--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ এখন ফাইভ ষ্টাৰ হোটেল বিপদত পৰিছে। হোটেলখনৰ নাম হোটেল ৰ’জেট হাউচ। হোটেল ৰ’জেট হাউচে অভিযোগ কৰিছে যে ইয়াত এজন যুৱকে দুবছৰ ধৰি বিনা পইচাৰে থাকিল। ইয়াৰ ফলত হোটেলখনৰ ৫৮ লাখ টকাৰ লোকচান হোৱা বুলি অভিযোগ উঠিছে। এই বিষয়টো পোহৰলৈ অহাৰ পাছত ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপৰ এৰ’চিটিত অৱস্থিত হোটেল ৰোজেট হাউছে এই সন্দৰ্ভত আই জি আই বিমানবন্দৰ থানাত গোচৰ ৰুজু কৰিছে। 

পঞ্চ তাৰকাযুক্ত হোটেল ৰোজেট পৰিচালনা কৰা বাৰ্ড এয়াৰপৰ্টছ হোটেল প্ৰাইভেট লিমিটেডৰ কৰ্তৃত্বপ্ৰাপ্ত প্ৰতিনিধি বিনোদ মালহোত্ৰাই শেহতীয়াকৈ দাখিল কৰা এফআইআৰ অনুসৰি অংকুশ দত্ত নামৰ এজন যুৱকে দুবছৰ ধৰি হোটেলখনত আছিল। অংকুশ দত্তৰ ৫৮ লাখ টকাৰ বিল উঠিছিল যদিও হোটেলখনৰ পৰা ওলাই অহাৰ সময়ত তেওঁ এটকাও পৰিশোধ নকৰিলে।

ৰোজেট হোটেলৰ পৰিচালনা সমিতিয়ে এফআইআৰত অভিযোগ কৰিছে যে হোটেলখনৰ ফ্ৰণ্ট অফিচ বিভাগৰ মুৰব্বী প্ৰেম প্ৰকাশে অংকুশ দত্তক নিয়ম উলংঘা কৰি হোটেলখনত দীৰ্ঘদিন থাকিবলৈ অনুমতি দিছিল। এফআইআৰৰ মতে, হোটেলৰ কোঠাৰ ভাড়া সন্দৰ্ভত সিদ্ধান্ত ল’বলৈ প্ৰেম প্ৰকাশক কৰ্তৃত্ব দিয়া হৈছিল। 

প্ৰকাশে দত্তৰ সৈতে অংকুশে গোপন বুজাবুজি কৰি জালিয়াতি কাণ্ড কৰে বুলি অভিযোগ উঠিছে। ৰোজেট হোটেল মেনেজমেণ্টৰ দাবী যে ২০১৯ চনৰ ৩০ মে’ত দত্তই হোটেলখনত এৰাতিৰ বাবে কোঠা বুকিং কৰিছিল। তেওঁ অভিযোগ কৰিছে যে দত্তই ২০১৯ চনৰ ৩১ মে’ত হোটেলখন এৰিব লাগিছিল যদিও ২০২১ চনৰ ২২ জানুৱাৰীলৈকে তাতেই আছিল।

এতিয়া ফাইভ ষ্টাৰ ৰোজেট হোটেল মেনেজমেণ্টে দোষীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। দোষীয়ে ইচ্ছাকৃতভাৱে ঠগ, প্ৰতাৰণা, জালিয়াতি আৰু একাউণ্টৰ লগত খেলা-ধূলা কৰি জালিয়াতি কৰা বুলি অভিযোগ উত্থাপন কৰিছে হোটেল পৰিচালনা সমিতিয়ে। অভিযোগৰ ভিত্তিত ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰক্ষী থানাই বিষয়টোৰ তদন্ত চলাই আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু