--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সিন্ধু জল চুক্তিৰ প্ৰসংগত  ভাৰতে পুনৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ বিষয়টোৰ মাজলৈ বিশ্ব বেংকক টানি অনাৰ কথাটো ভাৰতে মুঠেও মানি ল’ব পৰা নাই৷ শেহতীয়াকৈ জম্মু-কাশ্মীৰৰ কিষেণগংগা আৰু ৰাটল জলবিদ্যুৎ প্ৰকল্পক লৈ নতুন দিল্লী আৰু ইছলামাবাদৰ মাজৰ সংঘাত বৃদ্ধি পাইছে৷  এই প্ৰসংগত  মধ্যস্থতা আদালত আৰু এজন নিৰপেক্ষ বিশেষজ্ঞ নিয়োগ কৰাৰ বিশ্ব বেংকৰ সিদ্ধান্তকলৈ ভাৰতে প্ৰশ্ন উত্থাপন কৰিছে ।

 যোৱা সপ্তাহত ভাৰতে পাকিস্তানক বিবাদ নিষ্পত্তিৰ বাবে   ৬২  বছৰ পুৰণি সিন্ধু জল চুক্তিৰ (আইডব্লিউটি) পুনৰীক্ষণ আৰু সংশোধন বিচাৰি জাননী জাৰি কৰিছিল। বিষয়টোত বিশ্ব বেংকৰ উপস্থিতিৰ প্ৰসংগত ভাৰতৰ বৈদেশিক পৰিক্ৰমা  মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে কয় ’মই নাভাবো যে তেওঁলোকে (বিশ্ব বেংক) আমাৰ বাবে চুক্তিৰ ব্যাখ্যা কৰাৰ স্থিতিত আছে। এইটো আমাৰ দুয়োখন দেশৰ মাজৰ এক চুক্তি ," । 

উল্লেখ্য কিষেণগংগা আৰু ৰাটল জলবিদ্যুৎ প্ৰকল্পৰ ওপৰত মতভেদ সমাধানৰ বাবে বিশ্ব বেংকে এজন নিৰপেক্ষ বিশেষজ্ঞ আৰু মধ্যস্থতা আদালতৰ অধ্যক্ষ নিয়োগ কৰাৰ ঘোষণা কৰিছিল৷ ভাৰতৰ সিন্ধু জল আয়ুক্তই ১৯৬০ চনৰ সিন্ধু জল চুক্তিৰ পৰিৱৰ্তনৰ বাবে ২৫ জানুৱাৰীত তেওঁৰ পাকিস্তানী সমকক্ষক জাননী জাৰি কৰিছিল৷ সম্প্ৰতি সিন্ধু জল চুক্তিকলৈ পুনৰ ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। ভাৰতে পাকিস্তানলৈ এখন জাননী প্ৰেৰণ কৰি সিন্ধু জল চুক্তি সংশোধনৰ আহ্বান জনাইছে । ১৯৬০ চনত কৰাচীত ভাৰতৰ তদানীন্তন  প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু তেতিয়াৰ পাকিস্তানী ৰাষ্ট্ৰপতি আয়ুব খানৰ মাজত স্বাক্ষৰিত চুক্তি সংশোধনৰ বাবে নতুন দিল্লীয়ে প্ৰথমবাৰৰ বাবে ইছলামাবাদক আহ্বান জনাইছে।

সূত্ৰসমূহে কয়, "ভাৰতে ১৯৬০ চনৰ ছেপ্টেম্বৰৰ সিন্ধু জল চুক্তি (আইডব্লিউটি)ৰ সংশোধনৰ বাবে পাকিস্তানক জাননী জাৰি কৰিছে। এইটো দ্বাদশ অনুচ্ছেদ (৩) অনুসৰি আইডব্লিউটি... সিন্ধু জল চুক্তিৰ ক্ষেত্ৰত পাকিস্তানৰ আকোঁৰগোঁজ মনোভাবৰ ফলত   ভাৰতে চুক্তিত সংশোধনৰ জাননী জাৰি কৰিবলৈ বাধ্য হৈছে।" জাননীখনৰ অধীনত ভাৰতে পাকিস্তানক চুক্তিৰ "সামগ্ৰিক উলংঘন সংশোধন" কৰিবলৈ ৯০ দিনৰ ভিতৰত আন্তঃচৰকাৰী আলোচনাত বহিবলৈ আহ্বান জনাইছে আৰু  "যোৱা ৬২  বছৰৰ অভিজ্ঞতাৰে চুক্তিখন উন্নীত কৰিবলৈ" আহ্বান জনাইছে।

১৯৬০  চনৰ সিন্ধু জল চুক্তিৰ অধীনত, ৩ খন পূৱ দিশেৰে বৈ যোৱা নদী - সতলজ, বিয়াছ, আৰু ৰবিৰ পানী ভাৰতক সীমাহীনভাবে  ব্যৱহাৰৰ বাবে আৱণ্টন কৰা হৈছিল ।  আনহাতে ৩ খন পশ্চিমীয়া নদী - সিন্ধু, ঝিলাম আৰু চেনাবৰ পানী পাকিস্তানলৈ বৈ গৈছে। ইয়াৰ উপৰিও নতুন দিল্লীৰ ৩ খন পশ্চিমীয়া নদীত নদী প্ৰকল্পৰ জৰিয়তে জলবিদ্যুৎ উৎপাদন কৰাৰ অধিকাৰ আছে। পাকিস্তানে এই চুক্তিৰ অধীনত পশ্চিমীয়া নদীসমূহত ভাৰতীয় জলবিদ্যুৎ প্ৰকল্পৰ নক্সাৰ ওপৰত কাৰিকৰী আপত্তি উত্থাপন কৰিব পাৰে।
এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে বিবাদ নিষ্পত্তি কৰাৰ ক্ষেত্ৰত পাকিস্তানে সদায় গা এৰা দি আহিছে। ২০১৫  চনত পাকিস্তানে ভাৰতৰ কিষেণগংগা আৰু ৰাটল হাইড্ৰ' ইলেক্ট্ৰিক প্ৰকল্পৰ (এইচইপি) ওপৰত ইয়াৰ কাৰিকৰী আপত্তিবোৰ পৰীক্ষা কৰিবলৈ এজন নিৰপেক্ষ বিশেষজ্ঞ নিযুক্ত কৰাৰ বাবে অনুৰোধ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক