--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেওবাৰে নিউয়ৰ্কত টি-২০ বিশ্বকাপৰ খেলখনত ভাৰত-পাকিস্তানৰ মাজত যুঁজ হয়। সেই মেচতে দেখা পোৱা হৈছিল ৰাজনীতিৰ ৰং। পাকিস্তানৰ প্ৰাক্তন অধিনায়ক ইমৰাণ খানৰ অনুগামীসকলে তেওঁক মুক্তিৰ দাবী জনাইছে।

দুৰ্নীতিৰ অভিযোগত জেলত আছে পাকিস্তানৰ প্ৰাক্তন বিশ্ব বিজয়ী অধিনায়ক। দেওবাৰে নাছাউ কাউন্টি ক্ৰিকেট ষ্টেডিয়ামত দুয়োখন দেশৰ ক্ৰিকেট প্ৰেমীসকলে তেওঁৰ প্ৰভাৱ অনুভৱ কৰে। ইমৰাণ ভাৰত-পাকিস্তানৰ মেচ চাবলৈ যোৱা নাছিল। পাকিস্তানত জেলত থকা প্ৰাক্তন অধিনায়কগৰাকীৰ সেই সুযোগো নাই। 

কিন্তু মেচৰ মাজত ষ্টেডিয়ামৰ ওপৰেৰে এখন সৰু বিমান উৰি থাকে। সেই বিমানখনত এখন বেনাৰ লগোৱা হৈছিল। লিখা আছিল, "ইমৰাণ খানক মুকলি কৰি দিয়ক৷’’ এইদৰেই তেওঁৰ অনুগামীসকলে আন্তঃৰাষ্ট্ৰীয় মঞ্চত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক মুক্তিৰ দাবী উত্থাপন কৰিছে। ‘ৰিলিজ ইমৰাণ খান’ লিখা বেনাৰখন ক্ৰিকেট প্ৰেমীৰ দৃষ্টিৰ পৰা সাৰি নগ’ল। বিমানখনে বেনাৰ লৈ ষ্টেডিয়ামৰ ওপৰেৰে উৰি যোৱা ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ইমৰাণৰ মুক্তিৰ এয়া প্ৰথম দাবী নহয়। ইয়াৰ পূৰ্বে পাকিস্তান-আয়াৰলেণ্ড ছিৰিজৰ সময়ত ইমৰাণৰ এজন সমৰ্থকে ‘ফ্ৰী ইমৰাণ খান’ বুলি লিখা পোষ্টাৰত মহম্মদ ৰিজৱানৰ স্বাক্ষৰ লোৱা দেখা গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement