--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেতিয়াবা কিছুমান চমৎকাৰ ঘটনা ঘটে যিবোৰ ঘটনাই মানুহৰ মাজত ঈশ্বৰ বিশ্বাস আৰু অধিক দৃঢ় কৰে। ওড়িশাৰ গোপীনাথপুৰৰ গোপীনাথ মন্দিৰৰ পৰা ভগৱান কৃষ্ণৰ অলংকাৰ চুৰি কৰা এজন চোৰে ৯ বছৰৰ পাছত অলংকাৰখিনি ঘূৰাই দিবলৈ বাধ্য হয়। চোৰজনে মন্দিৰত অলংকাৰখিনি ঘূৰাই দিয়াৰ লগতে এখন চিঠিও লিখি থৈ যায়। 

মন্দিৰত চুৰি কৰাৰ পাছৰে পৰা চোৰজনে দুঃস্বপ্ন দেখি থকা বুলি চিঠিখনত উল্লেখ কৰিছে। ইয়াৰ লগতে তেওঁ লিখিছে যে গীতা ভাগৱত পঢ়াৰ পাছত তেওঁ নিজৰ ভুল উপলব্ধি কৰিব পাৰিছে। এই অলংকাৰসমূহ কৃষ্ণ আৰু ৰাধা মূৰ্তিৰ আছিল, যাৰ মূল্য লক্ষাধিক টকাৰ।

চোৰজনে লিখিছে ২০১৪ চনত তেওঁ এই অলংকাৰবোৰ চুৰ কৰিছিল, যাৰবাবে তেওঁ এই ৯ বছৰত বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল। তেওঁ সকলো অলংকাৰ ঘূৰাই দিয়াৰ লগতে প্ৰায়শ্চিত্ত হিচাপে অতিৰিক্ত ৩০০ টকাও এৰি থৈ গৈছিল। অচিনাক্ত চোৰজনে এই সকলোবোৰ কথা তেওঁৰ ক্ষমাপ্ৰাৰ্থনা পত্ৰত উল্লেখ কৰিছিল।

চোৰজনে স্বীকাৰ কৰে যে ভাগৱতত থকা ভগৱান শ্ৰীকৃষ্ণৰ শিক্ষাই তেওঁক অভিভূত কৰে। সেয়ে তেওঁ চুৰি হোৱা গহনাবোৰ মন্দিৰত ঘূৰাই দিয়াৰ সিদ্ধান্ত লয়। চুৰি হোৱা গহনাবোৰ ঘূৰাই পোৱাৰ বাবে মন্দিৰৰ পূজাৰী-ভক্তসকলৰ মাজত আনন্দৰ জোৱাৰ উঠে। ভক্তসকলৰ মতে চোৰজনে কৰা অনুতাপ আৰু ভগৱান শ্ৰীকৃষ্ণৰ গুৰুত্বৰ বিষয়ে তেওঁ কৰা উপলব্ধি ভাগৱত শক্তিৰে এটা উদাহৰণ। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান