--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ত্ৰিপুৰা বিধানসভাৰ  অধিৱেশনৰ সময়তে এজন বিজেপি বিধায়কে পৰ্ণ ছবি উপভোগ কৰাকলৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।  ত্ৰিপুৰাৰ বিজেপি বিধায়ক যাদৱলাল নাথৰ পৰ্ণ কাণ্ড  ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে বিভিন্ন জনে নানান মন্তব্য কৰিছে।  বিধায়কজনৰ কাৰ্যত  ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মানিক সাহাও লজ্জিত হৈ পৰিছে।

ৰাজনৈতিক ক্ষেত্ৰৰ  বাহিৰেও ঘটনাটোৱে মনোৰঞ্জন জগততো প্ৰভাৱ পেলাইছে। দক্ষিণৰ অভিনেতা প্ৰকাশ ৰাজে যাদৱলাল নাথৰ এই ভিডিঅ'টো চোৱাৰ পিছত বিজেপিক তীব্ৰ সমালোচনা কৰিছে।

যাদৱলাল নাথৰ ঘটনাটো চোৱাৰ পিছত অভিনেতা  প্ৰকাশ ৰাজে  বিজেপিক সমালোচনা কৰাৰ লগতে  তেওঁৰ সামাজিক মাধ্যমৰ পৃষ্ঠাতো  ভিডিঅ'টো শ্বেয়াৰ কৰিছে। তেওঁ টুইটাৰত লিখিছিল, "ব্লুজেপি, ধিক্কাৰ তোমালোকক!"

উল্লেখ্য ত্ৰিপুৰা বিজেপিৰ সভাপতি ৰাজীৱ  ভট্টাচাৰ্যই ইতিমধ্যে বিধায়কজনৰ বিৰুদ্ধে জাননী জাৰি কৰিছে। তেওঁৰ কাৰ্যৰ  বাবে তেওঁক দায়বদ্ধ কৰা হ'ব বুলি  ত্ৰিপুৰা বিজেপিৰ সভাপতিগৰাকীয়ে কয়। বিধায়কজনৰ ঘনিষ্ঠসূত্ৰই দাবী কৰা অনুসৰি যাদৱ লাল নাথে গোটেই ঘটনাটোক তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে।

 উল্লেখ্য ত্ৰিপুৰাৰ  বাগবাচা সমষ্টিৰ বিজেপি বিধায়ক যাদব লাল নাথে বিধানসভাৰ অধিৱেশন চলি থকাৰ সময়তে   পৰ্ণ ছবি উপভোগ কৰি থকাৰ দৃশ্য কেমেৰাত ধৰা পৰিছিল। ত্ৰিপুৰাৰ বিজেপি বিধায়কগৰাকীয়ে  বিধানসভাৰ অধিৱেশনৰ সময়তে  পৰ্ণ উপভোগ কৰি থকাৰ এটা ভিডিঅ' ছচিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছিল।

এই ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছত ত্ৰিপুৰা বিধানসভাৰ অধ্যক্ষই বিজেপি বাধায়ক জনৰ বিৰুদ্ধে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব৷ ইপিনে এগৰাকী জনপ্ৰতিনিধিয়েই সন্মানীয় সদনৰ ভিতৰত পৰ্ণ ছবি উপভোগ কৰি থকাৰ কথাই সাধাৰণ মানুহকো চিন্তিত কৰি তুলিছে৷ এনে বিধায়কৰ পৰা বেছি একো আশা কৰিব নোৱাৰি বুলি বহুতে মন্তব্য কৰিছে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?