--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰু কিমান তললৈ যাব? আপোনাৰ কোনো লাজ নাই? এনেদৰেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নীতিশ কুমাৰক মহিলাৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ বাবে সমালোচনা কৰিলে। মধ্য প্ৰদেশত নিৰ্বাচনী  প্ৰচাৰ চলোৱাৰ সময়তে মোদীয়ে কয় যে ইণ্ডিয়া এলায়েন্সৰ এজন গুৰুত্বপূৰ্ণ নেতাই বিধানসভাত থিয় হৈ মহিলাৰ বিৰুদ্ধে অশালীন মন্তব্য কৰি আছে। কিন্তু ভাৰত মিত্ৰজোঁটৰ কোনো নেতাই এই মন্তব্যৰ বিৰুদ্ধে মাত মাতিব পৰা নাই। মোদীয়ে বিহাৰৰ মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰে, "আপুনি কিমান তললৈ নামিব পাৰে?"

প্ৰধানমন্ত্ৰীয়ে বুধবাৰে মধ্য প্ৰদেশত  নিৰ্বাচনী প্ৰচাৰ চলায়। মোদীয়ে কয়  "ইণ্ডিয়া মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ নেতাসকলে ৰাজ্যিক বিধানসভাত থিয় হৈ মহিলাৰ বিৰুদ্ধে অশালীন মন্তব্য কৰিছে। অহংকাৰী মিত্ৰতাত কাৰো যেন  কোনো লাজ নাই। ইণ্ডিয়া এলায়েন্সৰ  এজনো নেতাই এই মন্তব্যক গৰিহণা দিয়া নাই। যিসকলৰ মহিলাৰ বিৰুদ্ধে এনে মানসিকতা আছে তেওঁলোকে আপোনাৰ  উন্নতি কৰিব পাৰিবনে? আমাৰ মাতৃ আৰু ভগ্নীসকলৰ প্ৰতি এনে ধৰণৰ মনোভাৱ প্ৰকৃততে দেশক অপমান কৰাৰ সমান। ?" 

উল্লেখ্য বিহাৰৰ মুখ্যমন্ত্ৰীয়ে জনসংখ্যা নিয়ন্ত্ৰণত মহিলাৰ শিক্ষা আৰু ভূমিকাৰ বিষয়ে ক’বলৈ গৈ বিতৰ্কিত মন্তব্য কৰিছিল। তেওঁ বিধানসভাত কৈছিল, "পুৰুষসকলে প্ৰতি নিশা এয়া  কৰে  আৰু তেতিয়াই অধিক কেঁচুৱা জন্ম হয়। কিন্তু যদি ছোৱালীবোৰে অধ্যয়ন কৰে তেওঁলোকে এই বিষয়ত সচেতন হ’ব পাৰিব... ’’। নীতিশে দাবী কৰিছিল যে তেওঁ মহিলাসকলৰ বাবে যৌন শিক্ষাৰ প্ৰয়োজনীয়তাৰ বিষয়ে ক’ব  বিচাৰিছিল।
 
নীতিশ কুমাৰৰ এনে  মন্তব্যৰ পিছতে  তীব্ৰ বিতৰ্ক হৈছিল। বিৰোধী বিধায়কসকলে বিহাৰ বিধানসভাত প্ৰতিবাদ সাব্যস্ত কৰিছিল। বিৰোধীৰ হেঁচাত নীতিশে ক্ষমা বিচাৰিবলৈ বাধ্য হৈছে। তেওঁ বুধবাৰে কয় , "মই যি কৈছিলো সেয়া প্ৰত্যাহাৰ কৰিছো। মোৰ কথাৰ ভুল ব্যাখ্যা কৰা হৈছে। মই মহিলাৰ যৌন শিক্ষাৰ বিষয়ে কথা পাতি আছিলো। কিন্তু মোৰ কথাবোৰে কাৰোবাক  আঘাত কৰিছে যদি  মই ক্ষমা বিচাৰিছো। "





FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু