--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছিয়া কাপ ২০২৩ৰ পৰা পাকিস্তানে নাটকীয়ভাৱে বাহিৰ হোৱাৰ পাছতে সংঘাতে দেখা দিছে দলটোত। শেহতীয়াকৈ ষ্টাৰ বলাৰ শ্বাহিন আফ্ৰিদী আৰু অধিনায়ক বাবৰ আজমৰ মাজত মনোমালিন্য হোৱাৰ খবৰ পোৱা গৈছে। 

ইণ্টাৰনেটত ভাইৰেল হোৱা এটা ভিডিঅ’ত ক্ৰিকেট অনুৰাগীসকল স্তম্ভিত হৈ পৰিছে। তাত দেখা গৈছে শ্ৰীলংকাৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ পাছত ড্ৰেছিং ৰুমত উত্তেজনাময় পৰিস্থিতিৰক সৃষ্টি হয়।

অধিনায়ক বাবৰ আজমে ড্ৰেছিং ৰুমৰ এখন বৈঠকৰ সময়ত নিজৰ হতাশা প্ৰকাশ কৰে। তেওঁ খেলুৱৈসকলক সমালোচনা কৰে যে তেওঁলোকে নিজৰ নিজৰ দায়িত্ব কান্ধত নল’লে।

খেলপথাৰৰ আক্ৰমণাত্মক ব্যক্তিত্বৰ বাবে পৰিচিত শ্বাহীন আফ্ৰিদীয়ে বাবৰৰ মন্তব্যৰ বিৰোধিতা কৰি ভাল প্ৰদৰ্শন কৰাসকলক স্বীকৃতি দিব লাগে বুলি মত প্ৰকাশ কৰে।
 
তাৰপাছতে তৰ্কত লিপ্ত হয় দুয়োজন খেলুৱৈ। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ জগতখনত এনে তীব্ৰ মুহূৰ্ত যদিও অস্বাভাৱিক নহয়, তথাপিও পাকিস্তানৰ ড্ৰেছিং ৰুমৰ এই পৰিৱেশে নিতান্তই উৎসুকৰ সৃষ্টি কৰিছে।

২০২৩ চনৰ এছিয়া কাপত পাকিস্তানৰ যাত্ৰা অভাৱনীয়ভাৱে শেষ হয়। ভাৰতৰ হাতত শোচনীয় পৰাজয় আৰু শ্ৰীলংকাৰ হাতত সংকীৰ্ণ পৰাজয়ৰ সন্মুখীন হৈ প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হ’বলগীয়া হয়। এই লোকচানে দলটোৰ ভিতৰৰ দুৰ্বলতাসমূহ উন্মোচন কৰিছিল আৰু ড্ৰেছিং ৰুমত উত্তেজনাৰ সৃষ্টি হোৱাৰ বিষয়ে জল্পনা-কল্পনাৰ সূচনা কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু