--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  খালিস্তানী  নেতা অমৃতপাল সিঙে আত্মসমৰ্পণ কৰিব নালাগে, ইয়াৰ পৰিৱৰ্তে  পাকিস্তানলৈ পলাই গৈ  তাত আশ্ৰয় ল'ব লাগে। এই মন্তব্য শিৰোমণি আকালি দলৰ মুৰব্বী তথা সাংসদ চিমৰণজিৎ সিং মানৰ।  মানৰ এনে  মন্তব্যই এতিয়া  বিতৰ্কৰ সৃষ্টি কৰিছে।  সাংসদ মানে কয়  কয়, "অমৃতপালে ইৰাৱতী নদী পাৰ হৈ আত্মসমৰ্পণ কৰাৰ পৰিৱৰ্তে পাকিস্তানত আশ্ৰয় ল'ব লাগে।" 

এইনেদৰে মন্তব্য কৰাৰ সময়ত আকালি দলৰ মুৰব্বীগৰাকীয়ে ১৯৮৪  চনৰ প্ৰসংগও উত্থাপন কৰে। তেওঁ কয় "আমিও ১৯৮৪ চনত পাকিস্তানলৈ গৈছিলো, যোৱা নাছিলো নেকি? অমৃতপালে সেই ইতিহাস  মনত পেলাই  পাকিস্তানলৈ পলাই যাব লাগে। কিয়নো তেওঁৰ জীৱন এতিয়া বিপদৰ মাজত আছে। চৰকাৰেও আমাক 'দমন' কৰিবলৈ চেষ্টা কৰি আছে। "

যিটো সময়ত পঞ্জাৱ আৰক্ষীয়ে খালিস্তানী নেতাজনক ধৰিবলৈ অভিযান অব্যাহত ৰাখিছে সেই সময়তে আকালি প্ৰধানৰ মন্তব্যই প্ৰতিক্ৰিয়াৰ  সৃষ্টি কৰিছে। যিটো সময়ত অমৃতপালে আত্মসমৰ্পণ কৰিব নে নকৰে তাক লৈ যথেষ্ট জল্পনা-কল্পনা চলি আছে, তেনে  সময়ত সাংসদগৰাকীয়ে কৰা এনে মন্তব্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা স্বাভাৱিক। উল্লেখ্য  খালিস্তানী  নেতা অমৃতপাল সিঙে অমৃতসৰৰ  স্বৰ্ণ মন্দিৰত আত্মসমৰ্পণ কৰাৰ পৰিকল্পনা কৰাৰ বাতৰিৰ মাজতে বুধবাৰে সন্ধিয়া   অমৃতসৰৰ আৰক্ষী আয়ুক্তই কয় যে তেওঁৰ ওচৰত এতিয়ালৈকে এই বিষয়ত  কোনো তথ্য নাই। 

ৱাৰিছ পাঞ্জাৱ দেৰ মুৰব্বী আৰু পলাতক অমৃতপাল সিঙে ১০ দিনতকৈও অধিক সময় ধৰি পলাতক হৈ আছে। অৱশ্যে, শেহতীয়াকৈ একাংশ  সংবাদ মাধ্যমৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে তেওঁ  শিখসকলৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ মন্দিৰ স্বৰ্ণ  মন্দিৰত পঞ্জাৱ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিব পাৰে।

 অমৃতসৰৰ আৰক্ষী আয়ুক্ত নৌনীহাল সিঙে কয়, "আমাৰ ওচৰত এই সন্দৰ্ভত কোনো তথ্য নাই । কিন্তু আমি এই তথ্য প্ৰচাৰ কৰা সংবাদ মাধ্যমৰ প্ৰতিবেদনৰ বিষয়ে অৱগত হৈছো।"তেওঁ এইবুলিও  কয় যে বৰ্তমানৰ উৎসৱৰ বতৰত ভিৰৰ বাবে মন্দিৰৰ চাৰিওফালে নিৰাপত্তা  কটকটীয়া কৰা হৈছে। ’’ইপিনে অমৃতপালে এটা বাৰ্তা প্ৰেৰণ কৰিছে যে তেওঁ আত্মসমৰ্পণ কৰাৰ কোনো প্ৰশ্নই নুঠে। অমৃতপাল ১৮ মাৰ্চৰ পৰা পলাতক হৈ আছে। আৰক্ষীয়ে যোৱা ১২ দিন ধৰি তেওঁক খেদি ফুৰিছে। অমৃতপালক কেতিয়াবা হাৰিয়ানাত, কেতিয়াবা দিল্লী, উত্তৰ প্ৰদেশ আৰু কেতিয়াবা পঞ্জাৱত দেখা গৈছে বুলি বিভিন্ন মাধ্যমত খবৰ প্ৰকাশ পাই আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
দলগাঁৱত ড্ৰেগন খেতি কৰি স্বাৱলম্বী জৰীপ আলী
বিজুলি চমকে কিন্তু নপৰে বজ্ৰপাত,মেঘে গৰ্জে কিন্তু বৰষুণ নহয় !
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন