--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি উচ্চতম ন্যায়ালয়ৰ এক ৰায়দানত দিল্লী চৰকাৰে লাভ কৰিলে বৃহৎ সফলতা৷ উচ্চতম ন্যায়ালয়ত আইনী জয় হ’ল অৰবিন্দ কেজৰিৱাল চৰকাৰৰ৷ 

কাৰ হাতত থাকিব দিল্লীৰ প্ৰশাসনিক ক্ষমতা? ইয়াকে কেন্দ্ৰ কৰি দিল্লীৰ চৰকাৰ আৰু উপ-ৰাজ্যপালৰ মাজত সৃষ্টি হৈছিল দীৰ্ঘদিনীয়া সংঘাত। অৱশেষত আজি অন্ত পৰিল এই দীৰ্ঘদিনীয়া সংঘাত। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায়ৰ পাছতে অন্ত পৰে সংঘাত। 

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত ৫জনীয়া বিচাৰপীঠে আজি প্ৰদান কৰিলে গুৰুত্বপূৰ্ণ ৰায়। উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি দিল্লীৰ সমস্ত প্ৰশাসনিক ক্ষমতা থাকিব দিল্লী ৰাজ্য চৰকাৰৰ হাতত। ইয়াৰ লগে লগে এক বৃহৎ সফলতা লাভ কৰে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আপ চৰকাৰে। 

বিগত সময়ত একাধিক বিষয়ত সংঘাত সৃষ্টি হৈছিল অৰবিন্দ কেজৰিৱাল আৰু উপ-ৰাজ্যপালৰ মাজত। কেজৰিৱালৰ অভিযোগ আছিল যে উপ-ৰাজ্যপালৰ মাধ্যমেৰে জনগণৰ দ্বাৰা নিৰ্বাচিত চৰকাৰৰ কাম-কাজত হস্তক্ষেপ কৰি আহিছে কেন্দ্ৰই। বৃহস্পতিবাৰে ন্যায়ালয়ে স্পষ্ট কৰে যে জনগণৰ আশা-আকাংক্ষা বাস্তবাহিত কৰাৰ বাবে নিৰ্বাচিত হয় এখন চৰকাৰ। এই সন্দৰ্ভত ৰাজ্যৰ সমস্ত প্ৰশাসনিক কাম-কাজৰ সিদ্ধান্ত লোৱা উচিত ৰাজ্য চৰকাৰে। 

উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পাছত দিল্লীত কাৰ্যতঃ ৰাজ্য চৰকাৰৰ পৰামৰ্শ মতে কাম কৰিবলৈ বাধ্য হ’ব উপ-ৰাজ্যপাল। তাৰোপৰি ন্যায়ালয়ৰ ৰায় অনুসৰি যদি বিষয়াসকলে কাম-কাজৰ খতিয়ান মন্ত্ৰীসকলক নিদিয়ে তেতিয়া হ’লে যৌথ দায়িত্বৰ বিধি উলংঘন হ’ব। এই ক্ষেত্ৰত ৰাজ্যপালে পৰামৰ্শ দিব পাৰিব মুখ্যমন্ত্ৰী অথবা মন্ত্ৰীসভাক। এতিয়াৰ পৰা দিল্লীৰ আইন-শৃংখলা আৰু ভূমি আবণ্টন অধিকাৰ থাকিব ৰাজ্য চৰকাৰৰ হাতত। 

উল্লেখ্য যে ২০১৫ চনত দিল্লীত আপ চৰকাৰ অহাৰ পাছতে দিল্লীৰ আইনী ক্ষমতা হস্তান্তৰ হৈছিল কেন্দ্ৰলৈ। ২০১৫ চনৰ মে’ মহাত বিজ্ঞপ্তিযোগে দ্বিতীয় তালিকাৰ এন্ট্রী ৪১ৰ আঁওতাত হস্তান্তৰ কৰা হৈছিল দিল্লীৰ প্ৰশাসনিক ক্ষমতা। ইয়াৰ পাছতে এক দীৰ্ঘদিনীয়া আইনী যুঁজত অৱতীৰ্ণ হৈছিল কেজৰিৱাল চৰকাৰ। উপ-ৰাজ্যপালৰ ক্ষমতাৰ বিৰুদ্ধে আদালতৰ কাষ চাপিছিল কেজৰিৱালে। অৱশেষত আদালতত ন্যায়িক জয় সাব্যস্ত কৰিলে অৰবিন্দ কেজৰিৱালে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ