--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইছলামিক জিহাদৰ নামত এতিয়া বিশ্বৰ বিভিন্ন দেশত মুছলমান লোককেই হত্যা কৰি থকা হৈছে। শেহতীয়াকৈ  কাবুলত এখন বাছত সংঘটিত ভয়ংকৰ বিস্ফোৰণত চিয়া  সম্প্ৰদায়ৰ সাতজন লোক  নিহত হৈছে। ইছলামিক ষ্টেটে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে।সংবাদ সংস্থাৰ বাতৰি মতে ঘটনাটো কাবুলৰ দস্ত-ই-বাৰ্চি অঞ্চলত সংঘটিত হৈছে।সেই ঠাইত  এখন বাছত বোমাৰ ভয়ংকৰ  বিস্ফোৰণ ঘটে। 

কাবুল আৰক্ষীৰ মুখপাত্ৰ খালিদ জাদৰানে কয়, "কাবুলৰ দস্ত-ই-বাৰ্চি অঞ্চলত এখন যাত্ৰীবাহী বাছত বিস্ফোৰণ সংঘটিত হয়। ঘটনাটোত ৭ জন লোক নিহত হৈছে। এই ঘটনাত আন বিশজন লোক আহত হৈছে।’’ বাতৰি অনুসৰি, ঘটনাটোৰ পিছত সুৰক্ষা কৰ্মীয়ে  অঞ্চলটোত উপস্থিত হৈ    তদন্ত আৰম্ভ কৰিছে। ভুক্তভোগী সকলৰ আটাইকেইজন সংখ্যালঘু চিয়া সম্প্ৰদায়ৰ লোক বুলি জানিব পৰা গৈছে। 

তালিবান, আল কাইদা আৰু ইছলামিক ষ্টেটৰ দৰে চুন্নী উগ্ৰপন্থী গোটে সদায় আফগানিস্তানৰ চিয়া আৰু হাজাৰা মুছলমানসকলক আক্ৰমণৰ  লক্ষ্য কৰি লৈছে।যোৱা মাহত শুক্ৰবাৰৰ নামাজৰ সময়ত আফগানিস্তানৰ এটা  মছজিদত আক্ৰমণ চলাই বহু লোকক হত্যা কৰা হৈছিল। যোৱা বছৰ সন্ত্ৰাসবাদীয়ে কাবুলৰ এটা  মছজিদৰ লগতে মাজাৰ-ই-শ্বৰীফত বোমা বিস্ফোৰণ সংঘটিত কৰিছিল।সেই ঘটনাত ১৬  জন লোকৰ মৃত্যু ঘটিছিল। আনহাতে বহুলোক আঘাতপ্ৰাপ্ত হৈছিল। সেই সময়তো মৃত আৰু আহতসকলৰ প্ৰায় আটাইয়ে  আফগানিস্তানৰ সংখ্যালঘু মুছলমান চিয়া সম্প্ৰদায়ৰ আছিল।




FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু