৰিলে, উপবাসে থাকিলে ঘৰত সুখ, সমৃদ্ধি আৰু শান্তি আহে। ৰাধাষ্টমীৰ তাৰিখ, পূজা পদ্ধতি আৰু গুৰুত্বৰ বিষয়ে জানো আহক।

ৰাধা অষ্টমী ২০২২ৰ শুভ মুহুৰ্ত

প্ৰতিটো তাৰিখ আৰু ব্ৰতৰ বিশেষ তাৎপৰ্য্য হিন্দু পঞ্জিকাত কোৱা হৈছে। এইবাৰ ৰাধাষ্টমী অহা ৪ ছেপ্টেম্বৰ ২০২২ তাৰিখে উদযাপন কৰা হ'ব। এই দিনটোতে অষ্টমী তিথি ৩ ছেপ্টেম্বৰ, ২০২২ তাৰিখে দুপৰীয়া ১২:২৫ বজাত আৰম্ভ হ’ব আৰু শেষ হ’ব ৪ ছেপ্টেম্বৰ, ২০২২ দেওবাৰে পুৱা ১০:৪০ বজাত। উদয়তিথি অনুসৰি অহা ৪ ছেপ্টেম্বৰত ৰাধা অষ্টমী উৎসৱ পালন কৰা হ’ব।

ৰাধাষ্টমী পূজা পদ্ধতি

হিন্দু ধৰ্মত ৰাধাষ্টমীৰ উপবাসক বিশেষ গুৰুত্ব দিয়া হৈছে। এই দিনটোত ৰাতিপুৱা গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধিব লাগে। ইয়াৰ পিছত পূজাস্থলীত পানীৰে ভৰা এটা কলহ ৰাখক। এখন চকীত ৰঙা বা হালধীয়া কাপোৰ মেৰিয়াই ৰাধাৰাণীৰ মূৰ্তি স্থাপন কৰক। ইয়াৰ পিছত ৰাধাৰাণীক পঞ্চমৃতেৰে গা ধুৱাই পৰিষ্কাৰ কাপোৰ পিন্ধাই দিব লাগে। ইয়াৰ পাছত তেওঁৰ শৃংগাৰ কৰিব লাগে।

পূজাৰ সময়ত ৰাধাৰাণীক ফলমূল, ফুল আদি অৰ্পণ কৰক। এই দিনটোত ৰাধাৰাণীৰ লগতে ভগৱান কৃষ্ণকো পূজা কৰা হয়। ৰাধা-কৃষ্ণৰ মন্ত্ৰ জপ কৰা হয়। শুনক ৰাধাষ্টমীৰ উপবাসৰ কাহিনী। শেষত ৰাধা-কৃষ্ণৰ আৰতি কৰি তেওঁলোকৰ পৰা শুদ্ধ মনেৰে আশীৰ্বাদ বিচাৰক। এয়াই হৈছে ৰাধাষ্টমী উৎসৱ পালন কৰাৰ বিধি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক