--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাতৃ বিয়োগৰ পিছতেই আন এক দুখে অন্তৰ থকা-সৰকা কৰিছে বলীউডৰ অভিনেত্ৰী ৰাখী সাৱন্তৰ৷ শেহতীয়াকৈ আদিল খান দুৰানীৰ সৈতে বিবাহপাশত হৈছে ৰাখী৷ আদিলৰ সৈতে বিয়াত বহিবলৈয়েই ৰাখীয়ে হিন্দু ধৰ্ম ত্যাগ কৰি ইছলাম ধৰ্ম গ্ৰহণ কৰিছে৷ বহুতে এইবুলি আলোচনা কৰিছে যে ইছলাম ধৰ্ম গ্ৰহণৰ পিছতে ৰাখীয়ে নিজৰ নাম সলনি কৰি ফাতিমা ৰাখিছে৷ অৱশ্যে ফাতিমা নামটো সন্দৰ্ভত ৰাখী সাৱন্তে আজিলৈকে মুখ খুলি একো কোৱা নাই৷ 

মাতৃ বিয়োগৰ পিছত চকুলো নিগৰি থকাৰ সময়তে স্বামী আদিলৰ শেহতীয়া আচাৰ-ব্যৱহাৰেও ৰাখীক কন্দুৱাইছে ৷ আদিলৰ বিৰুদ্ধে পুনৰ অভিযোগ কৰি ৰাখীয়ে কৈছে যে আদিলে ৰাখীক বিবাহ বিচ্ছেদ নিদিয়াকৈ আন তিনিজনীক চপাই ল’ব পাৰে বুলি কৈছে৷ ৰাখীয়ে লগতে কয় যে তেওঁ যেতিয়া বিগ বছ মাৰাঠীত আছিল , সেইসময়তে  আদিলৰ সৈতে  আন এগৰাকী যুৱতীৰ ঘনিষ্ঠ সম্পৰ্ক হৈছিল৷  সেই যুৱতীগৰাকীয়েই এতিয়া আদিলক নানা প্ৰকাৰে ব্লেকমেইলিং কৰি থকা বুলিও ৰাখীয়ে অভিযোগ কৰে৷ ৰাখীয়ে লগতে কয়  যে যুৱতীগৰাকীৰ সৈতে আদিলৰ ঘনিষ্ঠ মুহূৰ্তৰ  ছবি আৰু ভিডিঅ’ তেওঁৰ হাতত আছে৷ প্ৰয়োজনত তেওঁ সেয়ে বোমা ফুটাই দিব পাৰে বুলিও হুংকাৰ দিয়ে৷ 

ৰাখীয়ে আদিলক প্ৰত্যাহ্বান জনাইছে যে তেওঁ নিজৰ ন্যায় বিচাৰি পৃথিৱীৰ প্ৰতিখন আদালতলৈ যাব। ইয়াৰ সমান্তৰালকৈ ৰাখীয়ে আদিলৰ সাক্ষাৎকাৰ নল’বলৈও সংবাদ মাধ্যমক আহ্বান  জনাইছে৷ 


উল্লেখ্য ব্যক্তিগত জীৱনক লৈ দীৰ্ঘদিন ধৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে ৰাখী সাৱন্তে। ৰাখী সাৱন্তই যোৱা মাহত ছ’চিয়েল মিডিয়াৰ জৰিয়তে আদিল খান দুৰানীৰ সৈতে তেওঁৰ বিবাহ সম্পৰ্কীয় তথ্য অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছিল। ইয়াৰ পাছত তেওঁ চিন্তিত হৈ কৈছিল যে আদিলে বিয়াখন মানি লোৱা নাই। কিছুদিন পাছত আদিলে ৰাখীৰ লগত বিয়াখন মানি লয়। সকলো ঠিকেই হৈ গ’ল। এতিয়া হঠাৎ আকৌ ৰাখীৰ বিবাহিত জীৱনত কাল  ধুমুহা নামি আহিছে।


ৰাখীয়ে কয়, ''মই এগৰাকী প্ৰকৃত পত্নী। মই ইছলাম আন্তৰিকতাৰে গ্ৰহণ কৰিছো। মই আদিলক সকলো দি দিছো। মোৰ যি হ’ল, কাৰো লগত হ’ব নালাগে। আদিল তুমি মোক বিবাহ বিচ্ছেদ কৰিব নোৱাৰা। মই পৃথিৱীৰ প্ৰতিখন আদালতলৈ যাম। মই আল্লাহৰ দৰবাৰলৈ যাম। মোক বিবাহ বিচ্ছেদৰ ভাবুকি নিদিবা ।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক