--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ আগশাৰীৰ ইংৰাজী নিউজ চেনেল ‘টাইমছ নাও’ৰ মুখ্য সম্পাদক পদৰ পৰা পদত্যাগ কৰিছে জ্যেষ্ঠ সাংবাদিক ৰাহুল শিৱশংকৰে৷ 

ৰাহুল শিৱশংকৰে আকস্মিকভাৱে চেনেলটোৰ পৰা পদত্যাগ কৰা বিষয়টোক লৈ দেশৰ সংবাদ জগতত সৃষ্টি হৈছে নতুন নতুন চৰ্চাৰ৷ অৱশ্যে, তেওঁ চেনেলটোৰ পৰা পদত্যাগ কৰাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ইতিমধ্যে, শিৱশংকৰে চেনেলটোৰে সংলগ্ন ৱাটছএপ গ্ৰুপসমূহৰ পৰাও আঁতৰি আহিছে। আনকি, পদত্যাগ কৰাৰ পাছত শিৱশংকৰে তেওঁৰ টুইটাৰ বায়’ আপডেট কৰিছে, য’ত তেওঁ লিখিছে- ‘Editor-In-Chief TIMES NOW, 2016 to 2023’.

চেনেলটোৰ পৰিচালন মণ্ডলীৰে জড়িত এজন জ্যেষ্ঠ সদস্যইও শিৱশংকৰৰ চেনেলটোৰ পৰা প্ৰস্থান কৰাটো নিশ্চিত কৰিছে।
শিৱশংকৰৰ প্ৰস্থানৰ পাছত সদ্যহতে চেনেলটো গ্ৰুপ এডিটৰ নাভিকা কুমাৰৰ অধীনত পৰিচালনা কৰা হ’ব। টাইমছ নাও দলৰ অপাৰেটিং কণ্টেণ্ট মেনেজাৰসকলে এতিয়াৰ পৰা নাভিকাক প্ৰতিবেদন জমা দিব।

২০১৬ চনত নিউজএক্সৰ মুখ্য সম্পাদক পদৰ পৰা পদত্যাগ কৰাৰ পাছত শিৱশংকৰে চেনেলটোৰ সৈতে যাত্ৰা আৰম্ভ কৰিছিল। টাইমছ নাওত প্ৰাইমটাইম শ্ব’ ‘নিউজ আৱাৰ’ৰ আঁত ধৰিছিল শিৱশংকৰে৷ সংবাদ ক্ষেত্ৰত ২০ বছৰৰ অভিজ্ঞতাৰে পুষ্ট ৰাহুল শিৱশংকৰ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে