--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী তথা বচ্চন পৰিয়ালৰ বোৱাৰী ঐশ্বৰ্য ৰায় বচ্চনক সোমবাৰে ‘পানামা পেপাৰ্ছ কেলেংকাৰি’ৰ সন্দৰ্ভত ‘ইডি’-এ জেৰা কৰে। সংসদৰ মজিয়াত ব্যক্তিগত বিষয়ে স্থান পোৱাত একপ্ৰকাৰ খঙত অগ্নিশৰ্মা হৈ পৰে ঐশ্বৰ্যৰ শাহু, সমাজবাদী দলৰ সাংসদ তথা অভিনেত্ৰী জয়া বচ্চন। ইডি-এ ঐশ্বৰ্য ৰায়ক জেৰা কৰা প্ৰসংগত কৰা মন্তব্যৰ বিৰুদ্ধে গৰজি উঠিছিল জয়াৰ বচ্চন।

সাংসদ জয়া বচ্চনে কয় যে, “সংসদত বহি তেওঁলোকে কেনেকৈ ব্যক্তিগত মন্তব্য কৰিব পাৰে? এইটো অত্যন্ত দুৰ্ভাগ্যজনক যে, সহকৰ্মীসকলৰ প্ৰতি আপোনালোকৰ পৰ্যাপ্ত শ্ৰদ্ধা বা সন্মান নাই? বিজেপিৰ বেয়া দিন আৰম্ভ হ’বলৈ ধৰিছে। আপোনালোকৰ পতন হ’ব, মই অভিশাপ দিছো।” উল্লেখ্য যে, ড্ৰাগছ সংক্ৰান্ত বিধেয়কৰ ওপৰত আলোচনাত অংশ লৈ থকাৰ সময়তে সংসদৰ মজিয়াত এজন বিজেপি সাংসদে জয়া বচ্চন আৰু তেওঁৰ বোৱাৰীয়েক ঐশ্চৰ্য ৰায় বচ্চনক ইডিয়ে জেৰা কৰাৰ প্ৰসংগ টানি অনাত সৰব হৈ পৰে সাংসদ জয়া বচ্চন৷


সংসদৰ মজিয়াত জয়াই কৰা এই কৰ্মক লৈ এতিয়া দেশজুৰি আৰম্ভ হৈছে সৰব চৰ্চা৷ দেশবাসীয়ে মাজত এতিয়া চৰ্চা হৈছে যে বোৱাৰী ঐশ্বৰ্য ৰায়ক সমৰ্থন কৰিবলৈ গৈ হয়তো তেওঁ এতিয়া সৰব হৈছে৷ কিয়নো দীৰ্ঘদিন ধৰি ৰাইজৰ মাজত অভিযোগ আছিল যে, বচ্চন পৰিয়ালে সমাজৰ বাবে আজিলৈকে এষাৰো মাত মতা নাই৷ সমাজৰ হিতৰ বাবে তেওঁলোকে কোনো কাম নকৰিলে বুলি কোৱাৰ লগতে বচ্চন পৰিয়ালটোকে আত্মকেন্দ্ৰিক বুলি ক’ব বিচাৰে৷

সংসদৰ মজিয়াত মোদী চৰকাৰৰ দুৰ্নীতি-ভ্ৰষ্টচাৰ দেখিও সদায়েই তেওঁ নীৰৱ দৰ্শকৰ ভূমিকাহে পালন কৰিছিল৷ জিএছটি, বিমুদ্ৰাকৰণ ইত্যাদি চৰকাৰৰ নেতিবাচক কাৰ্য-কলাপতো বচ্চন পৰিয়ালে এষাৰো মাত নামাতিলে এনে পৰিপ্ৰেক্ষিতত এতিয়া বোৱাৰী ঐশ্বৰ্যক বচাবলৈকে সংসদৰ মজিয়াত মোদী চৰকাৰৰ বিৰুদ্ধে যে জয়া সৰব হৈছে, সেইটো নিশ্চিত৷ একাংশ লোকে এতিয়া সামাজিক মাধ্যমত মন্তব্য কৰিছে যে, বিজেপিয়ে জয়াৰ ব্ৰক্ষ্মতালুত খোঁট মাৰাটোতহে যেন বিজেপি চৰকাৰৰ বেয়া দিনবোৰ দেখিছে জয়া বচ্চনে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক