--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তিনিওটা ছ’চিয়েল মিডিয়া হেণ্ডেলতে ৫ কোটি অনুগামী অতিক্ৰম কৰা প্ৰথম আৰু একমাত্ৰ ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে বিৰাট কোহলী।

ভাৰতীয় তাৰকা বেটছমেন বিৰাট কোহলীয়ে আন এক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। এইবাৰ ক্ৰিকেটৰ ক্ষেত্ৰত নহয়, অন্য এক ক্ষেত্ৰতহে অভিলেখ গঢ়িলে কোহলীয়ে। তিনিওটা ডাঙৰ ছ’চিয়েল মিডিয়া হেণ্ডেল-টুইটাৰ, ফেচবুক, ইনষ্টাগ্ৰামত ৫ কোটিতকৈ অধিক ফ’ল’ৱাৰ্ছ অতিক্ৰম কৰা প্ৰথমজন ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে বিৰাট কোহলী।

এমাহত ৫০ কোটিৰো অধিক ছ’চিয়েল মিডিয়া এংগেজমেণ্ট হোৱা কোহলী হৈছে বিশ্বৰ একমাত্ৰ ক্ৰিকেটাৰ। ফেচবুকত ৫ কোটি ফ’ল’ৱাৰ লাভ কৰি তেওঁ এই মাইলৰ খুঁটি দাবী কৰা প্ৰথম আৰু একমাত্ৰ ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয় কোহলী।

বিশ্বজুৰি বিৰাট কোহলী কিমান জনপ্ৰিয় সেই কথা ইয়াৰ দ্বাৰাই প্ৰমাণিত হৈছে।

২০২২ চনৰ টি-২০ বিশ্বকাপত ভাৰতে ফাইনেলত প্ৰৱেশ কৰাত ব্যৰ্থ হোৱাৰ পিছত বৰ্তমান বিৰতি লৈ আছে ষ্টাৰ বেটছমেনগৰাকীয়ে। মাৰ্কি ইভেণ্টত ৩৪ বছৰীয়া কোহলীয়ে ২৯৬ ৰান সংগ্ৰহ কৰি আগশাৰীৰ ৰান সংগ্ৰহ কৰে। প্ৰতিযোগিতাখনত তেওঁ গড়ে ৯৮.৬৭ ৰান সংগ্ৰহ কৰে।

দেওবাৰৰ পৰা আৰম্ভ হ’বলগীয়া বাংলাদেশত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া শৃংখলাত অংশগ্ৰহণ কৰিব বিৰাট কোহলীয়ে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা! থিতাতে মৃত্যু দম্পতী গজেন্দ্ৰ মোহন দেৱ শৰ্মা আৰু অৰ্চনা শৰ্মাৰ
কেইদিনমানৰ পাছতে গেছ আৰু বদহজমৰ অন্ত পৰিব! প্ৰতিদিনে পুৱা খালী পেটত খাওক এইবিধ পানীয়
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে
জাঁজী নদীৰ দলঙৰ পৰা জাঁপ দিলে ছাত্ৰই! কোনোমতে প্ৰাণ ৰক্ষা