--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  লোকসভা নিৰ্বাচনৰ দিন কেতিয়া ঘোষণা কৰা হ’ব তাকেলৈ বহুতৰে মনত কৌতূহলৰ সৃষ্টি হৈছে৷  কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ বিষয়াসকলে বৰ্তমান নিৰ্বাচনৰ প্ৰস্তুতি পৰ্যালোচনা কৰিবলৈ বিভিন্ন ৰাজ্য ভ্ৰমণ কৰি আছে। তেওঁলোক বৰ্তমান তামিলনাডুত আছে আৰু ইয়াৰ পিছতে তেওঁলোকে উত্তৰ প্ৰদেশ আৰু জম্মু আৰু কাশ্মীৰলৈ যাব।

এই ভ্ৰমণ  ১৩ মাৰ্চৰ আগতে সমাপ্ত হ'ব বুলি আশা কৰা হৈছে। সেয়েহেনিৰ্বাচনৰ তাৰিখ উক্ত তাৰিখত বা তাৰ ঠিক পিছতে   ঘোষণা কৰা হ'ব পাৰে বুলি বিভিন্ন মহলত চৰ্চা চলিছে৷   ইণ্ডিয়া টুডেৰ প্ৰতিবেদন অনুসৰি তেনে  ইংগিত এতিয়া স্পষ্ট হৈ পৰিছে৷ বহু কেইটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমেও এনে সম্ভাৱনাৰ কথা প্ৰকাশ কৰিছে৷ 

নিৰ্বাচন আয়োগে ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ তাৰিখ ১০ মাৰ্চত ঘোষণা কৰিছিল। ১১ এপ্ৰিলৰ পৰা ১৯ মে'লৈ সাতটা পৰ্যায়ত ৫৪৩ খন আসনৰ  বাবে লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল। ভোট গণনা আৰু ফলাফল  ২৩ মে'ত অনুষ্ঠিত হৈছিল।

ইয়াৰ উপৰি  ২০১৯  চনত, প্ৰায় ৯১২  নিযুত (৯১.২  কোটি) লোক ভোটদানৰ বাবে যোগ্য আছিল, যাৰ ভিতৰত ৬৭ শতাংশতকৈও অধিক লোকে ভোটদানৰ অধিকাৰ প্ৰয়োগ কৰিছিল। নিৰ্বাচন আয়োগৰ মতে এই বছৰ প্ৰায় ৯৭ কোটি লোকে ভোট দান কৰিবলৈ সক্ষম হ'ব।অন্ধ্ৰ প্ৰদেশ, অৰুণাচল প্ৰদেশ, ওড়িশা আৰু ছিকিমৰ দৰে ৰাজ্যত একেলগে লোকসভা আৰু  বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব।
 
ইফালে, বিভিন্ন ৰাজ্যৰ ৰাজনৈতিক দলসমূহে ইতিমধ্যে তেওঁলোকৰ দলসমূহ  সুশৃংখল কৰাৰ কাম আৰম্ভ কৰিছে। তেনে ক্ষেত্ৰত, নিৰ্বাচনৰ দিন কেতিয়া ঘোষণা কৰা হ'ব, কেতিয়া ভোটগ্ৰহণ অনুষ্ঠিত হ'ব, কিমানটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব সেই বিষয়ে বিভিন্ন আলোচনা হৈছে। ইয়াৰ মাজতে বহুতে ১৩ মাৰ্চৰ পিছতে লোকসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰা হ'ব পাৰে বুলি ধাৰণা কৰিছে৷ অৱশ্যে প্ৰকৃততে নিৰ্বাচনৰ দিন কেতিয়া ঘোষণা হয় সেয়া সময়েহে ক’ব৷
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু