--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে  ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষ (এএআই)ই বাৰাণসীৰ লাল বাহাদুৰ শাস্ত্ৰী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ উন্নয়নৰ বাবে নতুন টাৰ্মিনেল বিল্ডিং নিৰ্মাণ, এপ্ৰ’ন সম্প্ৰসাৰণ, ৰাণৱে সম্প্ৰসাৰণ, সমান্তৰাল টেক্সি ট্ৰেক আৰু আনুসংগিক কামৰ বাবে গ্ৰহণ কৰা প্ৰস্তাৱত অনুমোদন জনায়।

বিমানবন্দৰৰ যাত্ৰী পৰিচালনা ক্ষমতা বৰ্তমানৰ ৩.৯ এমপিপিএৰ পৰা বছৰি ৯.৯ নিযুত যাত্ৰী (এমপিপিএ)লৈ বৃদ্ধি কৰাৰ বাবে আনুমানিক বিত্তীয় ব্যয় হ’ব ২৮৬৯.৬৫ কোটি টকা। ৭৫ হাজাৰ বৰ্গমিটাৰ এলেকা সামৰি লোৱা নিউ টাৰ্মিনেল বিল্ডিংটো ৬ এমপিপিএ ক্ষমতাৰ বাবে আৰু ৫০০০ পিক আৱাৰ পেছেঞ্জাৰ (পিএইচপি) পৰিচালনাৰ বাবে ডিজাইন কৰা হৈছে। চহৰখনৰ বিশাল সাংস্কৃতিক ঐতিহ্যৰ আভাস দিব পৰাকৈ ইয়াৰ ডিজাইন কৰা হৈছে।

এই প্ৰস্তাৱত ৰাণৱেৰ পৰিসৰ ৪০৭৫ মিটাৰ x ৪৫ মিটাৰলৈ বৃদ্ধি কৰাৰ লগতে ২০খন বিমান ৰখাব পৰাকৈ নতুন এপ্ৰ’ন নিৰ্মাণৰ কথা উল্লেখ কৰা হৈছে। বাৰাণসী বিমানবন্দৰক শক্তি অনুকূলন, আৱৰ্জনা পুনঃব্যৱহাৰ, কাৰ্বন ফুটপ্ৰিণ্ট হ্ৰাস, সৌৰশক্তিৰ ব্যৱহাৰ, আৰু প্ৰাকৃতিক দিনৰ পোহৰৰ অন্তৰ্ভুক্তিৰ লগতে সমগ্ৰ পৰিকল্পনা, উন্নয়ন, আৰু কাৰ্যকৰী সময়ছোৱাত অন্যান্য বহনক্ষম ব্যৱস্থা পৰ্যায়সমূহৰ জৰিয়তে পৰিৱেশৰ বহনক্ষমতা নিশ্চিত কৰাৰ প্ৰধান উদ্দেশ্যেৰে সেউজ বিমানবন্দৰ হিচাপে গঢ়ি তোলা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু