--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মা, মই ইউক্ৰেইনত আছোঁ। এতিয়া যুদ্ধই ইয়াত তীব্ৰ ৰূপ ধাৰণ ৰূপ ধাৰণ কৰিছে । মা, মোৰ ভয় হৈছে। আমি সকলো নগৰ-মহানগৰতে বোমাবৰ্ষণ কৰিছোঁ। আনকি সাধাৰণ লোকৰ ওপৰতো আক্ৰমণ কৰিবলগীয়া হৈছে। যুদ্ধভূমিৰ পৰা এগৰাকী ৰুছ সৈনিকে দিয়া বাৰ্তা এয়া। মৰমী মাতৃলৈ এই বাৰ্তা দিয়া সৈনিকগৰাকীৰ জীৱন কাঢ়ি নিলে এই ৰক্তক্ষয়ী সংঘাতে। ৰাছিয়াৰ প্ৰচণ্ড আক্ৰমণে ইউক্ৰেইনক এফালৰ পৰা তচনচ কৰি নিয়াৰ সময়তে এনেদৰে যুদ্ধভূমিক অকাল মৃত্যুক সাবটি ল’বলগীয়া হোৱা সৈনিকৰ জীৱনৰ কাহিনীয়ে এতিয়া সকলোৰে চকু সেমেকাই তুলিছে।  যু্দ্ধত যিয়েই নিজিকক কিয়, ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ দম্ভ অটুত থাকক বা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ প্ৰতিৰোধ সফল হৈ পৰক, মূল্য কিন্তু ভৰিব লাগিব এইসকল সৈনিকেই। দুয়োখন চুবুৰীয়া দেশৰ তুমুল যুদ্ধত এতিয়ালৈ কেইবাসহস্ৰ সৈনিকে প্ৰাণ হেৰুৱাইছে। আক্ৰমণৰ বলি হোৱা ইউক্ৰেইনৰ যিমান ক্ষতি হৈছে প্ৰত্যাক্ৰমণত ৰাছিয়াৰো ক্ষতি হৈছে প্ৰায় সমানে। ইউক্ৰেইনে দাবী কৰা মতে প্ৰায় ৫ সহস্ৰ ৰুছ সৈন্য তেওঁলোকৰ প্ৰত্যাক্ৰমণত নিহত হৈছে। এই পৰিস্থিতি মানৱীয়তাৰ দৃষ্টিৰে চালে এক অতি নিদাৰুণ পৰিস্থিতি। যুদ্ধভূমিত বৈৰী দেশৰ সাধাৰণ লোকৰ দুৰ্দশা, তেওঁলোকৰ অকাল জীৱন পাতৰ কাৰুণ্য দেখি অসহায় হৈ পৰা এগৰাকী সৈনিকৰ বাৰ্তাই তেওঁৰ সংবেদনশীলতা যিদৰে প্ৰকট কৰি তুলিছে, ঠিক একেদৰে তেওঁৰ মানৱীয়তাবোধকো জিলিকাই তুলিছে। যি মানৱীয়তাৰ বোধ বা সহানুভূতি দেখিবলৈ পোৱা হোৱা নাই পুটিনৰ দৰে নেতাৰ মুখত। যুদ্ধৰ উন্মাদনাৰে তেওঁলোক উন্মাদ। শক্তি প্ৰদৰ্শনৰ যুঁজত তেওঁলোক উদ্বাউল। যাৰ মূল্য ভৰিছে এইসকল সৈনিকে। যিয়ে কৰ্তব্যৰ তাগিদাত মানুহৰ প্ৰাণ ল’বলগীয়া হৈছে, দিবলগীয়া হৈছে প্ৰাণ! ৰাছিয়া-ইউক্ৰেইন সংকটৰ মাজতে ৰাষ্ট্ৰসংঘই অনুষ্ঠিত কৰা বিশেষ জৰুৰী বৈঠকত ইউক্ৰেইনৰ ৰাষ্ট্ৰদূতগৰাকীয়ে ৰুছ সৈন্যগৰাকীয়ে মাতৃলৈ প্ৰেৰণ কৰা এই মেছেজ পঢ়ি শুনায়। তেওঁ উল্লেখ কৰে যে, যেতিয়া সৈনিকগৰাকীৰ মাতৃয়ে তেওঁলৈ মেছেজ প্ৰেৰণ কৰিছিল যে, তেওঁৰ পুত্ৰই কিয় তেওঁৰ সৈতে যোগাযোগ কৰা নাই? তেওঁলৈ এটা পাৰ্চেল পঠিয়াবলগীয়া আছে। তাৰ উত্তৰত সৈনিকগৰাকীয়ে কয়, তেওঁ ইউক্ৰেইনত আছে আৰু তেওঁ এনে পৰিস্থিতিৰ সন্মুখীন হৈছে যে, তেওঁ চিপজৰী লৈ মৰিব খোজে। তেওঁ মাতৃলৈ দিয়া মেছেজত লিখিছে যে, আমি ভাবিছিলোঁ ইউক্ৰেইনৰ জনগণে আমাক স্বাগতম জনাব। কিন্তু তেওঁলোকে আমাৰ সশস্ত্ৰ যুদ্ধযান বোৰৰ সন্মুখত আহি থিয় দিছেহি। তেওঁলোকে আমাৰ পথ ৰুদ্ধ কৰিবলৈ এই অতিকায় বাহনবোৰৰ তলত পৰি গৈছে যাতে আমি পাৰ হৈ যাব নোৱাৰোঁ। তেওঁলোকে আমাক ফেচিষ্ট আখ্যা দিছে। এয়া অতি কঠিন পৰিস্থিতি মা। উল্লেখ্য যে, যুদ্ধ আৰম্ভ হোৱাৰ পূৰ্বে সৈনিকগৰাকী ক্ৰিমেয়াত কৰ্তব্যৰত হৈ আছিল আছিল আৰু তেওঁ ঘৰলৈ উভতি যোৱাৰ কথা আছিল। কিন্তু তেওঁৰ মাতৃকৰ কাষলৈ যোৱা নহ’ল। যুদ্ধৰ ক’লা ছায়াই তেওঁক গ্ৰাস কৰি পেলালে। অন্তহীন হৈ পৰিল এগৰাকী মাতৃৰ পুত্ৰলৈ কৰা অপেক্ষা। এই পৰিস্থিতিয়ে যুদ্ধৰ শেষ পৰিণতিকে যেন সোঁৱৰাই দিছে। যুদ্ধক্ষেত্ৰত নিজৰ আক্ৰমণত মানুহৰ মৃত্যু দেখি বিচলিত হৈ পৰা এগৰাকী সৈনিকে অৱশেষত সেই পৰিণতিৰেই মুখামুখি হ’বলগীয়া হৈছে। এই কৰুণতা আৰু মানুহৰ মূল্যৱান জীৱনৰ এনে অৰ্থহীন আৰু ব্যাপত অপচয়ে বিশ্বৰ যুদ্ধোন্মাদ নেতাসকলক বিচলিত কৰিব পাৰিবনে?

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু