--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লক্ষ্ণৌৰ জ্যেষ্ঠ অধিবক্তা তথা অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল ব’ৰ্ডৰ সম্পাদক জাফাৰিয়াব জিলানীৰ বুধবাৰে পুৱা দেহাৱসান ঘটে। জানিব পৰা মতে লক্ষ্ণৌত তেওঁৰ মৃত্যু হয়, দীৰ্ঘদিন মূৰত আঘাত পোৱাৰ পিছত বহু সমস্যাৰ সৈতে যুঁজি আছিল জাফাৰিয়াব জিলানীয়ে।

অযোধ্যাৰ ৰাম জন্মভূমি গোচৰত বাবৰি মছজিদ একচন কমিটিৰ পক্ষ দাখিল কৰিছিল জ্যেষ্ঠ অধিবক্তা জিলানীয়ে। এই গোচৰত তেওঁ বাবৰি মছজিদ একচন কমিটীৰ হৈ ওকালতি কৰিছিল। অৱশ্যে ইয়াৰ পূৰ্বে তেওঁ উত্তৰ প্ৰদেশৰ অতিৰিক্ত এডিজি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

যদিহে সূত্ৰ বিশ্বাস কৰিব লাগে তেন্তে ২০২১ চনৰ মে’ মাহত অধিবক্তা জিলানীৰ মূৰত আঘাতপ্ৰাপ্ত হৈছিল। তেওঁৰ মূৰত গুৰুতৰভাৱে আঘাত পোৱাৰ পিছত মেডান্টা হাস্পতালত চিকিৎসাধীন হৈ আছিল। অৱশ্যে সেই সময়ত তেওঁৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছিল, তাৰ পিছত তেওঁক আই চি ইউত ৰখা হৈছিল।

অৱশ্যে চিকিৎসকৰ মতে, মূৰত আঘাত পোৱাৰ পিছত তেওঁৰ মগজুত তেজ জমা হোৱাৰ লগতে তেওঁৰ মগজুৰ ৰক্তক্ষৰণো হৈছিল। কিন্তু সফল অস্ত্ৰোপচাৰৰ পিছত তেওঁৰ তেজৰ গোটটো আঁতৰাব পৰা গ’ল। ইয়াৰ পিছত তেওঁ কিছুদিন সুস্থ হৈ উঠিছিল। ৯০ৰ দশকৰ পৰা অহৰহ বাতৰিৰ শিৰোনাম দখল কৰি আহিছে জিলানী।


তেওঁ উচ্চতম ন্যায়ালয়ত অযোধ্যা গোচৰত মুছলমান পক্ষ উত্থাপন কৰিছিল। উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তৰ পিছতে জাফাৰিয়াব জিলানীক বাবৰি মছজিদ একচন কমিটীৰ অধ্যক্ষ নিযুক্তি দিয়া হয়। কিন্তু বিগত দুবছৰ ধৰি অসুস্থ হৈ থকাৰ পাছত বুধবাৰে লক্ষ্ণৌত তেওঁৰ মৃত্যু হয়।

বুধবাৰে লক্ষ্ণৌৰ নিশাতগঞ্জৰ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে জিলানীয়ে। তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে মুছলমান ধৰ্মগুৰুসকলে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক