--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তিনিওটা ছ’চিয়েল মিডিয়া হেণ্ডেলতে ৫ কোটি অনুগামী অতিক্ৰম কৰা প্ৰথম আৰু একমাত্ৰ ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে বিৰাট কোহলী।

ভাৰতীয় তাৰকা বেটছমেন বিৰাট কোহলীয়ে আন এক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। এইবাৰ ক্ৰিকেটৰ ক্ষেত্ৰত নহয়, অন্য এক ক্ষেত্ৰতহে অভিলেখ গঢ়িলে কোহলীয়ে। তিনিওটা ডাঙৰ ছ’চিয়েল মিডিয়া হেণ্ডেল-টুইটাৰ, ফেচবুক, ইনষ্টাগ্ৰামত ৫ কোটিতকৈ অধিক ফ’ল’ৱাৰ্ছ অতিক্ৰম কৰা প্ৰথমজন ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে বিৰাট কোহলী।

এমাহত ৫০ কোটিৰো অধিক ছ’চিয়েল মিডিয়া এংগেজমেণ্ট হোৱা কোহলী হৈছে বিশ্বৰ একমাত্ৰ ক্ৰিকেটাৰ। ফেচবুকত ৫ কোটি ফ’ল’ৱাৰ লাভ কৰি তেওঁ এই মাইলৰ খুঁটি দাবী কৰা প্ৰথম আৰু একমাত্ৰ ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয় কোহলী।

বিশ্বজুৰি বিৰাট কোহলী কিমান জনপ্ৰিয় সেই কথা ইয়াৰ দ্বাৰাই প্ৰমাণিত হৈছে।

২০২২ চনৰ টি-২০ বিশ্বকাপত ভাৰতে ফাইনেলত প্ৰৱেশ কৰাত ব্যৰ্থ হোৱাৰ পিছত বৰ্তমান বিৰতি লৈ আছে ষ্টাৰ বেটছমেনগৰাকীয়ে। মাৰ্কি ইভেণ্টত ৩৪ বছৰীয়া কোহলীয়ে ২৯৬ ৰান সংগ্ৰহ কৰি আগশাৰীৰ ৰান সংগ্ৰহ কৰে। প্ৰতিযোগিতাখনত তেওঁ গড়ে ৯৮.৬৭ ৰান সংগ্ৰহ কৰে।

দেওবাৰৰ পৰা আৰম্ভ হ’বলগীয়া বাংলাদেশত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া শৃংখলাত অংশগ্ৰহণ কৰিব বিৰাট কোহলীয়ে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক