--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মিজোৰামত সংঘটিত হৈছে শোকাৱহ পথ দুৰ্ঘটনা। পিকআপ ভান আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ। এই দুৰ্ঘটনাত ৫ জন লোক নিহত হয়। ৬ জন লোক গুৰুতৰভাৱে আহত হয়।

মিজোৰামৰ মামিত জিলাৰ পশ্চিম ফেলেং চহৰত এই শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এখন পিকআপ ভান আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়। ফলত ৫ জন লোকৰ মৃত্যু হয়। জানিব পৰা মতে ৰাজীৱ নগৰৰ পৰা মাৰপাৰালৈ গৈ আছিল পিকআপ ভান খন। সেই সময়তে ট্ৰাকখনৰ সৈতে মুখামুখি সংঘৰ্ষ হয়। ২৪ জন লোকক কঢ়িয়াই আনিছিল বাহনখনে।

দুৰ্ঘটনাটোৰ ফলত থিতাতে তিনিজন লোকৰ মৃত্যু হয়। ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ আহত ৩ জনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। কিন্তু চিকিৎসালয়লৈ নিয়াৰ পথতেই আন দুজনৰ মৃত্যু হয়।

মৃত লোকসকলক দেৱ কুমাৰ চাকমা, বোনোমোটা, আয়ুশী চাকমা, চিকি চাকমা আৰু কাজলা বুলি চিনাক্ত কৰা হৈছে। আৰু আন এজন চিকিৎসাধীন অৱস্থাত আছে। গুৰুতৰভাৱে আহত ৬ জনক আইজলৰ অসামৰিক চিকিৎসালয়লৈ অনা হয়। 

দুৰ্ঘটনাটোৰ পিছতে মিজোৰামৰ আগশাৰীৰ এন জি অ’ ইয়ং মিজো এছ’চিয়েশ্যনৰ সদস্যসকল মানুহকেইজনৰ উদ্ধাৰৰ বাবে আগবাঢ়ি আহে। এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পেলাইছে। সকলোৱে আহত কেইজনৰ আশু আৰোগ্য কামনা কৰিছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা