--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লক্ষ্ণৌৰ জ্যেষ্ঠ অধিবক্তা তথা অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল ব’ৰ্ডৰ সম্পাদক জাফাৰিয়াব জিলানীৰ বুধবাৰে পুৱা দেহাৱসান ঘটে। জানিব পৰা মতে লক্ষ্ণৌত তেওঁৰ মৃত্যু হয়, দীৰ্ঘদিন মূৰত আঘাত পোৱাৰ পিছত বহু সমস্যাৰ সৈতে যুঁজি আছিল জাফাৰিয়াব জিলানীয়ে।

অযোধ্যাৰ ৰাম জন্মভূমি গোচৰত বাবৰি মছজিদ একচন কমিটিৰ পক্ষ দাখিল কৰিছিল জ্যেষ্ঠ অধিবক্তা জিলানীয়ে। এই গোচৰত তেওঁ বাবৰি মছজিদ একচন কমিটীৰ হৈ ওকালতি কৰিছিল। অৱশ্যে ইয়াৰ পূৰ্বে তেওঁ উত্তৰ প্ৰদেশৰ অতিৰিক্ত এডিজি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

যদিহে সূত্ৰ বিশ্বাস কৰিব লাগে তেন্তে ২০২১ চনৰ মে’ মাহত অধিবক্তা জিলানীৰ মূৰত আঘাতপ্ৰাপ্ত হৈছিল। তেওঁৰ মূৰত গুৰুতৰভাৱে আঘাত পোৱাৰ পিছত মেডান্টা হাস্পতালত চিকিৎসাধীন হৈ আছিল। অৱশ্যে সেই সময়ত তেওঁৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছিল, তাৰ পিছত তেওঁক আই চি ইউত ৰখা হৈছিল।

অৱশ্যে চিকিৎসকৰ মতে, মূৰত আঘাত পোৱাৰ পিছত তেওঁৰ মগজুত তেজ জমা হোৱাৰ লগতে তেওঁৰ মগজুৰ ৰক্তক্ষৰণো হৈছিল। কিন্তু সফল অস্ত্ৰোপচাৰৰ পিছত তেওঁৰ তেজৰ গোটটো আঁতৰাব পৰা গ’ল। ইয়াৰ পিছত তেওঁ কিছুদিন সুস্থ হৈ উঠিছিল। ৯০ৰ দশকৰ পৰা অহৰহ বাতৰিৰ শিৰোনাম দখল কৰি আহিছে জিলানী।


তেওঁ উচ্চতম ন্যায়ালয়ত অযোধ্যা গোচৰত মুছলমান পক্ষ উত্থাপন কৰিছিল। উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তৰ পিছতে জাফাৰিয়াব জিলানীক বাবৰি মছজিদ একচন কমিটীৰ অধ্যক্ষ নিযুক্তি দিয়া হয়। কিন্তু বিগত দুবছৰ ধৰি অসুস্থ হৈ থকাৰ পাছত বুধবাৰে লক্ষ্ণৌত তেওঁৰ মৃত্যু হয়।

বুধবাৰে লক্ষ্ণৌৰ নিশাতগঞ্জৰ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে জিলানীয়ে। তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে মুছলমান ধৰ্মগুৰুসকলে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস