--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  লোকসভা নিৰ্বাচনৰ দিন কেতিয়া ঘোষণা কৰা হ’ব তাকেলৈ বহুতৰে মনত কৌতূহলৰ সৃষ্টি হৈছে৷  কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ বিষয়াসকলে বৰ্তমান নিৰ্বাচনৰ প্ৰস্তুতি পৰ্যালোচনা কৰিবলৈ বিভিন্ন ৰাজ্য ভ্ৰমণ কৰি আছে। তেওঁলোক বৰ্তমান তামিলনাডুত আছে আৰু ইয়াৰ পিছতে তেওঁলোকে উত্তৰ প্ৰদেশ আৰু জম্মু আৰু কাশ্মীৰলৈ যাব।

এই ভ্ৰমণ  ১৩ মাৰ্চৰ আগতে সমাপ্ত হ'ব বুলি আশা কৰা হৈছে। সেয়েহেনিৰ্বাচনৰ তাৰিখ উক্ত তাৰিখত বা তাৰ ঠিক পিছতে   ঘোষণা কৰা হ'ব পাৰে বুলি বিভিন্ন মহলত চৰ্চা চলিছে৷   ইণ্ডিয়া টুডেৰ প্ৰতিবেদন অনুসৰি তেনে  ইংগিত এতিয়া স্পষ্ট হৈ পৰিছে৷ বহু কেইটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমেও এনে সম্ভাৱনাৰ কথা প্ৰকাশ কৰিছে৷ 

নিৰ্বাচন আয়োগে ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ তাৰিখ ১০ মাৰ্চত ঘোষণা কৰিছিল। ১১ এপ্ৰিলৰ পৰা ১৯ মে'লৈ সাতটা পৰ্যায়ত ৫৪৩ খন আসনৰ  বাবে লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল। ভোট গণনা আৰু ফলাফল  ২৩ মে'ত অনুষ্ঠিত হৈছিল।

ইয়াৰ উপৰি  ২০১৯  চনত, প্ৰায় ৯১২  নিযুত (৯১.২  কোটি) লোক ভোটদানৰ বাবে যোগ্য আছিল, যাৰ ভিতৰত ৬৭ শতাংশতকৈও অধিক লোকে ভোটদানৰ অধিকাৰ প্ৰয়োগ কৰিছিল। নিৰ্বাচন আয়োগৰ মতে এই বছৰ প্ৰায় ৯৭ কোটি লোকে ভোট দান কৰিবলৈ সক্ষম হ'ব।অন্ধ্ৰ প্ৰদেশ, অৰুণাচল প্ৰদেশ, ওড়িশা আৰু ছিকিমৰ দৰে ৰাজ্যত একেলগে লোকসভা আৰু  বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব।
 
ইফালে, বিভিন্ন ৰাজ্যৰ ৰাজনৈতিক দলসমূহে ইতিমধ্যে তেওঁলোকৰ দলসমূহ  সুশৃংখল কৰাৰ কাম আৰম্ভ কৰিছে। তেনে ক্ষেত্ৰত, নিৰ্বাচনৰ দিন কেতিয়া ঘোষণা কৰা হ'ব, কেতিয়া ভোটগ্ৰহণ অনুষ্ঠিত হ'ব, কিমানটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব সেই বিষয়ে বিভিন্ন আলোচনা হৈছে। ইয়াৰ মাজতে বহুতে ১৩ মাৰ্চৰ পিছতে লোকসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰা হ'ব পাৰে বুলি ধাৰণা কৰিছে৷ অৱশ্যে প্ৰকৃততে নিৰ্বাচনৰ দিন কেতিয়া ঘোষণা হয় সেয়া সময়েহে ক’ব৷
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ