--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাগ্যৰ নিষ্ঠুৰ বিড়ম্বনা! এফালে, স্বামীক য়েমেনত উগ্ৰপন্থীয়ে অপহৰণ কৰাৰ লগতে আৰু আনফালে তেওঁৰ পত্নী যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত আৱদ্ধ হৈ আছে। কেৰালাৰ আলাপুঝা জিলাৰ চেপ্পাদ গাঁৱৰ বাসিন্দা অখিল ৰঘু। তেঁওৰ বয়স ২৫ বছৰ। জানিব পৰা মতে তেওঁ এটা বিদেশী জাহাজ কোম্পানীত কৰ্মৰত হৈ আছে৷ জানিব পৰা মতে যোৱা বছৰৰ ৩১ ডিচেম্বৰত তেওঁ কামৰ বাবেই য়েমেনলৈ গৈছিল আৰু তাতেই হুথি উগ্ৰপন্থীয়ে তেওঁক অপহৰণ কৰিছিল। তেওঁ এতিয়াও উগ্ৰপন্থীৰ কবলত আছে। আনহাতে, ৰঘুৰ পত্নী জিতিনা এগৰাকী চিকিৎসা বিজ্ঞানত অধ্যয়নৰত বিদ্যাৰ্থী। তেঁও অলপতে শিক্ষাগ্ৰহণৰ বাবে ইউক্ৰেইনলৈ গৈছিল। যুদ্ধবিধ্বস্ত ইউক্ৰেইনত বাংকাৰত এতিয়া তেওঁ আৱদ্ধ হৈ আছে। অখিল আৰু জিতিনাই যোৱা বছৰ আগষ্টত বিবাহপাশত আৱদ্ধ হৈছিল। তাৰ পিছত ৰঘু ছেপ্টেম্বৰত য়েমেনলৈ ৰাওনা হয়। জিতিনাই ইউক্ৰেইনলৈও ভ্ৰমণ কৰিছিল। কিন্তু এই কেইমাহমানৰ ভিতৰতে, দুয়োজনৰ জীৱন এক অনাকাংশিত ভৱিষ্যতত উপনীত হৈছে৷

ইউক্ৰেইনত থাকোতে তেওঁৰ স্বামী অখিলৰ অপহৰণৰ খবৰ

জিতিনাই ইউক্ৰেইনত থাকোতে তেওঁৰ স্বামী অখিলৰ অপহৰণৰ খবৰ লাভ কৰিছিল। তেতিয়াৰ পৰাই তেওঁ ভয় আৰু শংকাৰে জীয়াই আছে। কিন্তু তেওঁ কল্পনাও কৰিব পৰা নাছিল যে তেওঁ এনে এক ভয়ংকৰ পৰিস্থিতিৰ ভুক্তভোগী হ'ব। অখিলৰ ভায়েক ৰাহুলে কয়, 'দাদাই কৈছে যে তেওঁ সুৰক্ষিত। কিন্তু তথাপিও দাদা আৰু আন ১৪ জনক উদ্ধাৰ কৰাৰ কোনো ব্যৱস্থা কৰা হোৱা নাই।' অখিল আৰু জিতিনাৰ পৰিয়ালে অভিযোগ কৰিছিল যে কেন্দ্ৰীয় মন্ত্ৰী, সাংসদ আৰু বিধায়কসকলক বাৰে বাৰে অনুৰোধ কৰাৰ পাছতো একো কৰা হোৱা নাই। যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ কিভ মেডিকেল বিশ্ববিদ্যালয়ৰ বাংকাৰত বহি জিতিনাই ঘৰলৈ উভতি যাবলৈ অপেক্ষা কৰি আছে। লগতে অখিলৰ পৰিয়ালে তেওঁক উদ্ধাৰ কৰিবলৈ সকলো প্ৰচেষ্টা চলাই আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ