--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশ কঁপাই যোৱা শ্ৰদ্ধা হত্যাকাণ্ডৰ কথা নিশ্চয় আপোনাৰ মনত আছে। পুনৰ সংঘটিত হৈছে একেধৰণৰ ঘটনা। আৰক্ষীয়ে এখন ধাবাৰ ফ্ৰীজত উদ্ধাৰ কৰিছে এগৰাকী যুৱতীৰ মৃতদেহ। আৰক্ষীয়ে অভিযুক্তক আটক কৰি মৃতদেহ উদ্ধাৰ কৰে। এই হত্যাকাণ্ড সংঘটিত হৈছে ৰাজধানী দিল্লীত।

নিকি যাদৱ(২২) আৰু ছাহিল গেহলটে (২৬) লিভ ইন ৰিলেচনত বাস কৰিছিল। ২০১৮ চনত দুয়ো চিনাকি হৈছিল আৰু তাৰপাছতেই দুয়ো লিভ-ইন ৰিলেচনত আছিল। আৰক্ষীৰ সূত্ৰ অনুসৰি ছাহিল গেহলটে আন এগৰাকী যুৱতীক বিয়া কৰাব বিচাৰিছিল। এই বিষয়টোক লৈ দুয়োৰে মাজত তৰ্ক হৈছিল
Delhi man kills live-in partner, stores body in fridge in Najafgarh dhaba -  India Today
আৰক্ষীৰ সূত্ৰ অনুসৰি ছাহিলে পৰিয়ালৰ লোকক নিজৰ সম্পৰ্কৰ বিষয়ে অৱগত কৰা নাছিল। ছাহিলৰ পৰিয়ালে অন্য এগৰাকী যুৱতীৰ সৈতে বিয়া ঠিক কৰি ১০ ফেব্ৰুৱাৰীত বিয়াৰ তাৰিখ চূড়ান্ত কৰে। সেই বিষয়ে জানিব পাৰি নিকিয়ে ছাহিলৰ সৈতে কাজিয়া আৰম্ভ কৰে। নিকিয়ে ছাহিলক স্পষ্টকৈ কৈছিল যে যদি ছাহিলে অন্য যুৱতীক বিয়া কৰায় তেন্তে তেওঁ কেতিয়াও শান্তিৰে থাকিবলৈ নিদিব। এই কাৰণেই ছাহিলে নিকি যাদৱক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰে তাৰপাছত হত্যাকাণ্ড সংঘটিত কৰে।

১৪ ফেব্ৰুৱাৰী মঙলবাৰে পুৱা এজনী ছোৱালীক হত্যা কৰি মৃতদেহ এখন ধাবাত লুকুৱাই ৰখাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰে। তদন্তৰ অন্তত অভিযুক্ত ছাহিল গেহলটক গ্ৰেপ্তাৰ কৰা হৈছে। 
Delhi man who dumped live-in partner's body in fridge married hours later -  India Today
অভিযুক্ত ছাহিল গেহলটে জেৰাৰ সময়ত কেইবাটাও কথা প্ৰকাশ কৰে। তেওঁ যোৱা ১০ ফেব্ৰুৱাৰীত দিল্লীৰ আই এছ বি টিৰ সমীপত এখন গাড়ীত নিকিক ডিঙি চেপি হত্যা কৰিছিল। হত্যাকাণ্ড সংঘটিত কৰাৰ পিছত তেওঁ নিকিৰ মৃতদেহটো লৈ গাড়ীত ঘূৰি ফুৰিছিল, তাৰপাছত এখন ধাবাৰ ফ্ৰীজত লুকুৱাই ৰাখিছিল। জেৰাৰ সময়ত এইটো কথাও প্ৰকাশ পাইছে যে ছাহিলে পুৱা নিকি যাদৱক হত্যা কৰি সন্ধিয়া ঘৰৰ পৰা ঠিক কৰা যুৱতীগৰাকীক বিয়া কৰাইছিল।

গোচৰটোৰ সন্দৰ্ভত অধিক তদন্ত আৰম্ভ কৰিছে দিল্লী আৰক্ষীয়ে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ