--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ 'মনালিছা' মানেই লিঅ'নাৰ্ড' দ্য ভিঞ্চি আৰু লিঅ'নাৰ্ড' দ্য ভিঞ্চি মানেই 'মনালিছা'। মনালিছা বিশ্বৰ চিত্ৰ জগতৰ এখন ঐতিহাসিক চিত্ৰ। এই ছবিখন চিনি নোপোৱা মানুহ বিশ্বতে বিৰল। বিশ্ববিশ্রুত চিত্রশিল্পী লিঅ'নাৰ্ড' দ্য ভিঞ্চিয়ে অংকন কৰা 'মনালিছা' ছবিখন সমগ্র বিশ্ববাসীৰ বাবে এখন অতিকৈ চিনাকী ছবি। মনালিছাক কেন্দ্ৰ কৰি কিমানে যে গল্প, কবিতা, প্ৰবন্ধ আদি লিখিছে তাৰ হিচাপ নাই। যুৱতীৰ ধুনীয়া হাঁহিক মনালিছাৰ হাঁহিৰ সৈতে তুলনা কৰা হয়।

মানুহে আটাইতকৈ বেছিকৈ চোৱা,আটাইতকৈ প্ৰশংসা পোৱা আৰু বৰ্তমানলৈ আটাইতকৈ বেছি বিক্ৰী হোৱা ছবিখনেই হৈছে মনালিছা। মনালিছা ইমান বিখ্যাত হোৱাৰ কাৰণটো হ'ল ইয়াৰ হাঁহি। মনালিছাৰ হাঁহিটোক লৈ এতিয়াও গৱেষণা চলি আছে। কোৱা হয় মনালিছাৰ হাঁহিটো ৰহস্যময়। এই ছবিখনৰ ওপৰত বছৰ বছৰ ধৰি গৱেষণা চলি আছে, কাৰণ ইয়াৰ আঁৰত বহু ৰহস্য লুকাই আছে। 'মনালিছা'ৰ জনপ্রিয়তাৰ প্রথম আৰু প্রধান কাৰণটি মনালিছাৰ হাঁহিত লুকাই আছে বুলি কোৱা হয়।

মনালিছাৰ অৰ্ধ-হাঁহিটি এক ৰহস্যময় হাঁহি। এই হাঁহিৰ ৰহস্য ফাদিল কৰিবলৈ চেষ্টা কৰিও বিফল হৈছে বিশ্ববিখ্যাত মনোবিজ্ঞানী চিগমণ্ড ফ্রয়ডকে ধৰি বিশ্বৰ অগনণ চিত্রশিল্প বিশেষজ্ঞ। লিঅ'নাৰ্ড' দ্য ভিঞ্চিয়ে বহু বিখ্যাত ছবি আঁকি গৈছে যদিও মনালিছাই তেওঁক অমৰ সজালে। ভিঞ্চিৰ মনালিছা চিৰকাল চিত্রপ্রেমীসকলৰ বাবে এক আকৰ্ষণীয় বিষয় হৈ ৰ'ব। কিন্তু এই বিশ্ববিশ্ৰুত ছবিখনকো কেতিয়াবা বিকৃত কৰে এচাম দুস্কৃতিকাৰীয়ে।

শেহতীয়াকৈ মনালিছাৰ এখন বিকৃত ফটো ইনষ্টাগ্ৰামত পোষ্ট হৈছে। gymflow100 নামৰ একাউণ্টৰ পৰা মনালিছাৰ এখন বিকৃত ফটো আপলোড হৈছে, ইয়াকে লৈ চিত্ৰপ্ৰেমীসকলে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। ফটোখনত দেখা গৈছে মনালিছাক Before Fitness আৰু After Fitness ৰূপত উপস্থাপন কৰা হৈছে। Before Fitnessত মনালিছাৰ প্ৰকৃত ফটোখন ৰাখি After Fitnessত এগৰাকী যুৱতীৰ অৰ্দ্ধনগ্ন শৰীৰ দেখুওৱা হৈছে। মনালিছাৰ দৰে ঐতিহাসিক ফটোক লৈ এইদৰে ধেমালি খেলা বাবে ভিন্নজনে তীব্ৰ সমালোচনা কৰিছে আৰু এনেধৰণৰ বিকৃত ৰুচিৰ কাম নকৰিবলৈ সকীয়াই দিছে।

আৰু পঢ়কঃ আয়কৰ তালাচীত কোন ৰাজনৈতিক নেতাৰ ৮০০কোটিৰ কৰফাঁকি ধৰা পৰিল ?


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ