--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেতিয়াবা কিছুমান চমৎকাৰ ঘটনা ঘটে যিবোৰ ঘটনাই মানুহৰ মাজত ঈশ্বৰ বিশ্বাস আৰু অধিক দৃঢ় কৰে। ওড়িশাৰ গোপীনাথপুৰৰ গোপীনাথ মন্দিৰৰ পৰা ভগৱান কৃষ্ণৰ অলংকাৰ চুৰি কৰা এজন চোৰে ৯ বছৰৰ পাছত অলংকাৰখিনি ঘূৰাই দিবলৈ বাধ্য হয়। চোৰজনে মন্দিৰত অলংকাৰখিনি ঘূৰাই দিয়াৰ লগতে এখন চিঠিও লিখি থৈ যায়। 

মন্দিৰত চুৰি কৰাৰ পাছৰে পৰা চোৰজনে দুঃস্বপ্ন দেখি থকা বুলি চিঠিখনত উল্লেখ কৰিছে। ইয়াৰ লগতে তেওঁ লিখিছে যে গীতা ভাগৱত পঢ়াৰ পাছত তেওঁ নিজৰ ভুল উপলব্ধি কৰিব পাৰিছে। এই অলংকাৰসমূহ কৃষ্ণ আৰু ৰাধা মূৰ্তিৰ আছিল, যাৰ মূল্য লক্ষাধিক টকাৰ।

চোৰজনে লিখিছে ২০১৪ চনত তেওঁ এই অলংকাৰবোৰ চুৰ কৰিছিল, যাৰবাবে তেওঁ এই ৯ বছৰত বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল। তেওঁ সকলো অলংকাৰ ঘূৰাই দিয়াৰ লগতে প্ৰায়শ্চিত্ত হিচাপে অতিৰিক্ত ৩০০ টকাও এৰি থৈ গৈছিল। অচিনাক্ত চোৰজনে এই সকলোবোৰ কথা তেওঁৰ ক্ষমাপ্ৰাৰ্থনা পত্ৰত উল্লেখ কৰিছিল।

চোৰজনে স্বীকাৰ কৰে যে ভাগৱতত থকা ভগৱান শ্ৰীকৃষ্ণৰ শিক্ষাই তেওঁক অভিভূত কৰে। সেয়ে তেওঁ চুৰি হোৱা গহনাবোৰ মন্দিৰত ঘূৰাই দিয়াৰ সিদ্ধান্ত লয়। চুৰি হোৱা গহনাবোৰ ঘূৰাই পোৱাৰ বাবে মন্দিৰৰ পূজাৰী-ভক্তসকলৰ মাজত আনন্দৰ জোৱাৰ উঠে। ভক্তসকলৰ মতে চোৰজনে কৰা অনুতাপ আৰু ভগৱান শ্ৰীকৃষ্ণৰ গুৰুত্বৰ বিষয়ে তেওঁ কৰা উপলব্ধি ভাগৱত শক্তিৰে এটা উদাহৰণ। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস