--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ২০২৩ চনৰে পৰা চলি থকা ভাৰত-চীন সীমান্তৰ উত্তেজনাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে এই গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে। এই সিদ্ধান্তৰ মূল উদ্দেশ্য হৈছে এই স্পর্শকাতৰ সীমান্ত অঞ্চলবোৰৰ সঠিক চিনাক্তকৰণ নিশ্চিত কৰা আৰু জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰা।

ডিজিটেল ডেস্ক : চুবুৰীয়া চীনে ভাৰতৰ অবিচ্ছেদ্য অংশ অৰুণাচল প্রদেশৰ কেইবাখনো সীমান্তৱর্তী ঠাইৰ নতুন নামকৰণৰ অপচেষ্টা কৰাৰ পাছত কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ এটা গুৰুত্বপূর্ণ পদক্ষেপ লৈছে।


ভাৰত চৰকাৰে লাডাখৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসনৰ সৈতে আলোচনা কৰি ভাৰতীয় জৰীপ বিভাগৰ আনুষ্ঠানিক মানচিত্রত চীন সীমান্তৱর্তী লাডাখৰ ২৮টা গুৰুত্বপূৰ্ণ ভৌগোলিক স্থানক মানক নাম দি অন্তর্ভুক্ত কৰিছে। 


২০২৩ চনৰে পৰা চলি থকা ভাৰত-চীন সীমান্তৰ উত্তেজনাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে এই গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে। এই সিদ্ধান্তৰ মূল উদ্দেশ্য হৈছে এই স্পর্শকাতৰ সীমান্ত অঞ্চলবোৰৰ সঠিক চিনাক্তকৰণ নিশ্চিত কৰা আৰু জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰা। এই ২৮টা গুৰুত্বপূর্ণ স্থানৰ ভিতৰত পৰ্বত শৃংগ, গিৰিপথ, হিমবাহ, উপত্যকা, নদী, হ্রদ আৰু ভূমিভাগ অন্তর্ভুক্ত আছে। পর্বত শৃংগৰ ভিতৰত অতীশা গিৰি, কমিস্ক শৃংগ, মার্তণ্ড গিৰি, জোৰাৱাৰ শৃংগ, বিনচেন জাংপো, শাক্যশ্রী গিৰি, মাপা লোতছাভা বি, মিলাৰেপা, কংৰি, শিৱৰি আৰু মহেশ্বৰ ৰি আছে।


পৰ্বতৰ ভিতৰত কৰুণ পীৰ, ড্রাক কার্পো আৰু জোলমোৰি। গিৰিপথৰ ভিতৰত চাপচিংগল গিৰিপথ আৰু ছাছমির্ক গিৰিপথ। আনহাতে, হিমবাহৰ ভিতৰত পার্পিক আৰু স্কামৰি হিমবাহ আছে। ভূমিভাগৰ ভিতৰত ব্রাংছা, কুবচেল, দেহৰা কম্পাছ, গোগ্রা, কুমাৰায়ন পইণ্ট, পাংলুং আৰু চামাল লুংপা। অন্যান্য ভৌগোলিক বৈশিষ্ট্য থকা স্থানসমূহৰ ভিতৰত স্কোর্গা উপত্যকা, গুক বিনপোচে হ্রদ, ইয়াংপা নদী আদি ভাৰতৰ মানচিত্ৰত অন্তর্ভুক্ত কৰা হৈছে। এই পদক্ষেপৰ গুৰুত্বপূৰ্ণ দিশটো হৈছে চৰকাৰী বিভাগ, মানচিত্র প্রস্তুতকাৰী কর্তৃপক্ষ আৰু অন্যান্য প্রতিষ্ঠানসমূহৰ বাবে ই এক প্রমাণীকৃত তথ্য হিচাপে কাম কৰিব। 


বিশেষকৈ চীন সীমান্তৱর্তী অঞ্চলত ভাৰতৰ মানচিত্ৰৰ স্পষ্টতা বজাই ৰাখিবলৈ এই পদক্ষেপে গুৰুত্বপূর্ণ ভূমিকা ল'ব। এই মানকীকৰণে স্থানীয় বাসিন্দাৰ লগতে লাডাখ ভ্রমণ কৰা পর্যটকসকলকো সঠিকভাৱে চিনাক্ত কৰাত সহায় কৰিব।


উৎস: দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূর্ণ পদক্ষেপ; চীন সীমান্তৰ নতুন মানচিত্ৰ ভাৰতৰ
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা