--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰমাৎ দেশত সৃষ্টি হৈছে এক নতুন বিতৰ্কৰ৷বিষয়ঃ- MY GOVৰ সহযোগত কেন্দ্ৰীয় মন্ত্ৰীসকলৰ হোৱা সাক্ষাৎকাৰ৷য’ত চৰকাৰে সাক্ষাৎকাৰৰ বাবদ জনপ্ৰিয় প্ৰভাৱশালী ইউটিউবাৰক দিছে বুজন পৰিমাণৰ ৰাজহুৱা ধন৷এই বিষয়ে ইতিমধ্যে দেশৰ প্ৰতিষ্ঠিত সংবাদপত্ৰ দ্য ৱায়াৰে যুগুত কৰিছে এক প্ৰতিবেদন৷

আমোদজনকভাৱে ভাৰত চৰকাৰেও ভাৰতৰ বিশিষ্ট বাতৰি কাকতত কিছুমান নিৰ্বাচিত ছ’চিয়েল মিডিয়া চেলিব্ৰিটিক সমৰ্থন কৰি প্ৰথম পৃষ্ঠাত তেওঁলোকৰ ছবি আৰু ইউটিউব চেনেলৰ উল্লেখৰ সৈতে বিজ্ঞাপন প্ৰকাশ কৰা হৈছিল৷ বিজ্ঞাপনত লিখা আছিল- “অনলাইন সুৰক্ষিত হৈ থাকিবলৈ প’জ টিপক” আৰু “কেৱল প্ৰকৃত বিশেষজ্ঞসকলক বিশ্বাস কৰক”।

২৫ জুন দেওবাৰে প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়াই বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ এজন বিষয়াৰ উদ্ধৃতি দি প্ৰকাশ কৰা অনুসৰি কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱালে দেশৰ ৫০ জনৰো অধিক শীৰ্ষ প্ৰদৰ্শনকাৰী ইউটিউবাৰৰ সৈতে হস্তশিল্পক জনপ্ৰিয় কৰা, বাজৰাৰ উপকাৰিতা আৰু গ্ৰাহকৰ সুৰক্ষাৰ দৰে বিভিন্ন বিষয়ত মত বিনিময় কৰে৷

আলোচনাত অংশগ্ৰহণ কৰা ইউটিউবাৰসকলৰ ভিতৰত বিবেক বিন্দ্ৰা, গৌৰৱ চৌধুৰী (টেকনিকেল গুৰুজী), বিৰাজ শেঠ (সহ-প্ৰতিষ্ঠাপক, মংক এণ্টাৰটেইনমেণ্ট), গণেশ প্ৰসাদ (থিংক স্কুল), শ্লোক শ্ৰীবাস্তৱ (টেক বাৰ্নাৰ), প্ৰফুল্ল বিল্লোৰ (এম বি এ চায়ৱালা), আৰু. অনুষ্কা ৰাথোড় (অনুষ্কা ৰাথোড় ফাইনেন্স) অন্যতম উল্লেখযোগ্য৷


প্ৰতিবেদনত আৰু কোৱা হৈছে যে ইউটিউবাৰসকলে নিজৰ চেনেলত চৰকাৰী অনুষ্ঠান আৰু নীতিৰ বিষয়ে কন্টেন্ট প্ৰস্তুত কৰি নিজৰ দৰ্শকক জ্ঞান দিয়াৰ লগতে বিয়পি থকা ভুল তথ্যৰ বিষয়ে সজাগতা সৃষ্টি কৰা তথ্য পৰীক্ষকৰ ভূমিকাটো অৱতীৰ্ণ হ’ব লাগিব৷

যোৱা পষেকত ইউটিউবাৰ ৰণবীৰ এলাহাবাদিয়াই কেন্দ্ৰীয় উদ্যোগীকৰণ, দক্ষতা বিকাশ, ইলেক্ট্ৰনিক্স আৰু প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰকে ধৰি কেন্দ্ৰীয় মন্ত্ৰীসকলৰ সাক্ষাৎকাৰ লৈছিল৷তদুপৰিBএই অনুষ্ঠানলৈ কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ,বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলো গৈছিল। এলাহাবাদিয়াৰ ইউটিউব চেনেল বিয়েৰ বাইচেপছৰ ৫.৬১ মিলিয়ন ফ’ল’ৱাৰ আছে। ছ’চিয়েল মিডিয়াত তেওঁৰ অনুষ্ঠান’ “দ্য ৰণবীৰ শ্ব’”ৰ জৰিয়তে জনপ্ৰিয়তা অৰ্জন কৰিছে।

জয়শংকৰ আৰু গোৱেলৰ সৈতে হোৱা সাক্ষাৎকাৰে ২৬ জুন সোমবাৰে সন্ধিয়ালৈকে ক্ৰমে ৫০ লাখ আৰু ১০ লাখতকৈ অধিক ভিউজ লাভ কৰাৰ বিপৰীতে ২৫ জুন দেওবাৰে আপলোড কৰা ৰাজীৱ চন্দ্ৰশেখৰৰ সাক্ষাৎকাৰটোৱে মাত্ৰ ১,৪৯,০০০ৰ ভিউজহে লাভ কৰিছে।

এইখিনিতে এইটো কথা উল্লেখ্য যে,শেহতীয়াকৈ বহুতে সামাজিক মাধ্যমত এইটো কথা কোৱা দেখা গৈছে যে গোদী মিডিয়াৰ ওপৰত বিশ্বাসযোগ্যতা ক্ৰমান্বয়ে  বিজেপিৰ ওচৰত হ্ৰাস পাইছে৷কৰ্ণাটকৰ নিৰ্বাচনৰ ফলাফলৰ সময়ৰ পৰা  দেশৰ মিডিয়া হাউছসমূহত বহু পাৰ্থক্য দেখা গৈছে৷যুৱপ্ৰজন্মৰ কাষলৈ যাবৰ বাবে বিজেপিৰ আই টি চেলে মিডিয়াতকৈ ছ’চিয়েল মিডিয়াক অধিক প্ৰাধান্য দিছে৷সেয়েহে বিজেপিয়ে বৰ্তমান ইউটিউবাৰ সমূহৰ জৰিয়তে যুৱশক্তিক প্ৰভাৱান্বিত কৰাৰ ৰণনীতি তৈয়াৰ কৰি তুলিছে৷

সমুখত ২০২৪ৰ লোকসভা নিৰ্বাচন,বিজেপিৰ এইসমূহ ৰণকৌশলক পৰাভূত কৰিব পৰাকৈ বিৰোধী নেতা আৰু দলসমূহে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া ভৱিষ্যত সময়ত হ’ব লক্ষণীয়৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে