--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছিয়া কাপ ২০২৩ৰ পৰা পাকিস্তানে নাটকীয়ভাৱে বাহিৰ হোৱাৰ পাছতে সংঘাতে দেখা দিছে দলটোত। শেহতীয়াকৈ ষ্টাৰ বলাৰ শ্বাহিন আফ্ৰিদী আৰু অধিনায়ক বাবৰ আজমৰ মাজত মনোমালিন্য হোৱাৰ খবৰ পোৱা গৈছে। 

ইণ্টাৰনেটত ভাইৰেল হোৱা এটা ভিডিঅ’ত ক্ৰিকেট অনুৰাগীসকল স্তম্ভিত হৈ পৰিছে। তাত দেখা গৈছে শ্ৰীলংকাৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ পাছত ড্ৰেছিং ৰুমত উত্তেজনাময় পৰিস্থিতিৰক সৃষ্টি হয়।

অধিনায়ক বাবৰ আজমে ড্ৰেছিং ৰুমৰ এখন বৈঠকৰ সময়ত নিজৰ হতাশা প্ৰকাশ কৰে। তেওঁ খেলুৱৈসকলক সমালোচনা কৰে যে তেওঁলোকে নিজৰ নিজৰ দায়িত্ব কান্ধত নল’লে।

খেলপথাৰৰ আক্ৰমণাত্মক ব্যক্তিত্বৰ বাবে পৰিচিত শ্বাহীন আফ্ৰিদীয়ে বাবৰৰ মন্তব্যৰ বিৰোধিতা কৰি ভাল প্ৰদৰ্শন কৰাসকলক স্বীকৃতি দিব লাগে বুলি মত প্ৰকাশ কৰে।
 
তাৰপাছতে তৰ্কত লিপ্ত হয় দুয়োজন খেলুৱৈ। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ জগতখনত এনে তীব্ৰ মুহূৰ্ত যদিও অস্বাভাৱিক নহয়, তথাপিও পাকিস্তানৰ ড্ৰেছিং ৰুমৰ এই পৰিৱেশে নিতান্তই উৎসুকৰ সৃষ্টি কৰিছে।

২০২৩ চনৰ এছিয়া কাপত পাকিস্তানৰ যাত্ৰা অভাৱনীয়ভাৱে শেষ হয়। ভাৰতৰ হাতত শোচনীয় পৰাজয় আৰু শ্ৰীলংকাৰ হাতত সংকীৰ্ণ পৰাজয়ৰ সন্মুখীন হৈ প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হ’বলগীয়া হয়। এই লোকচানে দলটোৰ ভিতৰৰ দুৰ্বলতাসমূহ উন্মোচন কৰিছিল আৰু ড্ৰেছিং ৰুমত উত্তেজনাৰ সৃষ্টি হোৱাৰ বিষয়ে জল্পনা-কল্পনাৰ সূচনা কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক