--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পুনৰ আহিছে  মৃত্যুৰ ভাবুকি । কেৰালা বিজেপি কাৰ্যালয়ে আত্মঘাতী সন্ত্ৰাসবাদী আক্ৰমণেৰে  মোদীক  উৰুৱাই দিয়াৰ ভাবুকি লাভ কৰিছে।  মোদীয়ে সোমবাৰে কেৰালা ভ্ৰমণ কৰাৰ কথা আছে। ইয়াৰ পূৰ্বে অহা হত্যাৰ ভাবুকিৰ পৰিপ্ৰেক্ষতত ৰাজ্য প্ৰশাসন চিন্তিত হৈ পৰিছে। ভাবুকি পত্ৰখনক লৈ  ইতিমধ্যে এক উচ্চ-পৰ্যায়ৰ তদন্ত আৰম্ভ কৰা হৈছে।

 পত্ৰখনত কোৱা হৈছে যে কোচিত প্ৰধানমন্ত্ৰীৰ ওপৰত আক্ৰমণ চলোৱা  হ'ব। এনে পৰিস্থিতিত আৰক্ষীয়ে নিৰাপত্তা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে।প্ৰেৰকৰ নামো ভাবুকি পত্ৰতখনত উল্লেখ কৰা হৈছে । তেওঁ হৈছে এৰ্নাকুলামৰ বাসিন্দা যোচেফ জননাডুমুটিথিল। পত্ৰখনত কোৱা হৈছে যে মোদীৰ কেৰালা ভ্ৰমণৰ সময়ত তেওঁক লক্ষ্য কৰি  এটা আত্মঘাতী বোমা বিস্ফোৰণ ঘটোৱা হ’ব । আক্ৰমণটো কোচিত হ'ব পাৰে বুলিও পত্ৰ খনত উল্লেখ কৰা হৈছে।  গেৰুৱা দলটোৱে এনে ভাবুকি পত্ৰ পোৱাৰ পিছতে আৰক্ষীৰ কাষ চাপে। খবৰ পোৱাৰ  লগে লগে আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। জানিব পৰা মতে মোদীক হত্যাৰ ভাবুকি দিয়া অভিযুক্ত যোচেফ জননাডুমুত্তাথিলক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁ অৱশ্যে সকলো অভিযোগ অস্বীকাৰ কৰিছে।

যোচেফে কৈছে যে তেওঁ ভাবুকিপত্ৰখন লিখা নাই। কোনোবাই তেওঁক হাৰাশাস্তি  কৰিবলৈ তেওঁৰ নাম ব্যৱহাৰ কৰি এই পত্ৰখন লিখিছে। যোচেফে কয় "চিঠিখনত মোৰ নাম ব্যৱহাৰ কৰা হৈছে। অলপতে মই এগৰাকী মহিলাৰ সৈতে গীৰ্জাৰ কেতবোৰ বিষয়কলৈ  তৰ্ক কৰিছিলোঁ। তেওঁ মোক কঠোৰ ব্যৱস্থা লোৱাৰ  ভাবুকি দিছিল।’’ যোচেফে দাবী কৰিছে  যে সেই মহিলাগৰাকীয়েই তেওঁৰ নামত প্ৰধানমন্ত্ৰীলৈ মৃত্যুৰ ভাবুকিপত্ৰ খন  প্ৰেৰণ কৰিব পাৰে।

অৱশ্যে, কেন্দ্ৰীয় সংস্থাসমূহে মোদীৰ নিৰাপত্তাৰ ক্ষেত্ৰত কোনো সুৰুঙা ৰাখিব বিচৰা নাই। কোচিত সন্ত্ৰাসবাদ বিৰোধী  অভিযান আৰম্ভ কৰা হৈছে। সমগ্ৰ ৰাজ্যখনত কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। শেহতীয়াকৈ গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশত   কেন্দ্ৰীয় সংস্থাসমূহে পিএফআইৰ বিৰুদ্ধে দেশজুৰি অভিযান আৰম্ভ কৰিছে। পিএফআইক ইতিমধ্যে  নিষিদ্ধ ঘোষণা কৰা হৈছে।  এনে পৰিস্থিতিত  চোৰাংচোৱাই ভাবুকিপত্ৰখনক সহজভাৱে লোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন