--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ এখন ফাইভ ষ্টাৰ হোটেল বিপদত পৰিছে। হোটেলখনৰ নাম হোটেল ৰ’জেট হাউচ। হোটেল ৰ’জেট হাউচে অভিযোগ কৰিছে যে ইয়াত এজন যুৱকে দুবছৰ ধৰি বিনা পইচাৰে থাকিল। ইয়াৰ ফলত হোটেলখনৰ ৫৮ লাখ টকাৰ লোকচান হোৱা বুলি অভিযোগ উঠিছে। এই বিষয়টো পোহৰলৈ অহাৰ পাছত ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপৰ এৰ’চিটিত অৱস্থিত হোটেল ৰোজেট হাউছে এই সন্দৰ্ভত আই জি আই বিমানবন্দৰ থানাত গোচৰ ৰুজু কৰিছে। 

পঞ্চ তাৰকাযুক্ত হোটেল ৰোজেট পৰিচালনা কৰা বাৰ্ড এয়াৰপৰ্টছ হোটেল প্ৰাইভেট লিমিটেডৰ কৰ্তৃত্বপ্ৰাপ্ত প্ৰতিনিধি বিনোদ মালহোত্ৰাই শেহতীয়াকৈ দাখিল কৰা এফআইআৰ অনুসৰি অংকুশ দত্ত নামৰ এজন যুৱকে দুবছৰ ধৰি হোটেলখনত আছিল। অংকুশ দত্তৰ ৫৮ লাখ টকাৰ বিল উঠিছিল যদিও হোটেলখনৰ পৰা ওলাই অহাৰ সময়ত তেওঁ এটকাও পৰিশোধ নকৰিলে।

ৰোজেট হোটেলৰ পৰিচালনা সমিতিয়ে এফআইআৰত অভিযোগ কৰিছে যে হোটেলখনৰ ফ্ৰণ্ট অফিচ বিভাগৰ মুৰব্বী প্ৰেম প্ৰকাশে অংকুশ দত্তক নিয়ম উলংঘা কৰি হোটেলখনত দীৰ্ঘদিন থাকিবলৈ অনুমতি দিছিল। এফআইআৰৰ মতে, হোটেলৰ কোঠাৰ ভাড়া সন্দৰ্ভত সিদ্ধান্ত ল’বলৈ প্ৰেম প্ৰকাশক কৰ্তৃত্ব দিয়া হৈছিল। 

প্ৰকাশে দত্তৰ সৈতে অংকুশে গোপন বুজাবুজি কৰি জালিয়াতি কাণ্ড কৰে বুলি অভিযোগ উঠিছে। ৰোজেট হোটেল মেনেজমেণ্টৰ দাবী যে ২০১৯ চনৰ ৩০ মে’ত দত্তই হোটেলখনত এৰাতিৰ বাবে কোঠা বুকিং কৰিছিল। তেওঁ অভিযোগ কৰিছে যে দত্তই ২০১৯ চনৰ ৩১ মে’ত হোটেলখন এৰিব লাগিছিল যদিও ২০২১ চনৰ ২২ জানুৱাৰীলৈকে তাতেই আছিল।

এতিয়া ফাইভ ষ্টাৰ ৰোজেট হোটেল মেনেজমেণ্টে দোষীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। দোষীয়ে ইচ্ছাকৃতভাৱে ঠগ, প্ৰতাৰণা, জালিয়াতি আৰু একাউণ্টৰ লগত খেলা-ধূলা কৰি জালিয়াতি কৰা বুলি অভিযোগ উত্থাপন কৰিছে হোটেল পৰিচালনা সমিতিয়ে। অভিযোগৰ ভিত্তিত ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰক্ষী থানাই বিষয়টোৰ তদন্ত চলাই আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে