--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশ কঁপাই যোৱা শ্ৰদ্ধা হত্যাকাণ্ডৰ কথা নিশ্চয় আপোনাৰ মনত আছে। পুনৰ সংঘটিত হৈছে একেধৰণৰ ঘটনা। আৰক্ষীয়ে এখন ধাবাৰ ফ্ৰীজত উদ্ধাৰ কৰিছে এগৰাকী যুৱতীৰ মৃতদেহ। আৰক্ষীয়ে অভিযুক্তক আটক কৰি মৃতদেহ উদ্ধাৰ কৰে। এই হত্যাকাণ্ড সংঘটিত হৈছে ৰাজধানী দিল্লীত।

নিকি যাদৱ(২২) আৰু ছাহিল গেহলটে (২৬) লিভ ইন ৰিলেচনত বাস কৰিছিল। ২০১৮ চনত দুয়ো চিনাকি হৈছিল আৰু তাৰপাছতেই দুয়ো লিভ-ইন ৰিলেচনত আছিল। আৰক্ষীৰ সূত্ৰ অনুসৰি ছাহিল গেহলটে আন এগৰাকী যুৱতীক বিয়া কৰাব বিচাৰিছিল। এই বিষয়টোক লৈ দুয়োৰে মাজত তৰ্ক হৈছিল।
Delhi man kills live-in partner, stores body in fridge in Najafgarh dhaba -  India Today
আৰক্ষীৰ সূত্ৰ অনুসৰি ছাহিলে পৰিয়ালৰ লোকক নিজৰ সম্পৰ্কৰ বিষয়ে অৱগত কৰা নাছিল। ছাহিলৰ পৰিয়ালে অন্য এগৰাকী যুৱতীৰ সৈতে বিয়া ঠিক কৰি ১০ ফেব্ৰুৱাৰীত বিয়াৰ তাৰিখ চূড়ান্ত কৰে। সেই বিষয়ে জানিব পাৰি নিকিয়ে ছাহিলৰ সৈতে কাজিয়া আৰম্ভ কৰে। নিকিয়ে ছাহিলক স্পষ্টকৈ কৈছিল যে যদি ছাহিলে অন্য যুৱতীক বিয়া কৰায় তেন্তে তেওঁ কেতিয়াও শান্তিৰে থাকিবলৈ নিদিব। এই কাৰণেই ছাহিলে নিকি যাদৱক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰে তাৰপাছত হত্যাকাণ্ড সংঘটিত কৰে।

১৪ ফেব্ৰুৱাৰী মঙলবাৰে পুৱা এজনী ছোৱালীক হত্যা কৰি মৃতদেহ এখন ধাবাত লুকুৱাই ৰখাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰে। তদন্তৰ অন্তত অভিযুক্ত ছাহিল গেহলটক গ্ৰেপ্তাৰ কৰা হৈছে। 
Delhi man who dumped live-in partner's body in fridge married hours later -  India Today
অভিযুক্ত ছাহিল গেহলটে জেৰাৰ সময়ত কেইবাটাও কথা প্ৰকাশ কৰে। তেওঁ যোৱা ১০ ফেব্ৰুৱাৰীত দিল্লীৰ আই এছ বি টিৰ সমীপত এখন গাড়ীত নিকিক ডিঙি চেপি হত্যা কৰিছিল। হত্যাকাণ্ড সংঘটিত কৰাৰ পিছত তেওঁ নিকিৰ মৃতদেহটো লৈ গাড়ীত ঘূৰি ফুৰিছিল, তাৰপাছত এখন ধাবাৰ ফ্ৰীজত লুকুৱাই ৰাখিছিল। জেৰাৰ সময়ত এইটো কথাও প্ৰকাশ পাইছে যে ছাহিলে পুৱা নিকি যাদৱক হত্যা কৰি সন্ধিয়া ঘৰৰ পৰা ঠিক কৰা যুৱতীগৰাকীক বিয়া কৰাইছিল।

গোচৰটোৰ সন্দৰ্ভত অধিক তদন্ত আৰম্ভ কৰিছে দিল্লী আৰক্ষীয়ে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু