--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাগ্যৰ নিষ্ঠুৰ বিড়ম্বনা! এফালে, স্বামীক য়েমেনত উগ্ৰপন্থীয়ে অপহৰণ কৰাৰ লগতে আৰু আনফালে তেওঁৰ পত্নী যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত আৱদ্ধ হৈ আছে। কেৰালাৰ আলাপুঝা জিলাৰ চেপ্পাদ গাঁৱৰ বাসিন্দা অখিল ৰঘু। তেঁওৰ বয়স ২৫ বছৰ। জানিব পৰা মতে তেওঁ এটা বিদেশী জাহাজ কোম্পানীত কৰ্মৰত হৈ আছে৷ জানিব পৰা মতে যোৱা বছৰৰ ৩১ ডিচেম্বৰত তেওঁ কামৰ বাবেই য়েমেনলৈ গৈছিল আৰু তাতেই হুথি উগ্ৰপন্থীয়ে তেওঁক অপহৰণ কৰিছিল। তেওঁ এতিয়াও উগ্ৰপন্থীৰ কবলত আছে। আনহাতে, ৰঘুৰ পত্নী জিতিনা এগৰাকী চিকিৎসা বিজ্ঞানত অধ্যয়নৰত বিদ্যাৰ্থী। তেঁও অলপতে শিক্ষাগ্ৰহণৰ বাবে ইউক্ৰেইনলৈ গৈছিল। যুদ্ধবিধ্বস্ত ইউক্ৰেইনত বাংকাৰত এতিয়া তেওঁ আৱদ্ধ হৈ আছে। অখিল আৰু জিতিনাই যোৱা বছৰ আগষ্টত বিবাহপাশত আৱদ্ধ হৈছিল। তাৰ পিছত ৰঘু ছেপ্টেম্বৰত য়েমেনলৈ ৰাওনা হয়। জিতিনাই ইউক্ৰেইনলৈও ভ্ৰমণ কৰিছিল। কিন্তু এই কেইমাহমানৰ ভিতৰতে, দুয়োজনৰ জীৱন এক অনাকাংশিত ভৱিষ্যতত উপনীত হৈছে৷

ইউক্ৰেইনত থাকোতে তেওঁৰ স্বামী অখিলৰ অপহৰণৰ খবৰ

জিতিনাই ইউক্ৰেইনত থাকোতে তেওঁৰ স্বামী অখিলৰ অপহৰণৰ খবৰ লাভ কৰিছিল। তেতিয়াৰ পৰাই তেওঁ ভয় আৰু শংকাৰে জীয়াই আছে। কিন্তু তেওঁ কল্পনাও কৰিব পৰা নাছিল যে তেওঁ এনে এক ভয়ংকৰ পৰিস্থিতিৰ ভুক্তভোগী হ'ব। অখিলৰ ভায়েক ৰাহুলে কয়, 'দাদাই কৈছে যে তেওঁ সুৰক্ষিত। কিন্তু তথাপিও দাদা আৰু আন ১৪ জনক উদ্ধাৰ কৰাৰ কোনো ব্যৱস্থা কৰা হোৱা নাই।' অখিল আৰু জিতিনাৰ পৰিয়ালে অভিযোগ কৰিছিল যে কেন্দ্ৰীয় মন্ত্ৰী, সাংসদ আৰু বিধায়কসকলক বাৰে বাৰে অনুৰোধ কৰাৰ পাছতো একো কৰা হোৱা নাই। যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ কিভ মেডিকেল বিশ্ববিদ্যালয়ৰ বাংকাৰত বহি জিতিনাই ঘৰলৈ উভতি যাবলৈ অপেক্ষা কৰি আছে। লগতে অখিলৰ পৰিয়ালে তেওঁক উদ্ধাৰ কৰিবলৈ সকলো প্ৰচেষ্টা চলাই আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক