--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আয়কৰ বিভাগ আৰু ইডিৰ অভিযানৰ পাছতেই বিজেপিক বিপুল পৰিমাণৰ ধন আগবঢ়াইছে কেইবাটাও কৰ্পৰেটে। শেহতীয়াকৈ একাংশ সংবাদ মাধ্যমত প্ৰকাশ পাইছে এই খবৰ।প্ৰকৃত তথ্য জানিবলৈ কংগ্ৰেছে শুকুৰবাৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ পৰা শ্বেতপত্ৰৰ দাবী জনায়৷

শুকুৰবাৰে এআইচিচিৰ সাধাৰণ সম্পাদক কেচি বেণুগোপালে কয় যে ‘নিউ লণ্ড্ৰী’ আৰু ‘দ্য নিউজ মিনিট’ নামৰ দুটা অনলাইন সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিত আয়কৰ বিভাগ, ইডি, চিবিআই আদি কেন্দ্ৰীয় সংস্থাই একাংশ কৰ্পৰেট সংস্থাত অভিযান চলোৱা বুলি দাবী কৰা হৈছে। 

বেণুগোপালে কয় যে, ‘আমি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ পৰা এই ঘটনা স্পষ্ট কৰিবলৈ শ্বেতপত্ৰ বিচাৰিছো।’ বেণুগোপালে প্ৰেৰণ কৰা বুলিও দাবী কৰিছে। প্ৰসংগক্ৰমে অলপতে সংসদৰ বাজেট অধিবেশনত নৰেন্দ্ৰ মোদী চৰকাৰৰ বিত্তমন্ত্ৰীয়ে পূৰ্বৰ ইউ পি চৰকাৰৰ আৰ্থিক ‘পৰিস্থিতি’ সম্পৰ্কে এখন শ্বেতপত্ৰ প্ৰকাশ কৰিছিল।

প্ৰসংগক্ৰমে দুটা অনলাইন মাধ্যমত প্ৰকাশিত বাতৰিত দাবী কৰা হৈছে যে ২০১৮-১৯ৰ পৰা ২০২২-২৩ বৰ্ষৰ ভিতৰত ৩০টা কৰ্পৰেট সংস্থাই বিজেপিলৈ ৩৩৫ কোটি টকা অনুদান আগবঢ়াইছে। তাৰ ভিতৰত ২৩টা কৰ্পৰেট গোটে আয়কৰ বিভাগ, ইডি বা চিবিআইৰ অনুসন্ধান অভিযানৰ পূৰ্বে কেতিয়াও বিজেপি দলৰ পুঁজিলৈ বৰঙণি আগবঢ়োৱা নাছিল! প্ৰকাশিত প্ৰতিবেদনত দাবী কৰা হৈছে যে কেন্দ্ৰীয় সংস্থাটোৱে অন্য কৰ্পৰেট গোটৰ ওপৰত অভিযান চলোৱাৰ পাছত বিজেপিৰ পুঁজিলৈ অনুদান আগবঢ়াইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু