--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী ৰে’ল বিষয়াৰ কন্যাৰ জোতা হেৰাল ৰে’লৰ ভিতৰত। সেই জোতাযোৰৰ সন্ধানত নামি পৰিল চৰকাৰী ৰে’ল আৰক্ষী(GRP), ৰে’লৱে সুৰক্ষা বাহিনী(RPF) আৰু ভাৰতীয় ৰে’লৱে কেটাৰিং এণ্ড টুৰিজিম নিগম(IRCTC)। এমাহ ধৰি জোতাৰ সন্ধানত নামি পৰা দল তিনিটাই অৱশেষত সফলতা লাভ কৰিবলৈ সক্ষম হয়। জোতাযোৰ আছিল ওড়িশাৰ এগৰাকী জ্যেষ্ঠ ৰে’ল বিষয়াৰ কন্যাৰ।

বিহাৰৰ পৰা ওড়িশালৈ তালাচী অভিযান চলাই বহু কৌশল, চেষ্টাৰ অন্তত জোতাযোৰ বিচাৰি পোৱা গ’ল। জোতাযোৰ উদ্ধাৰ কৰা দলটোৱে জনোৱা মতে, বিষয়াজনৰ কন্যাৰ জোতা চুৰি হোৱা নাছিল, ভুলতে সহযাত্ৰী এগৰাকীয়ে পিন্ধিহে গৈছিল। এই সহযাত্ৰীগৰাকী আছিল দিল্লীত কৰ্মৰত এগৰাকী ৩৪ বছৰীয়া মহিলা চিকিৎসক।

গোচৰটোৰ সৈতে জড়িত তদন্তকাৰী বিষয়া মনোজ ত্যাগীয়ে জনাইছে যে, “ৰে’ল আৰক্ষীৰ জেৰাৰ সময়ত মহিলা চিকিৎসকগৰাকীয়ে কয় যে ৪ জানুৱাৰীৰ পুৱা প্ৰায় ৩ বজাত ৰে’লখন বৰেলী ষ্টেচনত উপস্থিত হোৱাৰ লগে লগে হঠাতে সাৰ পাই তেওঁ খৰখেদাকৈ ভুলতে সেই জোতাযোৰ পিন্ধিলে। আচলতে একে আকাৰৰ জোতা দুযোৰ আছিল, গতিকে এই ভুলটো হ’ল।”

বিষয়াগৰাকীয়ে জনোৱা মতে, মহিলাগৰাকীয়ে ৰে'ল বিষয়াগৰাকীৰ কন্যাৰ জোতা ঘূৰাই দিছে আৰু এতিয়া এই জোতাযোৰ মালিকক ডেলিভাৰী কৰা হ’ব। জোতা চুৰি হোৱাৰ কোনো প্ৰমাণ পোৱা নাই, গতিকে মহিলা চিকিৎসকগৰাকী বিৰুদ্ধে কোনো গোচৰ ৰুজু হোৱা নাই।

বিনীত সিং নামৰ জ্যেষ্ঠ ৰে’ল বিষয়াগৰাকীয়ে সম্বলপুৰত তেওঁৰ ২০ বছৰীয়া কন্যাৰ জোতা চুৰিৰ অভিযোগ দাখিল কৰিছিল। তেওঁ অভিযোগত জনাইছিল যে ৫ জানুৱাৰীত ওড়িশাৰ লক্ষ্ণৌ মেইলৰ প্ৰথম শ্ৰেণীৰ এ চি কোচৰ পৰা ১০ হাজাৰ টকাৰ জোতা চুৰি হৈছিল। লগতে তেওঁ কৈছিল যে বৰেলী ষ্টেচনত নমা মহিলাগৰাকীয়ে জোতাযোৰ চুৰি কৰা বুলি সন্দেহ হৈছে কাৰণ তেওঁ নিজৰ পুৰণি গুলপীয়া ৰঙৰ লেচলেছ জোতাযোৰ কেবিনত থৈ ​​নতুন জোতাযোৰ পিন্ধি গৈছিল।

আইপিচিৰ ৩৮০ ধাৰাত একেটা কেবিনৰ সহযাত্ৰীৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছিল। ৰিজাৰ্ভচন চাৰ্ট স্কেন কৰাৰ পাছত সেই ডবাটোত থকা লেডী ডাক্তৰগৰাকীৰ সন্ধান পোৱা গ’ল। ডাক্তৰগৰাকীক ফোন কৰা হৈছিল আৰু ডাক্তৰগৰাকীয়ে জোতাযোৰ ঘূৰাই দিছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু