ডিজিটেল ডেস্ক: ভাৰতীয়ৰ জীৱন প্রত্যাশা (লাইফ এক্সপেক্টেন্সী) বা আয়ুস বৃদ্ধি পাইছে। বিশ্ব স্বাস্থ্য সংগঠনৰ শেহতীয়া 'গ্ল'বেল হেলথ এষ্টিমেট্ছ'ৰ প্রতিবেদনৰ পৰা এই কথা জানিব পৰা গৈছে। প্রতিবেদনখনৰ মতে, ভাৰতত এতিয়া জন্মৰ সময়ত গড় জীৱন প্রত্যাশা ৭১ বছৰলৈ বৃদ্ধি পাইছে। এই দিশত ভাৰত পাকিস্তানতকৈ আগত আছে যদিও বাংলাদেশতকৈ পাছত আছে। পাকিস্তানত জীৱন প্রত্যাশা হ'ল ৬৮.২ বছৰ। আনহাতে, বাংলাদেশত জীৱন-প্রত্যাশা ৭২.৭ বছৰ।
আন কথাত এইক্ষেত্ৰত আয়ুসৰ ক্ষেত্ৰত ভাৰত পাকিস্তানীতকৈ ২.৮ বছৰ আগত আৰু বাংলাদেশীতকৈ ১.৭ বছৰ পিছ পৰি আছে। ভাৰতৰ স্থিতি আমেৰিকা আৰু কানাডাৰ দৰে দেশতকৈ বহু পাছত আছে। আমেৰিকাত শিশুৰ গড় জীৱন-প্রত্যাশা ৭৮.৫ বছৰ আৰু কানাডাত ৮১.৪ বছৰ। ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰে যে ভাৰতীয় লোকসকলৰ জীৱন-প্রত্যাশা বৃদ্ধি পাইছে ঠিকেই কিন্তু উন্নত দেশবোৰৰ তুলনাত এটা বৃহ ব্যৱধান আছে। বিশ্ব স্বাস্থ্য সংগঠনৰ মতে, কৰ'না মহামাৰীৰ সময়ত ভাৰতৰ গড় জীৱন-প্রত্যাশা যথেষ্ট হ্রাস পাইছিল।
২০১৯ চনত ভাৰতীয়ৰ জীৱন-প্রত্যাশা আছিল ৭০.৫ বছৰ। ২০২১ চনত ই হ্রাস পাই ৬৮.১ বছৰ হয়। অৱশ্যে ইয়াৰ পাছত ভাৰতীয়ৰ জীৱন-প্রত্যাশা দ্রুতগতিত বৃদ্ধি পাবলৈ আৰু ২০২২ চনত পুনৰ ৭০.৫ বছৰ হয়গৈ। ২০২৩ চনত ভাৰতীয়ৰ জীৱন-প্রত্যাশা বৃদ্ধি পাই ৭১ বছৰ হয়। আন কথাত ২০২১ চনৰ পৰা ২০২৩ চনৰ ভিতৰত ভাৰতীয় লোকৰ জীৱন-প্রত্যাশা প্রায় ২.৯ বছৰ বৃদ্ধি পায়। অৱশ্যে অধিক বছৰ জীয়াই থকাটোৱেই সম্পূর্ণ প্রতিচ্ছবি প্রতিফলিত নকৰে। ইয়াৰ লগতে এজন ব্যক্তি কিমান বছৰ সুস্থ হৈ জীয়াই আছে সেইটোও চাব লাগিব। এইক্ষেত্রত সুস্বাস্থ্য জীৱন-প্রত্যাশা অর্থাৎ হেলথী লাইফ এক্সপেক্টেন্সী বা এইচ এ এল ই তথ্যও গুৰুত্বপূৰ্ণ। ই এজন ব্যক্তি কিমান বছৰ সুস্বাস্থ্যৰে জীয়াই থকাৰ আশা কৰিব পাৰে সেই কথা প্রকাশ কৰে।
ভাৰতত ২০২৩ চনত এইচ এ এল ই ৬০.৬ বছৰ আছিল। চাৰি বছৰৰ ভিতৰত এই এ এল ই মাত্র গড়ে ০.১ বছৰ বৃদ্ধি পায়। কৰ'নাৰ সময়ত ২০২১ চনত ভাৰতীয়ৰ এইচ এ এল ই ৫৮.৪ বছৰলৈ হ্রাস পাইছিল। ২০২২ চনত এইচ এ এল ই উন্নত হৈ ৬০.২ বছৰ আৰু ২০২৩ চনত ৬০.৬ বছৰ হয়গৈ। আন কথাত ভাৰতত গড় হিচাপত এজন ব্যক্তিয়ে ৭১ বছৰ জীয়াই থকাৰ প্ৰত্যাশা কৰিব পাৰে, কিন্তু ইয়াৰে গড়ে প্রায় ৬০.৬ বছৰহে সুস্বাস্থ্যৱান হৈ থাকিব পাৰে। বাকী সময়ছোৱাত ৰোগ বা আন স্বাস্থ্যজনিত সমস্যাৰ বোজা থাকিব পাৰে। অৱশ্যে বিশ্ব স্বাস্থ্য সংগঠনৰ এই প্ৰতিবেদনত কেৱল জন্মৰ সময়ত জীৱন-প্রত্যাশাৰ তথ্য উল্লেখ নাই। ২০১৯ চনত ভাৰতত ৬০ বছৰ বয়সত ভৰি দিয়া লোকসকলক জীৱন-প্রত্যাশা আছিল ১৮.৪ বছৰ। ২০২৩ চনত ই বৃদ্ধি পাই ১৮.৮ বছৰ হয়গৈ। স্বাস্থ্যবান জীৱন-প্রত্যাশা এই সময়ছোৱাত ১৩.৪ বছৰৰ পৰা ১৩.৭ বছৰলৈ বৃদ্ধি পায়। আন কথাত বয়স বৃদ্ধিৰ লগে লগে এইচ এ এল ইও বৃদ্ধি পায়। কিন্তু দুয়োটা সমান হাৰত বৃদ্ধি পোৱা নাই।
ইফালে প্ৰতিবেদনখনৰ তথ্য মতে, ভাৰতত লোকসকলৰ বিগত দুটা দশকত ৰোগ আৰু মৃত্যুৰ পেটানো সলনি হৈছে। ২০০০ চনত মৃত্যুৰ দহটা ডাঙৰ কাৰণৰ ভিতৰত সংক্ৰামক ৰোগত মৃত্যুৰ অংশ আছিল প্রায় ৬২%। ইয়াত টি বি আৰু ডায়েৰিয়াৰ দৰে ৰোগো আছে। আনহাতে, অসংক্ৰামক ৰোগত (এন চি ডি) মৃত্যু হোৱাৰ হাৰ ৩৪% আছিল। ২০২৩ চনত এই প্রতিচ্ছবি যথেষ্ট সলনি হয়। এতিয়া মৃত্যুৰ দহটা ডাঙৰ কাৰণৰ ভিতৰত ৭৫% অংশ হ'ল অসংক্রামক ৰোগ। ইয়াত সংক্রামক ৰোগৰ অংশ হ'ল প্রায় ১৬%। এন চি ডিৰ ভিতৰত হৃৎপিণ্ডৰ ৰোগ, ষ্ট্ৰ'ক আৰু বহুমূত্ৰৰ দৰে ৰোগো আছে। আন কথাত এই ৰোগসমূহৰ বৰ্ধিত বোজাই জীৱন-প্রত্যাশা আৰু এইচ এ এল ইৰ মাজত থকা ব্যৱধানক প্রভাৱিত কৰিছে।
ইফালে ভাৰততকৈ বাংলাদেশৰ জীৱন-প্রত্যাশা প্রায় ১.৭ বছৰ অধিক। দুয়োখন দেশৰ মাজত থকা এই ব্যৱধানত কেইবাটাও কাৰকে প্রভাৱ বিস্তাৰ কৰে। কোনো এখন দেশৰ গড় জীৱন-প্রত্যাশাত স্বাস্থ্য সেৱাৰ সহজলভ্যতা, মাতৃ আৰু শিশুৰ স্বাস্থ্য, পুষ্টি, সংক্রামক ৰোগ নিয়ন্ত্রণ, জীৱন-শৈলী আৰু এন চি ডিৰ বোজাৰ দৰে কাৰকে প্ৰভাৱ বিস্তাৰ কৰে। ভাৰতে জীৱন-প্রত্যাশা বৃদ্ধি কৰাৰ বাবে বিগত দশককেইটাত কেইবাটাও আগশাৰীৰ কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু পাকিস্তানতকৈ বহুখিনি আগুৱাই গৈছে। কিন্তু বাংলাদেশ আগবাঢ়ি যোৱাৰ ক্ষেত্রত এইচ এ এল ইয়ে প্রভাৱ পেলাইছে। প্রতিবেদনখনত উল্লেখ কৰা মতে, ভাৰতত মৃত্যুৰ আটাইতকৈ ডাঙৰ দহটা কাৰণৰ ভিতৰত অন্যতম হ'ল পথ দুর্ঘটনা।
দেশখনত পুৰুষৰ মৃত্যুৰ প্ৰথম দহটা কাৰণৰ ভিতৰত অষ্টম স্থানত আছে পথ দুর্ঘটনা। মহিলাৰ ক্ষেত্ৰত অষ্টম স্থানত আছে উচ্চ স্থান বা আন কাৰণত পিচল খাই পৰাতো। কিন্তু পুৰুষ আৰু মহিলা উভয়ৰে পথ দুৰ্ঘটনাত নিহত হোৱাটোৱে এই তালিকাত দশম স্থান লাভ কৰিছে। ভাৰতত ২০২৩ চনত পথ দুর্ঘটনাত ১.৭৪ লাখ লোকে প্রাণ হেৰুৱায় আৰু সমগ্র বিশ্বত পথ দুর্ঘটনাত নিহত হোৱা লোকৰ সংখ্যা ১৪%। বিশ্বত সেই বছৰ মুঠ ১২.২ লাখ লোকৰ মৃত্যু হৈছিল। ভাৰতত পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে আৰু যোৱা বছৰ ১.৮৩ লাখ লোকৰ মৃত্যু হয়। ভাৰতত প্রতি দিনে পথ দুর্ঘটনাত প্রায় ৫০০জন লোকে প্রাণ হেৰুৱায়।
উৎস: দৈনিক জনমভূমি