--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাছিয়াৰ সৈন্যক ৰুধিবলৈ চলোৱা ইউক্ৰইন সেনাৰ বীৰত্বই এতিয়া বিশ্ববাসীৰ মাজত যথেষ্ট চৰ্চা চলিছে৷ দেশপ্ৰেমৰ নিৰ্দশনে উব্ধুদ্ধ ইউক্ৰেইন সেনাই ৰাছিয়াৰ সৈন্যৰ সন্মুখতো আত্মসমৰ্পন কৰা নাছিল৷ ১৩গৰাকী ইউক্ৰইন সৈন্যৰ সেই দুঃসাহসিক কাৰ্যৰ ভিডিঅ' ছ'চিয়েল মিডিয়াযোগে ভাইৰেল হৈছিল৷ ইউক্ৰেইনৰ নৌসেনাই সংবাদ মাধ্যমৰ আগত কয় যে ৰাছিয়াৰ বাহিনীৰ আক্ৰমণৰ সন্মুখীন হৈ অস্ত্ৰ-শস্ত্ৰ নিক্ষেপ কৰিবলৈ অস্বীকাৰ কৰাৰ বাবে প্ৰশংসিত হোৱা স্নেক দ্বীপত থকা ইউক্ৰেইনৰ সৈনিকসকলক জীৱিত অৱস্থাত বন্দী কৰা হৈছিল৷ অৱশ্যে তেঁওলোকক হত্যা কৰা হোৱা নাছিল। কেইদিনমান আগতে এটা ভিডিঅ' অনলাইনত প্ৰকাশ পাইছিল য'ত ১৩ জন ইউক্ৰেনীয় সৈন্যই ৰাছিয়ান বাহিনীৰ সন্মুখত আত্মসমৰ্পণ কৰিবলৈ অস্বীকাৰ কৰা দেখা গৈছিল। ৰাছিয়াৰ যুদ্ধজাহাজখনে কৃষ্ণ সাগৰৰ দ্বীপটোত থকা সৈনিকসকলক সতৰ্ক কৰি দিয়া শুনা গৈছিল 'মই পৰামৰ্শ দিওঁ যে আপুনি আপোনাৰ অস্ত্ৰ-শস্ত্ৰ সামৰি আত্মসমৰ্পণ কৰিব। অন্যথা, আপোনাক আক্ৰমণ কৰা হ'ব।' প্ৰায় সাত ছেকেণ্ডৰ নীৰৱতাৰ পাছত ইউক্ৰেইনৰ সামৰিক দলটোৱে উত্তৰ দিছিল: "ৰাছিয়াৰ যুদ্ধজাহাজ, নিজে ইফালে সিফালে যাওক।"

১৩ জন সীমান্তৰক্ষীৰ বাবে 'ইউক্ৰেইনৰ নায়ক' সন্মান ঘোষণা

ইউক্ৰেইন চৰকাৰে পাছত সকলো ১৩ জন সীমান্তৰক্ষীৰ বাবে 'ইউক্ৰেইনৰ নায়ক' সন্মান ঘোষণা কৰিছিল। অৱশ্যে, নৌসেনাই নিশ্চিত কৰিছে যে তেওঁলোকক ৰাছিয়াৰ বাহিনীয়ে জীৱিত অৱস্থাত বন্দী কৰিছিল। আঞ্চলিক প্ৰশাসনৰ মুৰব্বী ওলেগ চাইনেগুবভে কয় যে সোমবাৰে ইউক্ৰেইনৰ খাৰকিভ চহৰৰ আৱাসিক জিলাসমূহত ৰাছিয়াৰ বাহিনীৰ ৰকেট আক্ৰমণত কমেও ১১ জন লোক নিহত হয়। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ইউৰোপীয় ৰাজ্যৰ ওপৰত হোৱা আটাইতকৈ ডাঙৰ আক্ৰমণত ৰাছিয়াই যোৱা সপ্তাহত ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছত উত্তৰ-পূবৰ চহৰখন, ইউক্ৰেইনৰ দ্বিতীয় সৰ্ববৃহৎ চহৰখন অন্যতম মুখ্য যুদ্ধক্ষেত্ৰ হৈ পৰিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
৪ বছৰত ২৫ হাজাৰ একৰ ভূমি বেদখলৰ পৰা মুক্ত হ’ল: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
ত্রি-মুকুট অৰ্জনৰ দিশে পি এছ জি
অষ্ট্ৰেলিয়া ভ্ৰমণলৈ ভাৰতৰ মহিলা দল ঘোষণা ; অসমৰ উমা চেত্ৰীৰ স্থান লাভ
গুৱাহাটীত অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাত দেশৰ ১৫ খন ৰাজ্যৰ প্ৰায় ১৮০ গৰাকী ল’ৰা-ছোৱালীৰ অংশগ্ৰহণ
গীতে-মাতে জীপাল হ'ল কুঠৰীস্থিত ড° ভূপেন হাজৰিকাৰ পৰিত্যক্ত বাসগৃহ
পিতৃৰ তিনিটাকৈ গুলীত ঢলি পৰিল উদীয়মান টেনিছ তাৰকা, কিন্তু কিয় সংঘটিত হ'ল এই ঘটনা ?
প্ৰটিন দেহত কমিলে নানা ক্ষতি হয়! জানি লওক সৱিশেষ
আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰিলে ডিগবৈৰ পাঁচ গৰাকী উদ্যমী মহিলাই
আমেৰিকাৰ ছিকাগ’ত তিনিদিনীয়া বিশেষ কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অসম অভিৱৰ্তন ২০২৫
এইবাৰ মহিলাই নেতৃত্ব দিব বিজেপিক, দক্ষিণৰ তিনিগৰাকী নেত্ৰীৰ নাম চৰ্চাত
বলীউডে সুশান্তৰ দৰে কাৰ্তিকক আঁতৰাবলৈ চেষ্টা কৰিছে! সংগীত পৰিচালক অমল মালিকৰ দাবী
আমেৰিকাত সোণ জিনিলে জামুগুৰিহাটৰ কন্দৰ্প বৰাই
৫০০০ কিল'মিটাৰ দূৰত্বৰ পৰা ছেটেলাইটৰ জৰিয়তে সম্পন্ন কৰিলে ৰ'বটিক ছাৰ্জাৰী
প্রধানমন্ত্রী মোদীক ট্ৰিনিডাড-টবেগোৰো সর্বোচ্চ সন্মান