ডিজিটেল ডেস্ক: গোলকগঞ্জত সংঘটিত হৈছে এক জঘন্য কাণ্ড। এগৰাকী নাবালিকা কিশোৰীক ধৰ্ষণৰ প্ৰচেষ্টা এজন ইৰিক্সা চালকৰ। ইৰিক্সা চালকজন ফজৰ আলী বুলি চিনাক্ত।
গোলকগঞ্জৰ সাত নম্বৰ ৱাৰ্ডৰ এগৰাকী নাবালিকাই চাউল গুড়ি কৰিবলৈ গৈছিল জাহাংগীৰ আলী মণ্ডলৰ মিলত। মিলত কোনো নথকাৰ সুযোগ লৈ লম্পট ফজৰ আলীয়ে কিশোৰীগৰাকীক বলপূৰ্বক ধৰ্ষণৰ চেষ্টা চলায়।
কিশোৰী গৰাকীয়ে চিঞৰ-বাখৰ কৰি নিজ গৃহলৈ দৌৰ মাৰে। আনহাতে লম্পট ফজৰ আলীয়ে নিজ ইৰিক্সালৈ গৌৰীপুৰ অভিমুখে পলায়নৰ প্ৰচেষ্টা চলায়।
গোলকগঞ্জ আৰক্ষীয়ে দুমৰদহৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা লম্পট ইৰিক্সা চালক ফজৰ আলীক আটক কৰে। আনহাতে মিলৰ মালিক জাহাংগীৰ আলী মণ্ডল পলাতক হৈ আছে।