--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে  ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষ (এএআই)ই বাৰাণসীৰ লাল বাহাদুৰ শাস্ত্ৰী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ উন্নয়নৰ বাবে নতুন টাৰ্মিনেল বিল্ডিং নিৰ্মাণ, এপ্ৰ’ন সম্প্ৰসাৰণ, ৰাণৱে সম্প্ৰসাৰণ, সমান্তৰাল টেক্সি ট্ৰেক আৰু আনুসংগিক কামৰ বাবে গ্ৰহণ কৰা প্ৰস্তাৱত অনুমোদন জনায়।

বিমানবন্দৰৰ যাত্ৰী পৰিচালনা ক্ষমতা বৰ্তমানৰ ৩.৯ এমপিপিএৰ পৰা বছৰি ৯.৯ নিযুত যাত্ৰী (এমপিপিএ)লৈ বৃদ্ধি কৰাৰ বাবে আনুমানিক বিত্তীয় ব্যয় হ’ব ২৮৬৯.৬৫ কোটি টকা। ৭৫ হাজাৰ বৰ্গমিটাৰ এলেকা সামৰি লোৱা নিউ টাৰ্মিনেল বিল্ডিংটো ৬ এমপিপিএ ক্ষমতাৰ বাবে আৰু ৫০০০ পিক আৱাৰ পেছেঞ্জাৰ (পিএইচপি) পৰিচালনাৰ বাবে ডিজাইন কৰা হৈছে। চহৰখনৰ বিশাল সাংস্কৃতিক ঐতিহ্যৰ আভাস দিব পৰাকৈ ইয়াৰ ডিজাইন কৰা হৈছে।

এই প্ৰস্তাৱত ৰাণৱেৰ পৰিসৰ ৪০৭৫ মিটাৰ x ৪৫ মিটাৰলৈ বৃদ্ধি কৰাৰ লগতে ২০খন বিমান ৰখাব পৰাকৈ নতুন এপ্ৰ’ন নিৰ্মাণৰ কথা উল্লেখ কৰা হৈছে। বাৰাণসী বিমানবন্দৰক শক্তি অনুকূলন, আৱৰ্জনা পুনঃব্যৱহাৰ, কাৰ্বন ফুটপ্ৰিণ্ট হ্ৰাস, সৌৰশক্তিৰ ব্যৱহাৰ, আৰু প্ৰাকৃতিক দিনৰ পোহৰৰ অন্তৰ্ভুক্তিৰ লগতে সমগ্ৰ পৰিকল্পনা, উন্নয়ন, আৰু কাৰ্যকৰী সময়ছোৱাত অন্যান্য বহনক্ষম ব্যৱস্থা পৰ্যায়সমূহৰ জৰিয়তে পৰিৱেশৰ বহনক্ষমতা নিশ্চিত কৰাৰ প্ৰধান উদ্দেশ্যেৰে সেউজ বিমানবন্দৰ হিচাপে গঢ়ি তোলা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ