--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেট খেলত আউট হোৱাৰ ক্ষোভ সহ্য কৰিব নোৱাৰিলে ১৭ বছৰীয়া বেটছমেনে। খঙত ১৪ বছৰীয়া বলাৰৰ ডিঙিত চেপি ধৰিলে। খেলপথাৰতে মৃত্যু হয় কিশোৰ বলাৰৰ। কানপুৰৰ সমীপৰ ঘটামপুৰ অঞ্চলৰ ৰহটি ডেৰা গাঁৱত সংঘটিত হৈছে এই ঘটনা।

সোমবাৰে স্থানীয় ক্ৰিকেট খেলৰ সময়ত সংঘটিত হয় এই মৰ্মান্তিক ঘটনা। আৰক্ষীৰ তথ্য অনুসৰি আউট হোৱাৰ পাছতো ক্ৰীজ এৰি যাবলৈ মন নগ’ল বেটাৰৰ। তাৰ পৰিৱৰ্তে বলাৰৰ লগত কাজিয়া কৰিলে। পিছত দুয়োৰে মাজত কাজিয়া হয়। ১৪ বছৰীয়া বলাৰক গুৰুতৰভাৱে প্ৰহাৰ কৰে অভিযুক্তই৷

বলিং কৰা ১৪ বছৰীয়া কিশোৰজনক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ পাছত স্থানীয় চিকিৎসালয়লৈ লৈ যোৱাত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।  এই ঘটনাৰ লগত জড়িত আটাইকেইজনৰ নাম নাবালক হোৱাৰ বাবে আৰক্ষীয়ে প্ৰকাশ কৰা নাই। ঘটনাৰ পিছতে অভিযুক্ত নাবালকজন আৰু তেওঁৰ ভাতৃ পলায়ন কৰে।

যেতিয়া আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠিয়াব বিচাৰিছিল, তেতিয়া মৃত কিশোৰজনৰ পৰিয়ালে প্ৰথমে সন্মতি প্ৰকাশ কৰা নাছিল। অভিযুক্ত দুজনক গ্ৰেপ্তাৰ নোহোৱা পৰ্যন্ত মৃতকৰ পৰিয়ালে শ্মশান সম্পন্ন নকৰে বুলি দাবী কৰিছে। স্থানীয় কোটিয়ালী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিক্ৰম সিঙে ঘটনাস্থলীত গৈ পৰিয়ালৰ লোকক উপযুক্ত পদক্ষেপ লোৱাৰ আশ্বাস দিয়াৰ পিছতে মৃতকৰ পৰিয়ালৰ লোকে মৰণোত্তৰ পৰীক্ষাৰ বাবে সন্মতি দিয়ে। মৃত যুৱকজনৰ পৰিয়ালে কোটিয়ালী থানাত হত্যাৰ এজাহাৰ দাখিল কৰে।

আৰক্ষীয়ে জনোৱা মতে, মৃত কিশোৰজনৰ দুজন ভাতৃ আৰু চাৰিগৰাকী ভগ্নী আছে। দেউতাক এজন সৰু খেতিয়ক। গাঁওবাসীয়ে দাবী কৰে যে তিনি বছৰ পূৰ্বে অভিযুক্তৰ পৰিয়ালৰ লোকে মৃত কিশোৰজনৰ ককাককো মাৰপিট কৰিছিল। সোমবাৰৰ এই কাণ্ডৰ সৈতে কোনো সম্পৰ্ক আছে নেকি তদন্তকাৰীয়ে তদন্ত কৰি আছে। অভিযুক্ত ভাতৃদ্বয়ৰ সন্ধান আৰম্ভ কৰিছে আৰক্ষীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement