--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী ৰে’ল বিষয়াৰ কন্যাৰ জোতা হেৰাল ৰে’লৰ ভিতৰত। সেই জোতাযোৰৰ সন্ধানত নামি পৰিল চৰকাৰী ৰে’ল আৰক্ষী(GRP), ৰে’লৱে সুৰক্ষা বাহিনী(RPF) আৰু ভাৰতীয় ৰে’লৱে কেটাৰিং এণ্ড টুৰিজিম নিগম(IRCTC)। এমাহ ধৰি জোতাৰ সন্ধানত নামি পৰা দল তিনিটাই অৱশেষত সফলতা লাভ কৰিবলৈ সক্ষম হয়। জোতাযোৰ আছিল ওড়িশাৰ এগৰাকী জ্যেষ্ঠ ৰে’ল বিষয়াৰ কন্যাৰ।

বিহাৰৰ পৰা ওড়িশালৈ তালাচী অভিযান চলাই বহু কৌশল, চেষ্টাৰ অন্তত জোতাযোৰ বিচাৰি পোৱা গ’ল। জোতাযোৰ উদ্ধাৰ কৰা দলটোৱে জনোৱা মতে, বিষয়াজনৰ কন্যাৰ জোতা চুৰি হোৱা নাছিল, ভুলতে সহযাত্ৰী এগৰাকীয়ে পিন্ধিহে গৈছিল। এই সহযাত্ৰীগৰাকী আছিল দিল্লীত কৰ্মৰত এগৰাকী ৩৪ বছৰীয়া মহিলা চিকিৎসক।

গোচৰটোৰ সৈতে জড়িত তদন্তকাৰী বিষয়া মনোজ ত্যাগীয়ে জনাইছে যে, “ৰে’ল আৰক্ষীৰ জেৰাৰ সময়ত মহিলা চিকিৎসকগৰাকীয়ে কয় যে ৪ জানুৱাৰীৰ পুৱা প্ৰায় ৩ বজাত ৰে’লখন বৰেলী ষ্টেচনত উপস্থিত হোৱাৰ লগে লগে হঠাতে সাৰ পাই তেওঁ খৰখেদাকৈ ভুলতে সেই জোতাযোৰ পিন্ধিলে। আচলতে একে আকাৰৰ জোতা দুযোৰ আছিল, গতিকে এই ভুলটো হ’ল।”

বিষয়াগৰাকীয়ে জনোৱা মতে, মহিলাগৰাকীয়ে ৰে'ল বিষয়াগৰাকীৰ কন্যাৰ জোতা ঘূৰাই দিছে আৰু এতিয়া এই জোতাযোৰ মালিকক ডেলিভাৰী কৰা হ’ব। জোতা চুৰি হোৱাৰ কোনো প্ৰমাণ পোৱা নাই, গতিকে মহিলা চিকিৎসকগৰাকী বিৰুদ্ধে কোনো গোচৰ ৰুজু হোৱা নাই।

বিনীত সিং নামৰ জ্যেষ্ঠ ৰে’ল বিষয়াগৰাকীয়ে সম্বলপুৰত তেওঁৰ ২০ বছৰীয়া কন্যাৰ জোতা চুৰিৰ অভিযোগ দাখিল কৰিছিল। তেওঁ অভিযোগত জনাইছিল যে ৫ জানুৱাৰীত ওড়িশাৰ লক্ষ্ণৌ মেইলৰ প্ৰথম শ্ৰেণীৰ এ চি কোচৰ পৰা ১০ হাজাৰ টকাৰ জোতা চুৰি হৈছিল। লগতে তেওঁ কৈছিল যে বৰেলী ষ্টেচনত নমা মহিলাগৰাকীয়ে জোতাযোৰ চুৰি কৰা বুলি সন্দেহ হৈছে কাৰণ তেওঁ নিজৰ পুৰণি গুলপীয়া ৰঙৰ লেচলেছ জোতাযোৰ কেবিনত থৈ ​​নতুন জোতাযোৰ পিন্ধি গৈছিল।

আইপিচিৰ ৩৮০ ধাৰাত একেটা কেবিনৰ সহযাত্ৰীৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছিল। ৰিজাৰ্ভচন চাৰ্ট স্কেন কৰাৰ পাছত সেই ডবাটোত থকা লেডী ডাক্তৰগৰাকীৰ সন্ধান পোৱা গ’ল। ডাক্তৰগৰাকীক ফোন কৰা হৈছিল আৰু ডাক্তৰগৰাকীয়ে জোতাযোৰ ঘূৰাই দিছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক