--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  খালিস্তানী  নেতা অমৃতপাল সিঙে আত্মসমৰ্পণ কৰিব নালাগে, ইয়াৰ পৰিৱৰ্তে  পাকিস্তানলৈ পলাই গৈ  তাত আশ্ৰয় ল'ব লাগে। এই মন্তব্য শিৰোমণি আকালি দলৰ মুৰব্বী তথা সাংসদ চিমৰণজিৎ সিং মানৰ।  মানৰ এনে  মন্তব্যই এতিয়া  বিতৰ্কৰ সৃষ্টি কৰিছে।  সাংসদ মানে কয়  কয়, "অমৃতপালে ইৰাৱতী নদী পাৰ হৈ আত্মসমৰ্পণ কৰাৰ পৰিৱৰ্তে পাকিস্তানত আশ্ৰয় ল'ব লাগে।" 

এইনেদৰে মন্তব্য কৰাৰ সময়ত আকালি দলৰ মুৰব্বীগৰাকীয়ে ১৯৮৪  চনৰ প্ৰসংগও উত্থাপন কৰে। তেওঁ কয় "আমিও ১৯৮৪ চনত পাকিস্তানলৈ গৈছিলো, যোৱা নাছিলো নেকি? অমৃতপালে সেই ইতিহাস  মনত পেলাই  পাকিস্তানলৈ পলাই যাব লাগে। কিয়নো তেওঁৰ জীৱন এতিয়া বিপদৰ মাজত আছে। চৰকাৰেও আমাক 'দমন' কৰিবলৈ চেষ্টা কৰি আছে। "

যিটো সময়ত পঞ্জাৱ আৰক্ষীয়ে খালিস্তানী নেতাজনক ধৰিবলৈ অভিযান অব্যাহত ৰাখিছে সেই সময়তে আকালি প্ৰধানৰ মন্তব্যই প্ৰতিক্ৰিয়াৰ  সৃষ্টি কৰিছে। যিটো সময়ত অমৃতপালে আত্মসমৰ্পণ কৰিব নে নকৰে তাক লৈ যথেষ্ট জল্পনা-কল্পনা চলি আছে, তেনে  সময়ত সাংসদগৰাকীয়ে কৰা এনে মন্তব্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা স্বাভাৱিক। উল্লেখ্য  খালিস্তানী  নেতা অমৃতপাল সিঙে অমৃতসৰৰ  স্বৰ্ণ মন্দিৰত আত্মসমৰ্পণ কৰাৰ পৰিকল্পনা কৰাৰ বাতৰিৰ মাজতে বুধবাৰে সন্ধিয়া   অমৃতসৰৰ আৰক্ষী আয়ুক্তই কয় যে তেওঁৰ ওচৰত এতিয়ালৈকে এই বিষয়ত  কোনো তথ্য নাই। 

ৱাৰিছ পাঞ্জাৱ দেৰ মুৰব্বী আৰু পলাতক অমৃতপাল সিঙে ১০ দিনতকৈও অধিক সময় ধৰি পলাতক হৈ আছে। অৱশ্যে, শেহতীয়াকৈ একাংশ  সংবাদ মাধ্যমৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে তেওঁ  শিখসকলৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ মন্দিৰ স্বৰ্ণ  মন্দিৰত পঞ্জাৱ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিব পাৰে।

 অমৃতসৰৰ আৰক্ষী আয়ুক্ত নৌনীহাল সিঙে কয়, "আমাৰ ওচৰত এই সন্দৰ্ভত কোনো তথ্য নাই । কিন্তু আমি এই তথ্য প্ৰচাৰ কৰা সংবাদ মাধ্যমৰ প্ৰতিবেদনৰ বিষয়ে অৱগত হৈছো।"তেওঁ এইবুলিও  কয় যে বৰ্তমানৰ উৎসৱৰ বতৰত ভিৰৰ বাবে মন্দিৰৰ চাৰিওফালে নিৰাপত্তা  কটকটীয়া কৰা হৈছে। ’’ইপিনে অমৃতপালে এটা বাৰ্তা প্ৰেৰণ কৰিছে যে তেওঁ আত্মসমৰ্পণ কৰাৰ কোনো প্ৰশ্নই নুঠে। অমৃতপাল ১৮ মাৰ্চৰ পৰা পলাতক হৈ আছে। আৰক্ষীয়ে যোৱা ১২ দিন ধৰি তেওঁক খেদি ফুৰিছে। অমৃতপালক কেতিয়াবা হাৰিয়ানাত, কেতিয়াবা দিল্লী, উত্তৰ প্ৰদেশ আৰু কেতিয়াবা পঞ্জাৱত দেখা গৈছে বুলি বিভিন্ন মাধ্যমত খবৰ প্ৰকাশ পাই আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এমাহত ভাৰতৰ বাণিজ্যিক ঘাটি ১৫৫ কোটি ডলাৰ বৃদ্ধি; ৰপ্তানিতকৈ বাঢ়িছে আমদানিৰ পৰিমাণ
গ্রাহকলৈ ‘ৰিলায়েন্স ডিজিটেল’ৰ বিশেষ অফাৰ
ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰতিবেদন; লালকিল্লাত বিস্ফোৰণ ঘটাইছিল আল-কায়দাই
সৰুপথাৰত মৰ্মান্তিক ঘটনা; মুকলিকৈ পৰি থকা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি শিশুৰ মৃত্যু
চকুত কাপোৰ বান্ধি ৫৫ ছেকেণ্ডতে ১৪ গৰাকী মহান ব্যক্তিৰ ছবি চিনাক্ত! 'অসম বুক অৱ ৰেকৰ্ডছ'ত নাম অন্তৰ্ভুক্ত গৌৰীপুৰৰ কণমানি ইফা হকৰ
মেৰাপানীত দোকানৰ পৰা ২০ হাজাৰ টকা চুৰি কৰা চোৰক উত্তম মধ্যম ৰাইজৰ
অসম প্ৰিমিয়াৰ লীগ: নগাঁও ৰেঞ্জাৰ্চৰ বিৰুদ্ধে ৭০ ৰানৰ বৃহৎ বিজয় সাব্যস্ত বৰপেটা ব্ৰেভছৰ
শীঘ্ৰেই মুকলি হ’ব হৰমুজ প্রণালী; ইৰান-ওমানৰ মাজত বুজাবুজি
বানে সৃষ্টি কৰা সমস্যা দূৰ কৰিবলৈ ‘অসম বান-সহায় সেতু’ নিৰ্মাণ যুৱ উদ্যোগী প্ৰীতম ৰঞ্জন ডেকাৰ
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
ভাৰতত জীৱন বীমা পলিচিৰ ম্যাদ উকলি যোৱাৰ পূৰ্বে ধন উলিওৱাৰ বৰ্ধিত প্ৰৱণতা
গোলাঘাটত অৰুণোদয় আঁচনিৰ বঞ্চনাক লৈ মহিলাৰ প্ৰতিবাদ
আসামত বানপানীৰ ক্ষতি নিৰ্ধাৰণত প্ৰযুক্তিৰ ব্যৱহাৰ: দ্ৰুত আৰু স্বচ্ছ মূল্যায়নৰ বাবে চৰকাৰৰ পদক্ষেপ
অসমত বিশ্বৰ প্ৰথমটো জিপিএছ-ভিত্তিক প্ৰণালীৰ উন্মোচনৰ প্ৰস্তুতি