ডিজিটেল ডেস্কঃ 'মনালিছা' মানেই লিঅ'নাৰ্ড' দ্য ভিঞ্চি আৰু লিঅ'নাৰ্ড' দ্য ভিঞ্চি মানেই 'মনালিছা'। মনালিছা বিশ্বৰ চিত্ৰ জগতৰ এখন ঐতিহাসিক চিত্ৰ। এই ছবিখন চিনি নোপোৱা মানুহ বিশ্বতে বিৰল। বিশ্ববিশ্রুত চিত্রশিল্পী লিঅ'নাৰ্ড' দ্য ভিঞ্চিয়ে অংকন কৰা 'মনালিছা' ছবিখন সমগ্র বিশ্ববাসীৰ বাবে এখন অতিকৈ চিনাকী ছবি। মনালিছাক কেন্দ্ৰ কৰি কিমানে যে গল্প, কবিতা, প্ৰবন্ধ আদি লিখিছে তাৰ হিচাপ নাই। যুৱতীৰ ধুনীয়া হাঁহিক মনালিছাৰ হাঁহিৰ সৈতে তুলনা কৰা হয়।
মানুহে আটাইতকৈ বেছিকৈ চোৱা,আটাইতকৈ প্ৰশংসা পোৱা আৰু বৰ্তমানলৈ আটাইতকৈ বেছি বিক্ৰী হোৱা ছবিখনেই হৈছে মনালিছা। মনালিছা ইমান বিখ্যাত হোৱাৰ কাৰণটো হ'ল ইয়াৰ হাঁহি। মনালিছাৰ হাঁহিটোক লৈ এতিয়াও গৱেষণা চলি আছে। কোৱা হয় মনালিছাৰ হাঁহিটো ৰহস্যময়। এই ছবিখনৰ ওপৰত বছৰ বছৰ ধৰি গৱেষণা চলি আছে, কাৰণ ইয়াৰ আঁৰত বহু ৰহস্য লুকাই আছে। 'মনালিছা'ৰ জনপ্রিয়তাৰ প্রথম আৰু প্রধান কাৰণটি মনালিছাৰ হাঁহিত লুকাই আছে বুলি কোৱা হয়।
মনালিছাৰ অৰ্ধ-হাঁহিটি এক ৰহস্যময় হাঁহি। এই হাঁহিৰ ৰহস্য ফাদিল কৰিবলৈ চেষ্টা কৰিও বিফল হৈছে বিশ্ববিখ্যাত মনোবিজ্ঞানী চিগমণ্ড ফ্রয়ডকে ধৰি বিশ্বৰ অগনণ চিত্রশিল্প বিশেষজ্ঞ। লিঅ'নাৰ্ড' দ্য ভিঞ্চিয়ে বহু বিখ্যাত ছবি আঁকি গৈছে যদিও মনালিছাই তেওঁক অমৰ সজালে। ভিঞ্চিৰ মনালিছা চিৰকাল চিত্রপ্রেমীসকলৰ বাবে এক আকৰ্ষণীয় বিষয় হৈ ৰ'ব। কিন্তু এই বিশ্ববিশ্ৰুত ছবিখনকো কেতিয়াবা বিকৃত কৰে এচাম দুস্কৃতিকাৰীয়ে।

শেহতীয়াকৈ মনালিছাৰ এখন বিকৃত ফটো ইনষ্টাগ্ৰামত পোষ্ট হৈছে। gymflow100 নামৰ একাউণ্টৰ পৰা মনালিছাৰ এখন বিকৃত ফটো আপলোড হৈছে, ইয়াকে লৈ চিত্ৰপ্ৰেমীসকলে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। ফটোখনত দেখা গৈছে মনালিছাক Before Fitness আৰু After Fitness ৰূপত উপস্থাপন কৰা হৈছে। Before Fitnessত মনালিছাৰ প্ৰকৃত ফটোখন ৰাখি After Fitnessত এগৰাকী যুৱতীৰ অৰ্দ্ধনগ্ন শৰীৰ দেখুওৱা হৈছে। মনালিছাৰ দৰে ঐতিহাসিক ফটোক লৈ এইদৰে ধেমালি খেলা বাবে ভিন্নজনে তীব্ৰ সমালোচনা কৰিছে আৰু এনেধৰণৰ বিকৃত ৰুচিৰ কাম নকৰিবলৈ সকীয়াই দিছে।
আৰু পঢ়কঃ আয়কৰ তালাচীত কোন ৰাজনৈতিক নেতাৰ ৮০০কোটিৰ কৰফাঁকি ধৰা পৰিল ?