--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে কিছু আশা দেখিছিল আম আদমি পাৰ্টীয়ে। কিন্তু সেই আশা শুকুৰবাৰে নিৰ্বাপিত হয়। কাৰাগাৰতে থাকিব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। দিল্লী আবকাৰী নীতিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত কালি কেজৰিৱালক দিল্লীৰ এখন আদালতে চৰ্ত সাপেক্ষ জামিন প্ৰদান কৰিছিল যদিও  আদালতৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই প্ৰৱৰ্তন  সঞ্চালকালয়ে  শুকুৰবাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপে।  ইডিৰ আবেদনৰ ভিত্ততে আজি দিল্লী উচ্চ ন্যায়ালয়ে আম আদমি পাৰ্টিৰ নেতা অৰবিন্দ কেজৰিৱালক দিয়া জামিন স্থগিত ৰাখে।

উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিয়ে যে  আদালতে এই বিষয়ত  পৰৱৰ্তী  শুনানি গ্ৰহণ নকৰালৈকে জামিন আদেশ অকাৰ্যকৰী হৈ থাকিব। আদালতে কয় "আমি এতিয়াও চূড়ান্ত সিদ্ধান্ত জাৰি কৰা নাই , সেয়ে  জামিনৰ আদেশ অকাৰ্যকৰী হৈ  থাকিব। ইডিয়ে তেওঁলোকৰ যুক্তি সম্পূৰ্ণৰূপে দাখিল কৰিব পাৰে,"। উল্লেখ্য দিল্লীৰ ৰাউজ এভিনিউ আদালতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক জামিন প্ৰদান কৰাৰ এদিন পিছত শুকুৰবাৰে প্ৰৱৰ্তনকাৰী  সঞ্চালকালয়ে (ইডি) দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপি কেজৰিৱালৰ জামিনৰ নিৰ্দেশক  প্ৰত্যাহ্বান জনায় ।

 শুকুৰবাৰে আম আদমি পাৰ্টীৰ নেতাগৰাকীৰ মুক্তিৰ কথা আছিল যদিও জামিনৰ নিৰ্দেশ স্থগিত ৰখাত তেওঁ  কাৰাগাৰতে থাকিব লাগিব।   ২০ জুনত হোৱা শুনানিৰ সময়ত কেজৰিৱালৰ অধিবক্তাই যুক্তি দিছিল যে তেওঁৰ বিৰুদ্ধে ইডিৰ গোচৰটো কেৱল কেতবোৰ  ব্যক্তিৰ বক্তব্যৰ ওপৰত ভিত্তি কৰি ৰুজু কৰা হৈছে।দিল্লী আবকাৰী নীতিৰ সৈতে জড়িত ধন সৰবৰাহৰ তদন্তৰ সৈতে জড়িত থকাৰ অভিযোগত  ২১ মাৰ্চত ইডিয়ে কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল। বৃহস্পতিবাৰে ৰাউজ এভিনিউ আদালতে তেওঁক ১ লাখ টকাৰ বণ্ডৰ বিনিময়ত জামিন মঞ্জুৰ কৰিছিল। ইয়াৰ পিছতে ইডিৰ বিশেষ অধিবক্তা জোহেব হোছেইনে আইনী প্ৰতিকাৰ নোলোৱালৈকে জামিন আদেশ স্থগিত ৰাখিবলৈ অনুৰোধ জনাইছিল। । 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু