--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জা আৰু পাকিস্তানী ক্ৰিকেটাৰ শ্বোৱেইব মালিকৰ বিবাহৰ ১২ বছৰ পিছত এই দম্পতীৰ মাজত ডাঙৰ বিভাজন ঘটিছে। দুয়োজনৰে সোনকালে বিবাহ বিচ্ছেদ হ’ব পাৰে বুলি কোৱা হৈছে যদিও বহু সংবাদ মাধ্যমত দাবী কৰা হৈছে যে শ্বোৱেইব আৰু ছানিয়া আইনগতভাৱে পৃথক হৈ আছে আৰু কিছুমান আইনী সমস্যাৰ বাবে বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰা নাই।
Love across borders: The untold saga of Sania Mirza-Shoaib Malik love story

ছানিয়া আৰু শ্বোৱেইবৰ সম্পৰ্কত ফাঁট মেলাৰ আঁৰত এগৰাকী পাকিস্তানী মডেল আছে বুলি সন্দেহ কৰা হৈছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি বিবাহিত হোৱাৰ পাছতো শ্বোৱেইব মালিকে পাকিস্তানী মডেলগৰাকীৰ লগত ডেটিং কৰি আছিল আৰু যেতিয়া তেওঁৰ পত্নী ভাৰতীয় টেনিছ আইকন ছানিয়া মিৰ্জাই এই বিষয়ে গম পালে তেতিয়া শ্বোৱেইবৰ পৰা পৃথক হোৱাৰ সিদ্ধান্ত লয়। পাকিস্তানী মডেলগৰাকীৰ নাম আয়েছা ওমৰ। বহু পাকিস্তানী নাটকতো তেওঁক দেখা গৈছে।
Pakistani model Ayesha Omar reacts after being blamed for breaking Sania  Mirza and Shoaib Malik's marriage | CricketTimes.com
আগতেও এবাৰ আয়েছাই স্পষ্ট কৰি দিছে যে তেওঁ আৰু শ্বোয়েইব কেৱল ভাল বন্ধু,আন একো নহয়। আকৌ এবাৰ শ্বোৱেইব-ছানিয়াৰ বিবাহ বিচ্ছেদৰ খবৰ ওলোৱাৰ সময়ত অনুৰাগীয়ে আয়েছাক এই বিষয়ে প্ৰশ্ন কৰে। বিবাহ বিচ্ছেদৰ পাছত শ্বোৱেইবক আয়েশাই বিয়া কৰাব নেকি বুলি সোধাত অভিনেত্ৰীগৰাকীয়ে তেওঁৰ বক্তব্য দিয়ে।
Who is Ayesha Omar? The Pakistani actress who's grabbing eyeballs amidst  Sania Mirza-Shoaib Malik divorce rumours
আয়েশা ওমৰে ক'লে- ''নাই একেবাৰে নহয়। শ্বোয়েইব ছানিয়াৰ স্বামী, দুয়ো সুখী আৰু মই তেওঁলোকৰ সম্পৰ্কক সন্মান কৰো। মই আৰু শ্বোয়েইব ইজনে সিজনৰ ভাল বন্ধু আৰু শুভাকাংক্ষী। আমি ইজনে সিজনক বহুত সন্মান কৰো। এনে সম্পৰ্কও এই পৃথিৱীত গঢ় লৈ উঠে, কেৱল প্ৰেম আৰু বিবাহ সকলো নহয়।''










FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু