--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আয়কৰ বিভাগ আৰু ইডিৰ অভিযানৰ পাছতেই বিজেপিক বিপুল পৰিমাণৰ ধন আগবঢ়াইছে কেইবাটাও কৰ্পৰেটে। শেহতীয়াকৈ একাংশ সংবাদ মাধ্যমত প্ৰকাশ পাইছে এই খবৰ।প্ৰকৃত তথ্য জানিবলৈ কংগ্ৰেছে শুকুৰবাৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ পৰা শ্বেতপত্ৰৰ দাবী জনায়৷

শুকুৰবাৰে এআইচিচিৰ সাধাৰণ সম্পাদক কেচি বেণুগোপালে কয় যে ‘নিউ লণ্ড্ৰী’ আৰু ‘দ্য নিউজ মিনিট’ নামৰ দুটা অনলাইন সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিত আয়কৰ বিভাগ, ইডি, চিবিআই আদি কেন্দ্ৰীয় সংস্থাই একাংশ কৰ্পৰেট সংস্থাত অভিযান চলোৱা বুলি দাবী কৰা হৈছে। 

বেণুগোপালে কয় যে, ‘আমি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ পৰা এই ঘটনা স্পষ্ট কৰিবলৈ শ্বেতপত্ৰ বিচাৰিছো।’ বেণুগোপালে প্ৰেৰণ কৰা বুলিও দাবী কৰিছে। প্ৰসংগক্ৰমে অলপতে সংসদৰ বাজেট অধিবেশনত নৰেন্দ্ৰ মোদী চৰকাৰৰ বিত্তমন্ত্ৰীয়ে পূৰ্বৰ ইউ পি চৰকাৰৰ আৰ্থিক ‘পৰিস্থিতি’ সম্পৰ্কে এখন শ্বেতপত্ৰ প্ৰকাশ কৰিছিল।

প্ৰসংগক্ৰমে দুটা অনলাইন মাধ্যমত প্ৰকাশিত বাতৰিত দাবী কৰা হৈছে যে ২০১৮-১৯ৰ পৰা ২০২২-২৩ বৰ্ষৰ ভিতৰত ৩০টা কৰ্পৰেট সংস্থাই বিজেপিলৈ ৩৩৫ কোটি টকা অনুদান আগবঢ়াইছে। তাৰ ভিতৰত ২৩টা কৰ্পৰেট গোটে আয়কৰ বিভাগ, ইডি বা চিবিআইৰ অনুসন্ধান অভিযানৰ পূৰ্বে কেতিয়াও বিজেপি দলৰ পুঁজিলৈ বৰঙণি আগবঢ়োৱা নাছিল! প্ৰকাশিত প্ৰতিবেদনত দাবী কৰা হৈছে যে কেন্দ্ৰীয় সংস্থাটোৱে অন্য কৰ্পৰেট গোটৰ ওপৰত অভিযান চলোৱাৰ পাছত বিজেপিৰ পুঁজিলৈ অনুদান আগবঢ়াইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক