--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিবিচিৰ দিল্লী আৰু মুম্বাইৰ কাৰ্যালয়ত আয়কৰ বিভাগে জৰীপ চলোৱাৰ সময়তে বিবিচিয়ে ভাৰতত থকা সংবাদ প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীসকললৈ এক বিশেষ ইমেইল প্ৰেৰণ কৰিছে৷ । আয়কৰ বিভাগে  গোটেই ৰাতি বিবিচিৰ কাৰ্যালয়ত জৰীপ চলায়। জানিব পৰা মতে আজিও সেই জৰীপ চলি আছে৷এনে  পৰিস্থিতিত বিবিচি কৰ্তৃপক্ষই কৰ্মচাৰীসকলক ইমেইল যোগে তদন্তত সহযোগিতা কৰিবলৈ কৈছে।

 ইফালে বিবিচিয়ে সম্প্ৰচাৰ বিভাগৰ বাহিৰে সকলো কৰ্মচাৰীক ঘৰৰ পৰা কাম কৰিবলৈ কৈছে। এক ইমেইলত, বিবিচিয়ে কৰ্মচাৰীসকলক অনুসন্ধানকাৰীসকলক সকলো প্ৰয়োজনীয় সহায় আগবঢ়াবলৈ কোৱাৰ লগতে তেওঁলোকৰ প্ৰশ্নবোৰৰ বিতং উত্তৰ দিবলৈও কৈছে। ইমেইলত লগতে কোৱা হৈছে যে কৰ্মচাৰীসকলে তেোঁলোকৰ  ব্যক্তিগত উপাৰ্জনৰ বিষয়ে মুখ খুলিব নালাগে। অৱশ্যে, যদি  দৰমহা সম্পৰ্কীয় যিকোনো প্ৰশ্ন সোধা হয় তেন্তে  ইয়াৰ উত্তৰ দিবলৈ কোৱা হৈছে৷ 

আয়কৰ বিষয়াসকলে মঙলবাৰে পুৱা প্ৰায় ১১.৩০ বজাত দিল্লী আৰু মুম্বাইৰ বিবিচি কাৰ্যালয়ত উপস্থিত হৈছিল। কাৰ্যালয়ত প্ৰৱেশ কৰাৰ লগে লগে বিবিচিৰ সকলো সাংবাদিক আৰু আন কৰ্মীৰ  মোবাইল ফোন আৰু লেপটপ জমা দিবলৈ কোৱা হৈছিল। 

 যোৱা নিশা বিবিচিয়ে আন এটা টুইটত এটা বিবৃতি জাৰি কৰে। বিবৃতিটোত কোৱা হয়  "আয়কৰ বিষয়াসকল এতিয়াও দিল্লী আৰু মুম্বাইত বিবিচিৰ কাৰ্যালয়ত আছে। বহুতো সাংবাদিক আৰু কৰ্মচাৰীক তেওঁলোকৰ ঘৰলৈ পঠিয়াই দিয়া হৈথছে। আয়কৰ বিভাগৰ বিষয়াসকলক সহায় কৰিবলৈ বহু কৰ্মচাৰী কাৰ্যালয়তে আছে। এই পৰিস্থিতিত, আমি আমাৰ কৰ্মচাৰীসকলক যিমান সম্ভৱ সহায় কৰিবলৈ চেষ্টা কৰি আছোঁ। ইফালে, আমাৰ সাংবাদিকতাও অব্যাহত আছে। আমি ভাৰতত আমাৰ দৰ্শকৰ সন্মুখত বাতৰি উপস্থাপন কৰি যাম। '

ইফালে, এডিটৰ্ছ গিল্ড অৱ ইণ্ডিয়াই বিবিচিৰ কাৰ্যালয়ত আয়কৰ বিভাগৰ জৰীপক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি এক বিবৃতি জাৰি কৰিছে। ভাৰতীয় প্ৰেছ ক্লাবেও জৰীপটোক গৰিহণা দি এটা বিবৃতি জাৰি কৰিছে। গিল্ডে কয়, "চৰকাৰক সমালোচনা কৰা সংবাদ মাধ্যমক ভয় খুৱাবলৈ আৰু হাৰাশাস্তি কৰিবলৈ চৰকাৰী সংস্থাসমূহক ব্যৱহাৰ কৰাৰ এই প্ৰৱণতাত  আমি চিন্তিত। এমাহ আগতে, বিবিচিয়ে ২০০২ চনৰ গুজৰাট সংঘৰ্ষত নৰেন্দ্ৰ মোদীৰ ভূমিকাকলৈ দুটা খণ্ডৰ তথ্যচিত্ৰ মুকলি কৰিছিল। ভাৰত চৰকাৰে ইউটিউব আৰু টুইটাৰত সেই তথ্যচিত্ৰখন ব্লক কৰি দিছিল৷  এনে ঘটনাক্ৰমৰ মাজতে  বিবিচিৰ কাৰ্যালয়ত আয়কৰ বিভাগৰ  জৰীপক লৈ ৰাষ্ট্ৰীয় ৰাজনীতি উত্তাল  হৈ পৰিছে। কংগ্ৰেছে অভিযোগ কৰিছে যে দেশত এতিয়া "অলিখিত জৰুৰীকালীন অৱস্থা" চলি আছে ৷ তৃণমূল কংগ্ৰেছেও বিবিচিৰ কাৰ্যালয়ত তালাচীৰ বিৰোধিতা কৰিছে৷ 








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু