--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মা, মই ইউক্ৰেইনত আছোঁ। এতিয়া যুদ্ধই ইয়াত তীব্ৰ ৰূপ ধাৰণ ৰূপ ধাৰণ কৰিছে । মা, মোৰ ভয় হৈছে। আমি সকলো নগৰ-মহানগৰতে বোমাবৰ্ষণ কৰিছোঁ। আনকি সাধাৰণ লোকৰ ওপৰতো আক্ৰমণ কৰিবলগীয়া হৈছে। যুদ্ধভূমিৰ পৰা এগৰাকী ৰুছ সৈনিকে দিয়া বাৰ্তা এয়া। মৰমী মাতৃলৈ এই বাৰ্তা দিয়া সৈনিকগৰাকীৰ জীৱন কাঢ়ি নিলে এই ৰক্তক্ষয়ী সংঘাতে। ৰাছিয়াৰ প্ৰচণ্ড আক্ৰমণে ইউক্ৰেইনক এফালৰ পৰা তচনচ কৰি নিয়াৰ সময়তে এনেদৰে যুদ্ধভূমিক অকাল মৃত্যুক সাবটি ল’বলগীয়া হোৱা সৈনিকৰ জীৱনৰ কাহিনীয়ে এতিয়া সকলোৰে চকু সেমেকাই তুলিছে।  যু্দ্ধত যিয়েই নিজিকক কিয়, ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ দম্ভ অটুত থাকক বা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ প্ৰতিৰোধ সফল হৈ পৰক, মূল্য কিন্তু ভৰিব লাগিব এইসকল সৈনিকেই। দুয়োখন চুবুৰীয়া দেশৰ তুমুল যুদ্ধত এতিয়ালৈ কেইবাসহস্ৰ সৈনিকে প্ৰাণ হেৰুৱাইছে। আক্ৰমণৰ বলি হোৱা ইউক্ৰেইনৰ যিমান ক্ষতি হৈছে প্ৰত্যাক্ৰমণত ৰাছিয়াৰো ক্ষতি হৈছে প্ৰায় সমানে। ইউক্ৰেইনে দাবী কৰা মতে প্ৰায় ৫ সহস্ৰ ৰুছ সৈন্য তেওঁলোকৰ প্ৰত্যাক্ৰমণত নিহত হৈছে। এই পৰিস্থিতি মানৱীয়তাৰ দৃষ্টিৰে চালে এক অতি নিদাৰুণ পৰিস্থিতি। যুদ্ধভূমিত বৈৰী দেশৰ সাধাৰণ লোকৰ দুৰ্দশা, তেওঁলোকৰ অকাল জীৱন পাতৰ কাৰুণ্য দেখি অসহায় হৈ পৰা এগৰাকী সৈনিকৰ বাৰ্তাই তেওঁৰ সংবেদনশীলতা যিদৰে প্ৰকট কৰি তুলিছে, ঠিক একেদৰে তেওঁৰ মানৱীয়তাবোধকো জিলিকাই তুলিছে। যি মানৱীয়তাৰ বোধ বা সহানুভূতি দেখিবলৈ পোৱা হোৱা নাই পুটিনৰ দৰে নেতাৰ মুখত। যুদ্ধৰ উন্মাদনাৰে তেওঁলোক উন্মাদ। শক্তি প্ৰদৰ্শনৰ যুঁজত তেওঁলোক উদ্বাউল। যাৰ মূল্য ভৰিছে এইসকল সৈনিকে। যিয়ে কৰ্তব্যৰ তাগিদাত মানুহৰ প্ৰাণ ল’বলগীয়া হৈছে, দিবলগীয়া হৈছে প্ৰাণ! ৰাছিয়া-ইউক্ৰেইন সংকটৰ মাজতে ৰাষ্ট্ৰসংঘই অনুষ্ঠিত কৰা বিশেষ জৰুৰী বৈঠকত ইউক্ৰেইনৰ ৰাষ্ট্ৰদূতগৰাকীয়ে ৰুছ সৈন্যগৰাকীয়ে মাতৃলৈ প্ৰেৰণ কৰা এই মেছেজ পঢ়ি শুনায়। তেওঁ উল্লেখ কৰে যে, যেতিয়া সৈনিকগৰাকীৰ মাতৃয়ে তেওঁলৈ মেছেজ প্ৰেৰণ কৰিছিল যে, তেওঁৰ পুত্ৰই কিয় তেওঁৰ সৈতে যোগাযোগ কৰা নাই? তেওঁলৈ এটা পাৰ্চেল পঠিয়াবলগীয়া আছে। তাৰ উত্তৰত সৈনিকগৰাকীয়ে কয়, তেওঁ ইউক্ৰেইনত আছে আৰু তেওঁ এনে পৰিস্থিতিৰ সন্মুখীন হৈছে যে, তেওঁ চিপজৰী লৈ মৰিব খোজে। তেওঁ মাতৃলৈ দিয়া মেছেজত লিখিছে যে, আমি ভাবিছিলোঁ ইউক্ৰেইনৰ জনগণে আমাক স্বাগতম জনাব। কিন্তু তেওঁলোকে আমাৰ সশস্ত্ৰ যুদ্ধযান বোৰৰ সন্মুখত আহি থিয় দিছেহি। তেওঁলোকে আমাৰ পথ ৰুদ্ধ কৰিবলৈ এই অতিকায় বাহনবোৰৰ তলত পৰি গৈছে যাতে আমি পাৰ হৈ যাব নোৱাৰোঁ। তেওঁলোকে আমাক ফেচিষ্ট আখ্যা দিছে। এয়া অতি কঠিন পৰিস্থিতি মা। উল্লেখ্য যে, যুদ্ধ আৰম্ভ হোৱাৰ পূৰ্বে সৈনিকগৰাকী ক্ৰিমেয়াত কৰ্তব্যৰত হৈ আছিল আছিল আৰু তেওঁ ঘৰলৈ উভতি যোৱাৰ কথা আছিল। কিন্তু তেওঁৰ মাতৃকৰ কাষলৈ যোৱা নহ’ল। যুদ্ধৰ ক’লা ছায়াই তেওঁক গ্ৰাস কৰি পেলালে। অন্তহীন হৈ পৰিল এগৰাকী মাতৃৰ পুত্ৰলৈ কৰা অপেক্ষা। এই পৰিস্থিতিয়ে যুদ্ধৰ শেষ পৰিণতিকে যেন সোঁৱৰাই দিছে। যুদ্ধক্ষেত্ৰত নিজৰ আক্ৰমণত মানুহৰ মৃত্যু দেখি বিচলিত হৈ পৰা এগৰাকী সৈনিকে অৱশেষত সেই পৰিণতিৰেই মুখামুখি হ’বলগীয়া হৈছে। এই কৰুণতা আৰু মানুহৰ মূল্যৱান জীৱনৰ এনে অৰ্থহীন আৰু ব্যাপত অপচয়ে বিশ্বৰ যুদ্ধোন্মাদ নেতাসকলক বিচলিত কৰিব পাৰিবনে?

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু