--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰু কিমান তললৈ যাব? আপোনাৰ কোনো লাজ নাই? এনেদৰেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নীতিশ কুমাৰক মহিলাৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ বাবে সমালোচনা কৰিলে। মধ্য প্ৰদেশত নিৰ্বাচনী  প্ৰচাৰ চলোৱাৰ সময়তে মোদীয়ে কয় যে ইণ্ডিয়া এলায়েন্সৰ এজন গুৰুত্বপূৰ্ণ নেতাই বিধানসভাত থিয় হৈ মহিলাৰ বিৰুদ্ধে অশালীন মন্তব্য কৰি আছে। কিন্তু ভাৰত মিত্ৰজোঁটৰ কোনো নেতাই এই মন্তব্যৰ বিৰুদ্ধে মাত মাতিব পৰা নাই। মোদীয়ে বিহাৰৰ মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰে, "আপুনি কিমান তললৈ নামিব পাৰে?"

প্ৰধানমন্ত্ৰীয়ে বুধবাৰে মধ্য প্ৰদেশত  নিৰ্বাচনী প্ৰচাৰ চলায়। মোদীয়ে কয়  "ইণ্ডিয়া মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ নেতাসকলে ৰাজ্যিক বিধানসভাত থিয় হৈ মহিলাৰ বিৰুদ্ধে অশালীন মন্তব্য কৰিছে। অহংকাৰী মিত্ৰতাত কাৰো যেন  কোনো লাজ নাই। ইণ্ডিয়া এলায়েন্সৰ  এজনো নেতাই এই মন্তব্যক গৰিহণা দিয়া নাই। যিসকলৰ মহিলাৰ বিৰুদ্ধে এনে মানসিকতা আছে তেওঁলোকে আপোনাৰ  উন্নতি কৰিব পাৰিবনে? আমাৰ মাতৃ আৰু ভগ্নীসকলৰ প্ৰতি এনে ধৰণৰ মনোভাৱ প্ৰকৃততে দেশক অপমান কৰাৰ সমান। ?" 

উল্লেখ্য বিহাৰৰ মুখ্যমন্ত্ৰীয়ে জনসংখ্যা নিয়ন্ত্ৰণত মহিলাৰ শিক্ষা আৰু ভূমিকাৰ বিষয়ে ক’বলৈ গৈ বিতৰ্কিত মন্তব্য কৰিছিল। তেওঁ বিধানসভাত কৈছিল, "পুৰুষসকলে প্ৰতি নিশা এয়া  কৰে  আৰু তেতিয়াই অধিক কেঁচুৱা জন্ম হয়। কিন্তু যদি ছোৱালীবোৰে অধ্যয়ন কৰে তেওঁলোকে এই বিষয়ত সচেতন হ’ব পাৰিব... ’’। নীতিশে দাবী কৰিছিল যে তেওঁ মহিলাসকলৰ বাবে যৌন শিক্ষাৰ প্ৰয়োজনীয়তাৰ বিষয়ে ক’ব  বিচাৰিছিল।
 
নীতিশ কুমাৰৰ এনে  মন্তব্যৰ পিছতে  তীব্ৰ বিতৰ্ক হৈছিল। বিৰোধী বিধায়কসকলে বিহাৰ বিধানসভাত প্ৰতিবাদ সাব্যস্ত কৰিছিল। বিৰোধীৰ হেঁচাত নীতিশে ক্ষমা বিচাৰিবলৈ বাধ্য হৈছে। তেওঁ বুধবাৰে কয় , "মই যি কৈছিলো সেয়া প্ৰত্যাহাৰ কৰিছো। মোৰ কথাৰ ভুল ব্যাখ্যা কৰা হৈছে। মই মহিলাৰ যৌন শিক্ষাৰ বিষয়ে কথা পাতি আছিলো। কিন্তু মোৰ কথাবোৰে কাৰোবাক  আঘাত কৰিছে যদি  মই ক্ষমা বিচাৰিছো। "





FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ