--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ আগশাৰীৰ ইংৰাজী নিউজ চেনেল ‘টাইমছ নাও’ৰ মুখ্য সম্পাদক পদৰ পৰা পদত্যাগ কৰিছে জ্যেষ্ঠ সাংবাদিক ৰাহুল শিৱশংকৰে৷ 

ৰাহুল শিৱশংকৰে আকস্মিকভাৱে চেনেলটোৰ পৰা পদত্যাগ কৰা বিষয়টোক লৈ দেশৰ সংবাদ জগতত সৃষ্টি হৈছে নতুন নতুন চৰ্চাৰ৷ অৱশ্যে, তেওঁ চেনেলটোৰ পৰা পদত্যাগ কৰাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ইতিমধ্যে, শিৱশংকৰে চেনেলটোৰে সংলগ্ন ৱাটছএপ গ্ৰুপসমূহৰ পৰাও আঁতৰি আহিছে। আনকি, পদত্যাগ কৰাৰ পাছত শিৱশংকৰে তেওঁৰ টুইটাৰ বায়’ আপডেট কৰিছে, য’ত তেওঁ লিখিছে- ‘Editor-In-Chief TIMES NOW, 2016 to 2023’.

চেনেলটোৰ পৰিচালন মণ্ডলীৰে জড়িত এজন জ্যেষ্ঠ সদস্যইও শিৱশংকৰৰ চেনেলটোৰ পৰা প্ৰস্থান কৰাটো নিশ্চিত কৰিছে।
শিৱশংকৰৰ প্ৰস্থানৰ পাছত সদ্যহতে চেনেলটো গ্ৰুপ এডিটৰ নাভিকা কুমাৰৰ অধীনত পৰিচালনা কৰা হ’ব। টাইমছ নাও দলৰ অপাৰেটিং কণ্টেণ্ট মেনেজাৰসকলে এতিয়াৰ পৰা নাভিকাক প্ৰতিবেদন জমা দিব।

২০১৬ চনত নিউজএক্সৰ মুখ্য সম্পাদক পদৰ পৰা পদত্যাগ কৰাৰ পাছত শিৱশংকৰে চেনেলটোৰ সৈতে যাত্ৰা আৰম্ভ কৰিছিল। টাইমছ নাওত প্ৰাইমটাইম শ্ব’ ‘নিউজ আৱাৰ’ৰ আঁত ধৰিছিল শিৱশংকৰে৷ সংবাদ ক্ষেত্ৰত ২০ বছৰৰ অভিজ্ঞতাৰে পুষ্ট ৰাহুল শিৱশংকৰ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু