--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশত এতিয়া বিধানসভা নিৰ্বাচনৰ কুচকাৱাজ পূৰাদমে চলি আছে। এই নিৰ্বাচন কেন্দ্ৰিক ব্যস্ততাৰ মাজতে সমাজবাদী পাৰ্টিৰ নেতা আৰু তেওঁলোকৰ সহযোগীসকলৰ ঘৰত আয়কৰ বিভাগে অভিযান চলায়। এই অভিযানত বিভাগটোৰ দ্বাৰা ৮০০ কোটি টকাৰ বৃহৎ কৰ ফাঁকিৰ কেলেংকাৰীৰ কথা পোহৰলৈ আহে। অভিযানটোত সমাজবাদী পাৰ্টিৰ নেতা আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ পৰা বিদেশী টিকট সম্পৰ্কীয় গুৰুত্বপূৰ্ণ নথিপত্ৰ উদ্ধাৰ কৰা হয়। একে সময়তে বিলোপ কৰিবলৈ চেষ্টা কৰা কিছুমান বেংক একাউণ্টো এই অভিযানত ধৰা পৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ তথ্যটো হ'ল যে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টিৰ বিয়াগোম নেতা অখিলেশ যাদৱৰ এজন বিশেষ ব্যক্তিয়ে নয়ডাত ৯২ লাখ টকাত এক বিতৰ্কিত ভূমি ক্ৰয় কৰিছিল। যাৰ মূল্য বজাৰত ৪০ কোটি টকা।

কৰফাঁকি দিয়া নেতাসকলৰ ভিতৰত আছে জৈনেন্দ্ৰ যাদৱ, ৰাহুল ভাছিন, ৰাজীৱ ৰায় আৰু জগত সিং। আয়কৰ বিভাগে ৩০ টাতকৈও অধিক স্থানত অভিযান চলাইছে, মুখ্যতঃ দিল্লী এনচিআৰ, লক্ষ্ণৌ, কলকাতা। আয়কৰ বিভাগে কিছুদিনৰ পূৰ্বে কোটি কোটি টকাৰ অবৈধ উপাৰ্জনৰ বিষয়ে জানিব পাৰিছিল। সেই অনুসৰি এই অভিযান চলায় আৰু অভিযানটোত বিভাগটোৱে স্বাক্ষৰিত চেক, জাল ৰচিদ, অজ্ঞাত বিনিয়োগ, অজ্ঞাত উপাৰ্জন আদিৰ প্ৰমাণ পায়।

অভিযানৰ সময়ত আয়কৰ বিভাগে ৮৬ কোটি টকাৰ ঘোষিত উপাৰ্জনৰ প্ৰমাণ লাভ কৰিছে। এতিয়ালৈকে কৰ্তৃপক্ষই ১৫০ কোটি টকাৰ কাগজ-পত্ৰ লাভ কৰা নাই। অভিযানৰ সময়ত বিভাগটোৱে ৩.৫ কোটি টকাৰ বেনাম সম্পত্তি লাভ কৰিছে। কলকাতাত ৪০ কোটি টকাৰ ভুৱা মূলধনৰ শ্বেয়াৰৰ অধিকাৰো হস্তান্তৰ কৰা হৈছে। লগতে ১৫৪ কোটি টকাৰ ভুৱা কোম্পানীৰ নামত অসুৰক্ষিত ঋণৰ বিৱৰণ দেখুওৱা হৈছিল। কিছুমান স্থানৰ পৰা নগদ ১.১২ কোটি টকা জব্দ কৰিছে আয়কৰ বিভাগে।

আৰু পঢ়কঃ উত্তৰ প্ৰদেশত নাৰীৰ ভোটৰ আশাত ১০০০কোটিৰ পেকেজ মোদীৰ


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ