--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাতৃ বিয়োগৰ পিছতেই আন এক দুখে অন্তৰ থকা-সৰকা কৰিছে বলীউডৰ অভিনেত্ৰী ৰাখী সাৱন্তৰ৷ শেহতীয়াকৈ আদিল খান দুৰানীৰ সৈতে বিবাহপাশত হৈছে ৰাখী৷ আদিলৰ সৈতে বিয়াত বহিবলৈয়েই ৰাখীয়ে হিন্দু ধৰ্ম ত্যাগ কৰি ইছলাম ধৰ্ম গ্ৰহণ কৰিছে৷ বহুতে এইবুলি আলোচনা কৰিছে যে ইছলাম ধৰ্ম গ্ৰহণৰ পিছতে ৰাখীয়ে নিজৰ নাম সলনি কৰি ফাতিমা ৰাখিছে৷ অৱশ্যে ফাতিমা নামটো সন্দৰ্ভত ৰাখী সাৱন্তে আজিলৈকে মুখ খুলি একো কোৱা নাই৷ 

মাতৃ বিয়োগৰ পিছত চকুলো নিগৰি থকাৰ সময়তে স্বামী আদিলৰ শেহতীয়া আচাৰ-ব্যৱহাৰেও ৰাখীক কন্দুৱাইছে ৷ আদিলৰ বিৰুদ্ধে পুনৰ অভিযোগ কৰি ৰাখীয়ে কৈছে যে আদিলে ৰাখীক বিবাহ বিচ্ছেদ নিদিয়াকৈ আন তিনিজনীক চপাই ল’ব পাৰে বুলি কৈছে৷ ৰাখীয়ে লগতে কয় যে তেওঁ যেতিয়া বিগ বছ মাৰাঠীত আছিল , সেইসময়তে  আদিলৰ সৈতে  আন এগৰাকী যুৱতীৰ ঘনিষ্ঠ সম্পৰ্ক হৈছিল৷  সেই যুৱতীগৰাকীয়েই এতিয়া আদিলক নানা প্ৰকাৰে ব্লেকমেইলিং কৰি থকা বুলিও ৰাখীয়ে অভিযোগ কৰে৷ ৰাখীয়ে লগতে কয়  যে যুৱতীগৰাকীৰ সৈতে আদিলৰ ঘনিষ্ঠ মুহূৰ্তৰ  ছবি আৰু ভিডিঅ’ তেওঁৰ হাতত আছে৷ প্ৰয়োজনত তেওঁ সেয়ে বোমা ফুটাই দিব পাৰে বুলিও হুংকাৰ দিয়ে৷ 

ৰাখীয়ে আদিলক প্ৰত্যাহ্বান জনাইছে যে তেওঁ নিজৰ ন্যায় বিচাৰি পৃথিৱীৰ প্ৰতিখন আদালতলৈ যাব। ইয়াৰ সমান্তৰালকৈ ৰাখীয়ে আদিলৰ সাক্ষাৎকাৰ নল’বলৈও সংবাদ মাধ্যমক আহ্বান  জনাইছে৷ 


উল্লেখ্য ব্যক্তিগত জীৱনক লৈ দীৰ্ঘদিন ধৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে ৰাখী সাৱন্তে। ৰাখী সাৱন্তই যোৱা মাহত ছ’চিয়েল মিডিয়াৰ জৰিয়তে আদিল খান দুৰানীৰ সৈতে তেওঁৰ বিবাহ সম্পৰ্কীয় তথ্য অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছিল। ইয়াৰ পাছত তেওঁ চিন্তিত হৈ কৈছিল যে আদিলে বিয়াখন মানি লোৱা নাই। কিছুদিন পাছত আদিলে ৰাখীৰ লগত বিয়াখন মানি লয়। সকলো ঠিকেই হৈ গ’ল। এতিয়া হঠাৎ আকৌ ৰাখীৰ বিবাহিত জীৱনত কাল  ধুমুহা নামি আহিছে।


ৰাখীয়ে কয়, ''মই এগৰাকী প্ৰকৃত পত্নী। মই ইছলাম আন্তৰিকতাৰে গ্ৰহণ কৰিছো। মই আদিলক সকলো দি দিছো। মোৰ যি হ’ল, কাৰো লগত হ’ব নালাগে। আদিল তুমি মোক বিবাহ বিচ্ছেদ কৰিব নোৱাৰা। মই পৃথিৱীৰ প্ৰতিখন আদালতলৈ যাম। মই আল্লাহৰ দৰবাৰলৈ যাম। মোক বিবাহ বিচ্ছেদৰ ভাবুকি নিদিবা ।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত হৈ থকা যুদ্ধই প্ৰাণ কাঢ়িছে বহু সাংবাদিকৰ! জানি লওক ক'ত কিমানে হেৰুৱালে প্ৰাণ?
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন