--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা শনিবাৰ আৰু দেওবাৰে উত্তৰ প্ৰদেশত আৰক্ষীৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হৈছিল। এতিয়া বহু ঠাইৰ পৰা প্ৰশ্নকাকত ফাদিল হোৱাৰ খবৰ ওলাইছে। ইফালে প্ৰশ্ন কাকত ফাদিলৰ খবৰ পোহৰলৈ অহাত কন্নাউজ জিলাৰ এজন যুৱকে আত্মহত্যা কৰিছে। সমগ্ৰ বিষয়টো কোতৱালী অঞ্চলৰ ভূদ পূৰ্বা গাঁৱৰ। যুৱকজনে আত্মহত্যাৰ পূৰ্বেও লিখিছে চুইচাইড নোট। যুৱকজনৰ ছুইচাইড নোটখন অতি মৰ্মস্পৰ্শী। যুৱকজনে লিখিছে যে তেওঁৰ সকলো শিক্ষাৰ প্ৰমাণ পত্ৰ জ্বলাই দিয়া হৈছে। কোতৱালীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিষ্ণুকান্ত তিৱাৰীয়ে কয় যে আৰক্ষীয়ে মৃতদেহটো জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

‘ছুইছাইড নোট’ত ব্ৰজেশ পাল নামৰ এজন যুৱকে নিজৰ আত্মহত্যাৰ কাৰণ হিচাপে নিবনুৱা সমস্যাৰ কথা উল্লেখ কৰিছে। যুৱকজনে ছুইছাইড নোটত লিখিছে, "মোৰ মা-দেউতা, মোক ক্ষমা কৰিব, মই তোমালোকক বিশ্বাসঘাতকতা কৰিবলৈ ওলাইছো। মোৰ মৃত্যুৰ পাছত কাকো অশান্তি দিয়া উচিত নহয়। নিজৰ মৃত্যুৰ বাবে মই নিজেই দায়ী। মোৰ আৰু জীয়াই থাকিবলৈ মন নাই। আমাৰ কোনো ধৰণৰ সমস্যা হোৱা নাছিল। মোৰ হৃদয়খন মাথোঁ ভৰি পৰিছে৷ পাৰিলে মোক ক্ষমা কৰিব।


যুৱকজনে আৰু লিখিছে যে "আজি আমাৰ বাবে শেষ দিন।আজি আমি মাৰ লগত ৰাতিৰ আহাৰ খালোঁ আৰু আজি মাক দেউতাক ঠগিবলৈ ওলাইছো।মোৰ সকলো মাৰ্কশ্বিট জ্বলাই দিয়া হৈছে। চাকৰি দিব নোৱাৰা ডিগ্ৰীৰ কি কাম? আমাৰ জীৱনৰ আধা সময় পঢ়া-শুনাত পাৰ হৈ গৈছে, সেয়েহে মনটো ভৰি পৰিছে।"


সমাজবাদী পাৰ্টিৰ সভাপতি অখিলেশ যাদৱেও এই সন্দৰ্ভত এক্সত পোষ্ট কৰিছে। অখিলেশ যাদৱে লিখিছে জীৱন দিয়াটো কোনো সমাধান নহয়, কেৱল সংগ্ৰামেহে সমাধানৰ পথ বিচাৰি পায়। বিজেপি চৰকাৰত চাকৰি পোৱাৰ আশা অৰ্থহীন। প্ৰতিটো কৌশল ব্যৱহাৰ কৰি চৰকাৰ গঠন কৰা বিজেপিয়ে চাকৰি প্ৰদানৰ নামত কিয় আঁতৰি যায়!

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু