--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইছলামিক জিহাদৰ নামত এতিয়া বিশ্বৰ বিভিন্ন দেশত মুছলমান লোককেই হত্যা কৰি থকা হৈছে। শেহতীয়াকৈ  কাবুলত এখন বাছত সংঘটিত ভয়ংকৰ বিস্ফোৰণত চিয়া  সম্প্ৰদায়ৰ সাতজন লোক  নিহত হৈছে। ইছলামিক ষ্টেটে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে।সংবাদ সংস্থাৰ বাতৰি মতে ঘটনাটো কাবুলৰ দস্ত-ই-বাৰ্চি অঞ্চলত সংঘটিত হৈছে।সেই ঠাইত  এখন বাছত বোমাৰ ভয়ংকৰ  বিস্ফোৰণ ঘটে। 

কাবুল আৰক্ষীৰ মুখপাত্ৰ খালিদ জাদৰানে কয়, "কাবুলৰ দস্ত-ই-বাৰ্চি অঞ্চলত এখন যাত্ৰীবাহী বাছত বিস্ফোৰণ সংঘটিত হয়। ঘটনাটোত ৭ জন লোক নিহত হৈছে। এই ঘটনাত আন বিশজন লোক আহত হৈছে।’’ বাতৰি অনুসৰি, ঘটনাটোৰ পিছত সুৰক্ষা কৰ্মীয়ে  অঞ্চলটোত উপস্থিত হৈ    তদন্ত আৰম্ভ কৰিছে। ভুক্তভোগী সকলৰ আটাইকেইজন সংখ্যালঘু চিয়া সম্প্ৰদায়ৰ লোক বুলি জানিব পৰা গৈছে। 

তালিবান, আল কাইদা আৰু ইছলামিক ষ্টেটৰ দৰে চুন্নী উগ্ৰপন্থী গোটে সদায় আফগানিস্তানৰ চিয়া আৰু হাজাৰা মুছলমানসকলক আক্ৰমণৰ  লক্ষ্য কৰি লৈছে।যোৱা মাহত শুক্ৰবাৰৰ নামাজৰ সময়ত আফগানিস্তানৰ এটা  মছজিদত আক্ৰমণ চলাই বহু লোকক হত্যা কৰা হৈছিল। যোৱা বছৰ সন্ত্ৰাসবাদীয়ে কাবুলৰ এটা  মছজিদৰ লগতে মাজাৰ-ই-শ্বৰীফত বোমা বিস্ফোৰণ সংঘটিত কৰিছিল।সেই ঘটনাত ১৬  জন লোকৰ মৃত্যু ঘটিছিল। আনহাতে বহুলোক আঘাতপ্ৰাপ্ত হৈছিল। সেই সময়তো মৃত আৰু আহতসকলৰ প্ৰায় আটাইয়ে  আফগানিস্তানৰ সংখ্যালঘু মুছলমান চিয়া সম্প্ৰদায়ৰ আছিল।




FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ