--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : তেজত ইউৰিক এচিড জমা হোৱা অৱস্থাক হাইপাৰইউৰিচেমিয়া বোলা হয়। তেজত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি হোৱাৰ লগে লগে ই শিলৰ দৰে কঠিন হৈ পৰে। ফলস্বৰূপে বহু গুৰুতৰ স্বাস্থ্যজনিত সমস্যাত ভুগিবলগীয়া হয়। যেনে-গাউট, বাতবিষ বা কিডনীত পাথৰ হোৱা। ইউৰিক এচিডৰ অধিক পৰিমাণে ডায়েবেটিছ, হাইপোথাইৰয়ডিজম, কেন্সাৰ, চৰিয়াচিছ আদি গুৰুতৰ ৰোগৰো সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। এনে অৱস্থাত সময়মতে চিকিৎসা কৰাটো অতি প্ৰয়োজন।

 আয়ুৰ্বেদৰ চিকিৎসক দীক্ষা ভাবছাৰে কৈছে যে আজিকালি গাউট (হাই ইউৰিক এচিড) স্বাভাৱিক। বি পি আৰু ডায়েবেটিছৰ বাবে মানুহে প্ৰতিদিনে ঔষধ সেৱন কৰে। যদি আপোনাৰ বা আপোনাৰ পৰিয়ালৰ কোনোবা এজনৰ এই সমস্যা হয় তেন্তে ইয়াক সমাধান কৰিব পাৰি। আৰু আজীৱন ঔষধ খোৱাৰ পৰা মুক্তি পাব পাৰি।

 

১. ইউৰিক এচিড বৃদ্ধি হোৱাৰ কাৰণসমূহ-

* আন্ত্ৰিক স্বাস্থ্যৰ দুৰ্বলতা

* শাৰীৰিক ক্ৰিয়া-কলাপৰ অভাৱ

* অধিক প্ৰটিন আৰু কম চৰ্বিযুক্ত খাদ্য খাব লাগে

* নিশা গধুৰ আহাৰ খোৱা

* টোপনি যোৱা অনিয়ম হোৱা

* পানী কমকৈ খাব লাগে

* দুৰ্বল বৃক্ক

* অতিমাত্ৰা খাদ্য খোৱা

 

২. পৰিৱৰ্তিত জীৱনশৈলী-

* প্ৰতিদিনে ৪৫ মিনিট ব্যায়াম কৰক

* যথেষ্ট পৰিমাণে পানী খাওক

* নিশাৰ আহাৰত মাহজাতীয় শস্য/বীন আৰু ঘেঁহু পৰিহাৰ কৰক

* ৮ বজাৰ ভিতৰত নিশাৰ আহাৰ গ্ৰহণৰ চেষ্টা কৰক

* ছাইট্ৰাছ ফল যেনে-অমালখি, জাম আদি খাব লাগে

* বিপাকীয় ক্ৰিয়াৰ ভাৰসাম্য ৰক্ষা কৰক

* মানসিক চাপ এৰাই চলক

* প্ৰতিদিনে পৰ্যাপ্ত পৰিমাণে টোপনি যাওক

 ইউৰিক এচিডৰ বাবে ঔষধ

আয়ুৰ্বেদৰ চিকিৎসক দীক্ষা ভাবছাৰে মতে আমি গিলয় বুলি জনা গুডুচিয়ে ইউৰিক এচিডত ঔষধৰ দৰে কাম কৰে। ইউৰিক এচিডৰ বাবে ই উৎকৃষ্ট আৰু শ্ৰেষ্ঠ আয়ুৰ্বেদিক বনৌষধি।

 গিলয় কেনেকৈ ব্যৱহাৰ কৰিব?

যদি আপোনাৰ ঘৰত এই গছ আছে তেন্তে সহজে ব্যৱহাৰ কৰিব পাৰিব। ইয়াৰ বাবে সতেজ পাত আৰু ঠাৰি নিশাটো তিয়াই পুৱা এগিলাচ পানীত উতলাই আধা হোৱালৈকে উতলাই খাব পাৰে। জুচ, পাউদাৰ, টেবলেট আদি আন ৰূপতো ব্যৱহাৰ কৰিব পাৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন