--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী তথা বচ্চন পৰিয়ালৰ বোৱাৰী ঐশ্বৰ্য ৰায় বচ্চনক সোমবাৰে ‘পানামা পেপাৰ্ছ কেলেংকাৰি’ৰ সন্দৰ্ভত ‘ইডি’-এ জেৰা কৰে। সংসদৰ মজিয়াত ব্যক্তিগত বিষয়ে স্থান পোৱাত একপ্ৰকাৰ খঙত অগ্নিশৰ্মা হৈ পৰে ঐশ্বৰ্যৰ শাহু, সমাজবাদী দলৰ সাংসদ তথা অভিনেত্ৰী জয়া বচ্চন। ইডি-এ ঐশ্বৰ্য ৰায়ক জেৰা কৰা প্ৰসংগত কৰা মন্তব্যৰ বিৰুদ্ধে গৰজি উঠিছিল জয়াৰ বচ্চন।

সাংসদ জয়া বচ্চনে কয় যে, “সংসদত বহি তেওঁলোকে কেনেকৈ ব্যক্তিগত মন্তব্য কৰিব পাৰে? এইটো অত্যন্ত দুৰ্ভাগ্যজনক যে, সহকৰ্মীসকলৰ প্ৰতি আপোনালোকৰ পৰ্যাপ্ত শ্ৰদ্ধা বা সন্মান নাই? বিজেপিৰ বেয়া দিন আৰম্ভ হ’বলৈ ধৰিছে। আপোনালোকৰ পতন হ’ব, মই অভিশাপ দিছো।” উল্লেখ্য যে, ড্ৰাগছ সংক্ৰান্ত বিধেয়কৰ ওপৰত আলোচনাত অংশ লৈ থকাৰ সময়তে সংসদৰ মজিয়াত এজন বিজেপি সাংসদে জয়া বচ্চন আৰু তেওঁৰ বোৱাৰীয়েক ঐশ্চৰ্য ৰায় বচ্চনক ইডিয়ে জেৰা কৰাৰ প্ৰসংগ টানি অনাত সৰব হৈ পৰে সাংসদ জয়া বচ্চন৷


সংসদৰ মজিয়াত জয়াই কৰা এই কৰ্মক লৈ এতিয়া দেশজুৰি আৰম্ভ হৈছে সৰব চৰ্চা৷ দেশবাসীয়ে মাজত এতিয়া চৰ্চা হৈছে যে বোৱাৰী ঐশ্বৰ্য ৰায়ক সমৰ্থন কৰিবলৈ গৈ হয়তো তেওঁ এতিয়া সৰব হৈছে৷ কিয়নো দীৰ্ঘদিন ধৰি ৰাইজৰ মাজত অভিযোগ আছিল যে, বচ্চন পৰিয়ালে সমাজৰ বাবে আজিলৈকে এষাৰো মাত মতা নাই৷ সমাজৰ হিতৰ বাবে তেওঁলোকে কোনো কাম নকৰিলে বুলি কোৱাৰ লগতে বচ্চন পৰিয়ালটোকে আত্মকেন্দ্ৰিক বুলি ক’ব বিচাৰে৷

সংসদৰ মজিয়াত মোদী চৰকাৰৰ দুৰ্নীতি-ভ্ৰষ্টচাৰ দেখিও সদায়েই তেওঁ নীৰৱ দৰ্শকৰ ভূমিকাহে পালন কৰিছিল৷ জিএছটি, বিমুদ্ৰাকৰণ ইত্যাদি চৰকাৰৰ নেতিবাচক কাৰ্য-কলাপতো বচ্চন পৰিয়ালে এষাৰো মাত নামাতিলে এনে পৰিপ্ৰেক্ষিতত এতিয়া বোৱাৰী ঐশ্বৰ্যক বচাবলৈকে সংসদৰ মজিয়াত মোদী চৰকাৰৰ বিৰুদ্ধে যে জয়া সৰব হৈছে, সেইটো নিশ্চিত৷ একাংশ লোকে এতিয়া সামাজিক মাধ্যমত মন্তব্য কৰিছে যে, বিজেপিয়ে জয়াৰ ব্ৰক্ষ্মতালুত খোঁট মাৰাটোতহে যেন বিজেপি চৰকাৰৰ বেয়া দিনবোৰ দেখিছে জয়া বচ্চনে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ