--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পুনৰ আহিছে  মৃত্যুৰ ভাবুকি । কেৰালা বিজেপি কাৰ্যালয়ে আত্মঘাতী সন্ত্ৰাসবাদী আক্ৰমণেৰে  মোদীক  উৰুৱাই দিয়াৰ ভাবুকি লাভ কৰিছে।  মোদীয়ে সোমবাৰে কেৰালা ভ্ৰমণ কৰাৰ কথা আছে। ইয়াৰ পূৰ্বে অহা হত্যাৰ ভাবুকিৰ পৰিপ্ৰেক্ষতত ৰাজ্য প্ৰশাসন চিন্তিত হৈ পৰিছে। ভাবুকি পত্ৰখনক লৈ  ইতিমধ্যে এক উচ্চ-পৰ্যায়ৰ তদন্ত আৰম্ভ কৰা হৈছে।

 পত্ৰখনত কোৱা হৈছে যে কোচিত প্ৰধানমন্ত্ৰীৰ ওপৰত আক্ৰমণ চলোৱা  হ'ব। এনে পৰিস্থিতিত আৰক্ষীয়ে নিৰাপত্তা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে।প্ৰেৰকৰ নামো ভাবুকি পত্ৰতখনত উল্লেখ কৰা হৈছে । তেওঁ হৈছে এৰ্নাকুলামৰ বাসিন্দা যোচেফ জননাডুমুটিথিল। পত্ৰখনত কোৱা হৈছে যে মোদীৰ কেৰালা ভ্ৰমণৰ সময়ত তেওঁক লক্ষ্য কৰি  এটা আত্মঘাতী বোমা বিস্ফোৰণ ঘটোৱা হ’ব । আক্ৰমণটো কোচিত হ'ব পাৰে বুলিও পত্ৰ খনত উল্লেখ কৰা হৈছে।  গেৰুৱা দলটোৱে এনে ভাবুকি পত্ৰ পোৱাৰ পিছতে আৰক্ষীৰ কাষ চাপে। খবৰ পোৱাৰ  লগে লগে আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। জানিব পৰা মতে মোদীক হত্যাৰ ভাবুকি দিয়া অভিযুক্ত যোচেফ জননাডুমুত্তাথিলক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁ অৱশ্যে সকলো অভিযোগ অস্বীকাৰ কৰিছে।

যোচেফে কৈছে যে তেওঁ ভাবুকিপত্ৰখন লিখা নাই। কোনোবাই তেওঁক হাৰাশাস্তি  কৰিবলৈ তেওঁৰ নাম ব্যৱহাৰ কৰি এই পত্ৰখন লিখিছে। যোচেফে কয় "চিঠিখনত মোৰ নাম ব্যৱহাৰ কৰা হৈছে। অলপতে মই এগৰাকী মহিলাৰ সৈতে গীৰ্জাৰ কেতবোৰ বিষয়কলৈ  তৰ্ক কৰিছিলোঁ। তেওঁ মোক কঠোৰ ব্যৱস্থা লোৱাৰ  ভাবুকি দিছিল।’’ যোচেফে দাবী কৰিছে  যে সেই মহিলাগৰাকীয়েই তেওঁৰ নামত প্ৰধানমন্ত্ৰীলৈ মৃত্যুৰ ভাবুকিপত্ৰ খন  প্ৰেৰণ কৰিব পাৰে।

অৱশ্যে, কেন্দ্ৰীয় সংস্থাসমূহে মোদীৰ নিৰাপত্তাৰ ক্ষেত্ৰত কোনো সুৰুঙা ৰাখিব বিচৰা নাই। কোচিত সন্ত্ৰাসবাদ বিৰোধী  অভিযান আৰম্ভ কৰা হৈছে। সমগ্ৰ ৰাজ্যখনত কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। শেহতীয়াকৈ গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশত   কেন্দ্ৰীয় সংস্থাসমূহে পিএফআইৰ বিৰুদ্ধে দেশজুৰি অভিযান আৰম্ভ কৰিছে। পিএফআইক ইতিমধ্যে  নিষিদ্ধ ঘোষণা কৰা হৈছে।  এনে পৰিস্থিতিত  চোৰাংচোৱাই ভাবুকিপত্ৰখনক সহজভাৱে লোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে