--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ত্ৰিপুৰা বিধানসভাৰ  অধিৱেশনৰ সময়তে এজন বিজেপি বিধায়কে পৰ্ণ ছবি উপভোগ কৰাকলৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।  ত্ৰিপুৰাৰ বিজেপি বিধায়ক যাদৱলাল নাথৰ পৰ্ণ কাণ্ড  ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে বিভিন্ন জনে নানান মন্তব্য কৰিছে।  বিধায়কজনৰ কাৰ্যত  ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মানিক সাহাও লজ্জিত হৈ পৰিছে।

ৰাজনৈতিক ক্ষেত্ৰৰ  বাহিৰেও ঘটনাটোৱে মনোৰঞ্জন জগততো প্ৰভাৱ পেলাইছে। দক্ষিণৰ অভিনেতা প্ৰকাশ ৰাজে যাদৱলাল নাথৰ এই ভিডিঅ'টো চোৱাৰ পিছত বিজেপিক তীব্ৰ সমালোচনা কৰিছে।

যাদৱলাল নাথৰ ঘটনাটো চোৱাৰ পিছত অভিনেতা  প্ৰকাশ ৰাজে  বিজেপিক সমালোচনা কৰাৰ লগতে  তেওঁৰ সামাজিক মাধ্যমৰ পৃষ্ঠাতো  ভিডিঅ'টো শ্বেয়াৰ কৰিছে। তেওঁ টুইটাৰত লিখিছিল, "ব্লুজেপি, ধিক্কাৰ তোমালোকক!"

উল্লেখ্য ত্ৰিপুৰা বিজেপিৰ সভাপতি ৰাজীৱ  ভট্টাচাৰ্যই ইতিমধ্যে বিধায়কজনৰ বিৰুদ্ধে জাননী জাৰি কৰিছে। তেওঁৰ কাৰ্যৰ  বাবে তেওঁক দায়বদ্ধ কৰা হ'ব বুলি  ত্ৰিপুৰা বিজেপিৰ সভাপতিগৰাকীয়ে কয়। বিধায়কজনৰ ঘনিষ্ঠসূত্ৰই দাবী কৰা অনুসৰি যাদৱ লাল নাথে গোটেই ঘটনাটোক তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে।

 উল্লেখ্য ত্ৰিপুৰাৰ  বাগবাচা সমষ্টিৰ বিজেপি বিধায়ক যাদব লাল নাথে বিধানসভাৰ অধিৱেশন চলি থকাৰ সময়তে   পৰ্ণ ছবি উপভোগ কৰি থকাৰ দৃশ্য কেমেৰাত ধৰা পৰিছিল। ত্ৰিপুৰাৰ বিজেপি বিধায়কগৰাকীয়ে  বিধানসভাৰ অধিৱেশনৰ সময়তে  পৰ্ণ উপভোগ কৰি থকাৰ এটা ভিডিঅ' ছচিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছিল।

এই ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছত ত্ৰিপুৰা বিধানসভাৰ অধ্যক্ষই বিজেপি বাধায়ক জনৰ বিৰুদ্ধে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব৷ ইপিনে এগৰাকী জনপ্ৰতিনিধিয়েই সন্মানীয় সদনৰ ভিতৰত পৰ্ণ ছবি উপভোগ কৰি থকাৰ কথাই সাধাৰণ মানুহকো চিন্তিত কৰি তুলিছে৷ এনে বিধায়কৰ পৰা বেছি একো আশা কৰিব নোৱাৰি বুলি বহুতে মন্তব্য কৰিছে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
ভূত বঙলাত পৰিণত সুধাকণ্ঠৰ কলকাতাৰ বাসগৃহ
গুৱাহাটীত পুনৰ সংঘটিত ভয়ংকৰ ঘটনা ;অত্যাধিক ড্ৰাগ্ছ সেৱন কৰি মৃত্যু যুৱকৰ
শীঘ্ৰেই বজাৰলৈ ৰাছিয়াৰ কেঞ্চাৰৰ ভেকচিন
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত