--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
সন্তানৰ আনুষ্ঠানিক শিক্ষাৰ নামত আজিৰ যুগত অভিভাৱক সকলে বহু ধন ব্যয় কৰে৷ একে সময়তে ধনৰ অভাৱত বহু শিশু বঞ্চিত হয় উচ্চশিক্ষাৰ পৰা  । কিন্তু এই সকলোৰে মাজত উদাহৰণ হৈ পৰিছে  
কেৰালাৰ এগৰাকী দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থী ৷ শিক্ষাৰ্থী গৰাকীৰ নাম বিনীশা৷ দ্বাদশ শ্ৰেণীৰ এইগৰাকী শিক্ষাৰ্থীয়ে  শিক্ষা অব্যাহত ৰখাৰ লগতে বিদ্যালয় শেষ হোৱাৰ পিছত বাদাম বিক্ৰী কৰে। 

বিনীশা কেৰেলাৰ চেৰথালাৰ নিৱাসী। তেওঁৰ পৰিয়ালটো আৰ্থিকভাৱে কিছু দুৰ্বল ৷ বিনীশাৰ পিতৃ এজন শ্ৰমিক৷ তেনেই সাধাৰণ উপাৰ্জনৰে বিনীশাৰ পিতৃয়ে  বিদ্যালয়ৰ খৰচসমূহ বহন কৰাটো কিছু  অসুবিধাজনক  হৈ পৰে৷ গতিকে পিতৃৰ কষ্ট বুজি  নিজৰ  শিক্ষাৰ বাবে প্ৰয়োজনীয় ধন আহৰণ কৰিবলৈ  বিনীশাই স্কুল  ছুটী হোৱাৰ পিছত চিনাবাদাম বিক্ৰী কৰিবলৈ লয়। 

বিনীশাৰ ভনীয়েকৰ বিয়াৰ বাবে তাইৰ পৰিয়ালটোৱে ঋণ লৈছিল। বৃহৎ ঋণত থকাৰ বাবে বিনীশাই চিনাবাদাম বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছিল। বিনীশাৰ মাকেও চিনাবাদাম বিক্ৰী কৰিছিল। কিন্তু ভৰিৰ বিষ আৰু অসুস্থতাৰ বাবে, বিনীশাই মাকৰ ঠাইত নিজে চিনাবাদাম বিক্ৰী কৰিবলৈ আৰম্ভ কৰে। বিনীশাই পঢ়া-শুনাৰ অব্যাহত ৰখাৰ লগতে নিজ ঘৰটো চলাবলৈ তেওঁৰ দেউতাকক সহায় কৰিবলৈ এই দায়িত্ব লয়। বিগত চাৰি বছৰ ধৰি বিনীশাই  বাদাম  বিক্ৰী কৰি আছে। বহুলোকে  উপহাস কৰিলেও বিনীশা নিজৰ লক্ষ্যত অটল হৈ আছে আৰু পৰিয়ালটোৰ বাবে সহায়ৰ হাতখন আগবঢ়াই আছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক