--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰু কিছুদিনৰ পাছতেই আৰম্ভ হব শাওণ মাহ। এই মাহটো ভগৱান শিৱৰ অতি প্ৰিয়। বিশেষকৈ শিৱ ভক্তসকলে এই মাহৰ বাবে অপেক্ষা কৰে। ১৮ জুলাই, সোমবাৰৰ পৰা আৰম্ভ হব শাওণ মাহ। এই মাহত ভগৱান শিৱৰ বিশেষ পূজা কৰিলে বিশেষ ফল পোৱা যায়। এই মাহত মহাদেৱক সন্তুষ্ট কৰাটো অতি সহজ। বিশ্বাস কৰা হয় যে শাওণ মাহত ভোলানাথে কৈলাশ পৰ্বত এৰি পৃথিৱীত বিচৰণ কৰিবলৈ আহে। শাওণ মাহত কিছুমান কাম নকৰিলে মহাদেৱৰ বিশেষ আশীৰ্বাদ লাভ কৰা যায়। তেওঁ তেনে ভক্তৰ সোনকালেই মনৰ আশা পূৰণ কৰে। 

শাওণ মাহত কি কি কৰিব নালাগে জানো আহক-

১)আমিষ খাদ্য নাখাবঃ শাওণ মাহত পিঁয়াজ, নহৰু, মাছ-মাংস, কণী খাব নালাগে। ইয়াৰ বাহিৰেও শাওণ মাহত বেঙেনা সেৱন কৰাটোও নিষিদ্ধ বুলি গণ্য কৰা হয়।

২)ৰাতিপুৱা গা ধুবলৈ নাপাহৰিবঃ শাওণ মাহত পুৱা সোনকালে সাৰ পাই গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধিব লাগে। গোটেই শাওণ মাহত ভোলেনাথক পানী আৰু বেল পাত আগবঢ়ালে ভাল ফল পোৱা যায় বুলি কোৱা হয়৷

৩)বিলাসৰ পৰা আঁতৰত থাককঃ শাওণ মাহটো তপস্যা আৰু ধ্যানৰ মাহ, গতিকে এই মাহ বিলাসীতাৰ পৰা আঁতৰি থাকিব লাগে। শাওনত বিচনাত শুব নালাগে বুলি এটা বিশ্বাস প্ৰচলিত আছে। এনে সময়ত বহুত মানুহ মাটিত শোৱে। 

৪)শৰীৰত তেল লগাব নালাগেঃ শাওণ মাহত শৰীৰত তেল লগাব নালাগে বুলি বিশ্বাস কৰা হয়।

৫)দাড়ি আৰু চুলি কাটিব নালাগেঃ শাওণ মাহত চুলি আৰু দাড়ি কাটিব নালাগে। 

৬)দিনৰ সময়ত শুব নালাগে- শাওণ মাহত দিনৰ সময়ত শুব নালাগে। এই গোটেই মাহটোত কেৱল ৰাতি শুই বাকী দিনটো শিৱ ভক্তিত কটাব লাগে।

৭)গাখীৰ সেৱন নকৰিব- শাওণ মাহত গাখীৰ খোৱা উচিত নহয়। কিন্তু শিৱলিংগত গাখীৰৰে অভিষেক কৰিব লাগে। ইয়াৰ বাহিৰেও এই গোটেই মাহটোত ব্ৰঞ্জৰ বাচন-বৰ্তনত খাদ্য খোৱা উচিত নহয়।

৮)নেতিবাচক চিন্তাৰ পৰা আঁতৰি থাকক- কোনো নেতিবাচক চিন্তা বা বেয়া কথা মনলৈ আনিব নালাগে। যদি আপুনি শিৱৰ আশীৰ্বাদ লাভ কৰিব বিচাৰে তেন্তে নিশ্চিতভাৱে এই মাহত আপোনাৰ পিতৃ-মাতৃ আৰু গুৰুসকলক সন্মান কৰক।





FOLLOW US F
POPULAR
FEATURE
TRENDY
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে