--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেট খেলত আউট হোৱাৰ ক্ষোভ সহ্য কৰিব নোৱাৰিলে ১৭ বছৰীয়া বেটছমেনে। খঙত ১৪ বছৰীয়া বলাৰৰ ডিঙিত চেপি ধৰিলে। খেলপথাৰতে মৃত্যু হয় কিশোৰ বলাৰৰ। কানপুৰৰ সমীপৰ ঘটামপুৰ অঞ্চলৰ ৰহটি ডেৰা গাঁৱত সংঘটিত হৈছে এই ঘটনা।

সোমবাৰে স্থানীয় ক্ৰিকেট খেলৰ সময়ত সংঘটিত হয় এই মৰ্মান্তিক ঘটনা। আৰক্ষীৰ তথ্য অনুসৰি আউট হোৱাৰ পাছতো ক্ৰীজ এৰি যাবলৈ মন নগ’ল বেটাৰৰ। তাৰ পৰিৱৰ্তে বলাৰৰ লগত কাজিয়া কৰিলে। পিছত দুয়োৰে মাজত কাজিয়া হয়। ১৪ বছৰীয়া বলাৰক গুৰুতৰভাৱে প্ৰহাৰ কৰে অভিযুক্তই৷

বলিং কৰা ১৪ বছৰীয়া কিশোৰজনক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ পাছত স্থানীয় চিকিৎসালয়লৈ লৈ যোৱাত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।  এই ঘটনাৰ লগত জড়িত আটাইকেইজনৰ নাম নাবালক হোৱাৰ বাবে আৰক্ষীয়ে প্ৰকাশ কৰা নাই। ঘটনাৰ পিছতে অভিযুক্ত নাবালকজন আৰু তেওঁৰ ভাতৃ পলায়ন কৰে।

যেতিয়া আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠিয়াব বিচাৰিছিল, তেতিয়া মৃত কিশোৰজনৰ পৰিয়ালে প্ৰথমে সন্মতি প্ৰকাশ কৰা নাছিল। অভিযুক্ত দুজনক গ্ৰেপ্তাৰ নোহোৱা পৰ্যন্ত মৃতকৰ পৰিয়ালে শ্মশান সম্পন্ন নকৰে বুলি দাবী কৰিছে। স্থানীয় কোটিয়ালী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিক্ৰম সিঙে ঘটনাস্থলীত গৈ পৰিয়ালৰ লোকক উপযুক্ত পদক্ষেপ লোৱাৰ আশ্বাস দিয়াৰ পিছতে মৃতকৰ পৰিয়ালৰ লোকে মৰণোত্তৰ পৰীক্ষাৰ বাবে সন্মতি দিয়ে। মৃত যুৱকজনৰ পৰিয়ালে কোটিয়ালী থানাত হত্যাৰ এজাহাৰ দাখিল কৰে।

আৰক্ষীয়ে জনোৱা মতে, মৃত কিশোৰজনৰ দুজন ভাতৃ আৰু চাৰিগৰাকী ভগ্নী আছে। দেউতাক এজন সৰু খেতিয়ক। গাঁওবাসীয়ে দাবী কৰে যে তিনি বছৰ পূৰ্বে অভিযুক্তৰ পৰিয়ালৰ লোকে মৃত কিশোৰজনৰ ককাককো মাৰপিট কৰিছিল। সোমবাৰৰ এই কাণ্ডৰ সৈতে কোনো সম্পৰ্ক আছে নেকি তদন্তকাৰীয়ে তদন্ত কৰি আছে। অভিযুক্ত ভাতৃদ্বয়ৰ সন্ধান আৰম্ভ কৰিছে আৰক্ষীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু