--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে কিছু আশা দেখিছিল আম আদমি পাৰ্টীয়ে। কিন্তু সেই আশা শুকুৰবাৰে নিৰ্বাপিত হয়। কাৰাগাৰতে থাকিব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। দিল্লী আবকাৰী নীতিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত কালি কেজৰিৱালক দিল্লীৰ এখন আদালতে চৰ্ত সাপেক্ষ জামিন প্ৰদান কৰিছিল যদিও  আদালতৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই প্ৰৱৰ্তন  সঞ্চালকালয়ে  শুকুৰবাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপে।  ইডিৰ আবেদনৰ ভিত্ততে আজি দিল্লী উচ্চ ন্যায়ালয়ে আম আদমি পাৰ্টিৰ নেতা অৰবিন্দ কেজৰিৱালক দিয়া জামিন স্থগিত ৰাখে।

উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিয়ে যে  আদালতে এই বিষয়ত  পৰৱৰ্তী  শুনানি গ্ৰহণ নকৰালৈকে জামিন আদেশ অকাৰ্যকৰী হৈ থাকিব। আদালতে কয় "আমি এতিয়াও চূড়ান্ত সিদ্ধান্ত জাৰি কৰা নাই , সেয়ে  জামিনৰ আদেশ অকাৰ্যকৰী হৈ  থাকিব। ইডিয়ে তেওঁলোকৰ যুক্তি সম্পূৰ্ণৰূপে দাখিল কৰিব পাৰে,"। উল্লেখ্য দিল্লীৰ ৰাউজ এভিনিউ আদালতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক জামিন প্ৰদান কৰাৰ এদিন পিছত শুকুৰবাৰে প্ৰৱৰ্তনকাৰী  সঞ্চালকালয়ে (ইডি) দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপি কেজৰিৱালৰ জামিনৰ নিৰ্দেশক  প্ৰত্যাহ্বান জনায় ।

 শুকুৰবাৰে আম আদমি পাৰ্টীৰ নেতাগৰাকীৰ মুক্তিৰ কথা আছিল যদিও জামিনৰ নিৰ্দেশ স্থগিত ৰখাত তেওঁ  কাৰাগাৰতে থাকিব লাগিব।   ২০ জুনত হোৱা শুনানিৰ সময়ত কেজৰিৱালৰ অধিবক্তাই যুক্তি দিছিল যে তেওঁৰ বিৰুদ্ধে ইডিৰ গোচৰটো কেৱল কেতবোৰ  ব্যক্তিৰ বক্তব্যৰ ওপৰত ভিত্তি কৰি ৰুজু কৰা হৈছে।দিল্লী আবকাৰী নীতিৰ সৈতে জড়িত ধন সৰবৰাহৰ তদন্তৰ সৈতে জড়িত থকাৰ অভিযোগত  ২১ মাৰ্চত ইডিয়ে কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল। বৃহস্পতিবাৰে ৰাউজ এভিনিউ আদালতে তেওঁক ১ লাখ টকাৰ বণ্ডৰ বিনিময়ত জামিন মঞ্জুৰ কৰিছিল। ইয়াৰ পিছতে ইডিৰ বিশেষ অধিবক্তা জোহেব হোছেইনে আইনী প্ৰতিকাৰ নোলোৱালৈকে জামিন আদেশ স্থগিত ৰাখিবলৈ অনুৰোধ জনাইছিল। । 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ