--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মিজোৰামত সংঘটিত হৈছে শোকাৱহ পথ দুৰ্ঘটনা। পিকআপ ভান আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ। এই দুৰ্ঘটনাত ৫ জন লোক নিহত হয়। ৬ জন লোক গুৰুতৰভাৱে আহত হয়।

মিজোৰামৰ মামিত জিলাৰ পশ্চিম ফেলেং চহৰত এই শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এখন পিকআপ ভান আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়। ফলত ৫ জন লোকৰ মৃত্যু হয়। জানিব পৰা মতে ৰাজীৱ নগৰৰ পৰা মাৰপাৰালৈ গৈ আছিল পিকআপ ভান খন। সেই সময়তে ট্ৰাকখনৰ সৈতে মুখামুখি সংঘৰ্ষ হয়। ২৪ জন লোকক কঢ়িয়াই আনিছিল বাহনখনে।

দুৰ্ঘটনাটোৰ ফলত থিতাতে তিনিজন লোকৰ মৃত্যু হয়। ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ আহত ৩ জনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। কিন্তু চিকিৎসালয়লৈ নিয়াৰ পথতেই আন দুজনৰ মৃত্যু হয়।

মৃত লোকসকলক দেৱ কুমাৰ চাকমা, বোনোমোটা, আয়ুশী চাকমা, চিকি চাকমা আৰু কাজলা বুলি চিনাক্ত কৰা হৈছে। আৰু আন এজন চিকিৎসাধীন অৱস্থাত আছে। গুৰুতৰভাৱে আহত ৬ জনক আইজলৰ অসামৰিক চিকিৎসালয়লৈ অনা হয়। 

দুৰ্ঘটনাটোৰ পিছতে মিজোৰামৰ আগশাৰীৰ এন জি অ’ ইয়ং মিজো এছ’চিয়েশ্যনৰ সদস্যসকল মানুহকেইজনৰ উদ্ধাৰৰ বাবে আগবাঢ়ি আহে। এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পেলাইছে। সকলোৱে আহত কেইজনৰ আশু আৰোগ্য কামনা কৰিছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে