--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোদীৰ সপোনৰ ৰে’ল বন্দে ভাৰত এক্সপ্ৰেছ। আৰম্ভনিৰ দিনটোৰে পৰাই ৰে’ল খনৰ সৈতে যেন গৰু-ম’হৰ যুঁজ হৈ আহিছে। ৩০ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোদীয়ে ৰেলখন উদ্বোধন কৰিছিল। ইয়াৰ পিছতে  বন্দে ভাৰত এক্সপ্ৰেছে  চাৰিবাৰ গৰু আৰু ম'হক খুন্দিয়াইছে। গুজৰাটৰ এগৰাকী মহিলাও ৰে’ল খনৰ  খুন্দাত নিহত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  উদ্বোধন কৰাৰ কেইদিনমানৰ ভিতৰতে প্ৰথম দুৰ্ঘটনাটো সংঘটিত হৈছিল। ইয়াৰ পিছত বন্দে ভাৰত এক্সপ্ৰেছ যোৱা দুমাহত পাঁচবাৰ দুৰ্ঘটনাত পতিত হৈছে। 

এনে পৰিস্থিতিত ৰে'লখনকলৈ মানুহৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।সেয়ে ৰে’ল  কৰ্তৃপক্ষই এই তীব্ৰ গতিৰ ৰে'লখনে যাত্ৰা কৰা ৰে’লপথৰ  দুয়োফালে বেৰ দিয়াৰ  সিদ্ধান্ত লৈছে। যাৰ বাবে আনুমানিক ব্যয় হ’ব  ২৬৪ কোটি টকা।

বৃহস্পতিবাৰে নিশা মুম্বাইৰ পৰা গান্ধীনগৰলৈ যোৱা উচ্চ গতিৰ ৰে'ল খনে  উদভাদা আৰু ৱাপী ষ্টেচনৰ মাজত এটা গৰুক খুন্দা মাৰে। পশ্চিম ৰে'লৱেৰ বিষয়া সুনীল ঠাকুৰে কয়  যে দুৰ্ঘটনাটোৰ বাবে ৰেলখনৰ সন্মুখৰ পেনেলত এটা সৰু ফাঁট মেলিছে। পশ্চিম ৰে'লৱেৰ জেনেৰেল মেনেজাৰ অশোক কুমাৰ মিশ্ৰই শুকুৰবাৰে নিশা মুম্বাইৰ চাৰ্চ গেটত পশ্চিম ৰে'লৱেৰ মুখ্য কাৰ্যালয়ত কয়, "বন্দে ভাৰত এক্সপ্ৰেছৰ যাত্ৰা পথৰ দৈৰ্ঘ্য  ৬২০ কিলোমিটাৰ। এই পথৰ দুয়োফালে এখন  বেৰ দিয়া হ’ব। ''

৮ নৱেম্বৰত গান্ধীনগৰ ষ্টেচনৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰৈত আনন্দ ষ্টেচনৰ ওচৰত বন্দে ভাৰত এক্সপ্ৰেছৰ খিন্দাত এগৰাকী মহিলাৰ মৃত্যু ঘটিছিল।

বন্দে ভাৰত এক্সপ্ৰেছ ঘণ্টাত ১৬০ কিলোমিটাৰ বেগত চলিব পাৰে। পশ্চিম ৰেলৱেৰ সূত্ৰ অনুসৰি ৰে’লখন আন ৰে’লতকৈ অধিক আৰামদায়ক। কিন্তু  অভিযোগ কৰা হৈছে যে জনবসতিপূৰ্ণ এলেকাবোৰত এই উচ্চ গতিৰ ৰে’লখন চলোৱাটো বিপজ্জনক কথা। 

বৃহৎ ব্যয় আৰু প্ৰচাৰৰ পিছত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰা 'আধুনিক ৰে'ল’খনে কিয় বাস্তৱ পৰিস্থিতিত বাৰে বাৰে দুৰ্যোগৰ সন্মুখীন হৈছে তাকে লৈও প্ৰশ্ন উত্থাপিত হৈছে। এনে পৰিস্থিতিত, ৰে'ল কৰ্তৃপক্ষই বন্দে ভাৰতক 'সুৰক্ষিত' কৰিবলৈ আৰু ২৬৪  কোটি টকা ব্যয় কৰাৰ সিদ্ধান্ত লৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক