--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিবিচিৰ দিল্লী আৰু মুম্বাইৰ কাৰ্যালয়ত আয়কৰ বিভাগে জৰীপ চলোৱাৰ সময়তে বিবিচিয়ে ভাৰতত থকা সংবাদ প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীসকললৈ এক বিশেষ ইমেইল প্ৰেৰণ কৰিছে৷ । আয়কৰ বিভাগে  গোটেই ৰাতি বিবিচিৰ কাৰ্যালয়ত জৰীপ চলায়। জানিব পৰা মতে আজিও সেই জৰীপ চলি আছে৷এনে  পৰিস্থিতিত বিবিচি কৰ্তৃপক্ষই কৰ্মচাৰীসকলক ইমেইল যোগে তদন্তত সহযোগিতা কৰিবলৈ কৈছে।

 ইফালে বিবিচিয়ে সম্প্ৰচাৰ বিভাগৰ বাহিৰে সকলো কৰ্মচাৰীক ঘৰৰ পৰা কাম কৰিবলৈ কৈছে। এক ইমেইলত, বিবিচিয়ে কৰ্মচাৰীসকলক অনুসন্ধানকাৰীসকলক সকলো প্ৰয়োজনীয় সহায় আগবঢ়াবলৈ কোৱাৰ লগতে তেওঁলোকৰ প্ৰশ্নবোৰৰ বিতং উত্তৰ দিবলৈও কৈছে। ইমেইলত লগতে কোৱা হৈছে যে কৰ্মচাৰীসকলে তেোঁলোকৰ  ব্যক্তিগত উপাৰ্জনৰ বিষয়ে মুখ খুলিব নালাগে। অৱশ্যে, যদি  দৰমহা সম্পৰ্কীয় যিকোনো প্ৰশ্ন সোধা হয় তেন্তে  ইয়াৰ উত্তৰ দিবলৈ কোৱা হৈছে৷ 

আয়কৰ বিষয়াসকলে মঙলবাৰে পুৱা প্ৰায় ১১.৩০ বজাত দিল্লী আৰু মুম্বাইৰ বিবিচি কাৰ্যালয়ত উপস্থিত হৈছিল। কাৰ্যালয়ত প্ৰৱেশ কৰাৰ লগে লগে বিবিচিৰ সকলো সাংবাদিক আৰু আন কৰ্মীৰ  মোবাইল ফোন আৰু লেপটপ জমা দিবলৈ কোৱা হৈছিল। 

 যোৱা নিশা বিবিচিয়ে আন এটা টুইটত এটা বিবৃতি জাৰি কৰে। বিবৃতিটোত কোৱা হয়  "আয়কৰ বিষয়াসকল এতিয়াও দিল্লী আৰু মুম্বাইত বিবিচিৰ কাৰ্যালয়ত আছে। বহুতো সাংবাদিক আৰু কৰ্মচাৰীক তেওঁলোকৰ ঘৰলৈ পঠিয়াই দিয়া হৈথছে। আয়কৰ বিভাগৰ বিষয়াসকলক সহায় কৰিবলৈ বহু কৰ্মচাৰী কাৰ্যালয়তে আছে। এই পৰিস্থিতিত, আমি আমাৰ কৰ্মচাৰীসকলক যিমান সম্ভৱ সহায় কৰিবলৈ চেষ্টা কৰি আছোঁ। ইফালে, আমাৰ সাংবাদিকতাও অব্যাহত আছে। আমি ভাৰতত আমাৰ দৰ্শকৰ সন্মুখত বাতৰি উপস্থাপন কৰি যাম। '

ইফালে, এডিটৰ্ছ গিল্ড অৱ ইণ্ডিয়াই বিবিচিৰ কাৰ্যালয়ত আয়কৰ বিভাগৰ জৰীপক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি এক বিবৃতি জাৰি কৰিছে। ভাৰতীয় প্ৰেছ ক্লাবেও জৰীপটোক গৰিহণা দি এটা বিবৃতি জাৰি কৰিছে। গিল্ডে কয়, "চৰকাৰক সমালোচনা কৰা সংবাদ মাধ্যমক ভয় খুৱাবলৈ আৰু হাৰাশাস্তি কৰিবলৈ চৰকাৰী সংস্থাসমূহক ব্যৱহাৰ কৰাৰ এই প্ৰৱণতাত  আমি চিন্তিত। এমাহ আগতে, বিবিচিয়ে ২০০২ চনৰ গুজৰাট সংঘৰ্ষত নৰেন্দ্ৰ মোদীৰ ভূমিকাকলৈ দুটা খণ্ডৰ তথ্যচিত্ৰ মুকলি কৰিছিল। ভাৰত চৰকাৰে ইউটিউব আৰু টুইটাৰত সেই তথ্যচিত্ৰখন ব্লক কৰি দিছিল৷  এনে ঘটনাক্ৰমৰ মাজতে  বিবিচিৰ কাৰ্যালয়ত আয়কৰ বিভাগৰ  জৰীপক লৈ ৰাষ্ট্ৰীয় ৰাজনীতি উত্তাল  হৈ পৰিছে। কংগ্ৰেছে অভিযোগ কৰিছে যে দেশত এতিয়া "অলিখিত জৰুৰীকালীন অৱস্থা" চলি আছে ৷ তৃণমূল কংগ্ৰেছেও বিবিচিৰ কাৰ্যালয়ত তালাচীৰ বিৰোধিতা কৰিছে৷ 








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ