--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোদীৰ সপোনৰ ৰে’ল বন্দে ভাৰত এক্সপ্ৰেছ। আৰম্ভনিৰ দিনটোৰে পৰাই ৰে’ল খনৰ সৈতে যেন গৰু-ম’হৰ যুঁজ হৈ আহিছে। ৩০ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোদীয়ে ৰেলখন উদ্বোধন কৰিছিল। ইয়াৰ পিছতে  বন্দে ভাৰত এক্সপ্ৰেছে  চাৰিবাৰ গৰু আৰু ম'হক খুন্দিয়াইছে। গুজৰাটৰ এগৰাকী মহিলাও ৰে’ল খনৰ  খুন্দাত নিহত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  উদ্বোধন কৰাৰ কেইদিনমানৰ ভিতৰতে প্ৰথম দুৰ্ঘটনাটো সংঘটিত হৈছিল। ইয়াৰ পিছত বন্দে ভাৰত এক্সপ্ৰেছ যোৱা দুমাহত পাঁচবাৰ দুৰ্ঘটনাত পতিত হৈছে। 

এনে পৰিস্থিতিত ৰে'লখনকলৈ মানুহৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।সেয়ে ৰে’ল  কৰ্তৃপক্ষই এই তীব্ৰ গতিৰ ৰে'লখনে যাত্ৰা কৰা ৰে’লপথৰ  দুয়োফালে বেৰ দিয়াৰ  সিদ্ধান্ত লৈছে। যাৰ বাবে আনুমানিক ব্যয় হ’ব  ২৬৪ কোটি টকা।

বৃহস্পতিবাৰে নিশা মুম্বাইৰ পৰা গান্ধীনগৰলৈ যোৱা উচ্চ গতিৰ ৰে'ল খনে  উদভাদা আৰু ৱাপী ষ্টেচনৰ মাজত এটা গৰুক খুন্দা মাৰে। পশ্চিম ৰে'লৱেৰ বিষয়া সুনীল ঠাকুৰে কয়  যে দুৰ্ঘটনাটোৰ বাবে ৰেলখনৰ সন্মুখৰ পেনেলত এটা সৰু ফাঁট মেলিছে। পশ্চিম ৰে'লৱেৰ জেনেৰেল মেনেজাৰ অশোক কুমাৰ মিশ্ৰই শুকুৰবাৰে নিশা মুম্বাইৰ চাৰ্চ গেটত পশ্চিম ৰে'লৱেৰ মুখ্য কাৰ্যালয়ত কয়, "বন্দে ভাৰত এক্সপ্ৰেছৰ যাত্ৰা পথৰ দৈৰ্ঘ্য  ৬২০ কিলোমিটাৰ। এই পথৰ দুয়োফালে এখন  বেৰ দিয়া হ’ব। ''

৮ নৱেম্বৰত গান্ধীনগৰ ষ্টেচনৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰৈত আনন্দ ষ্টেচনৰ ওচৰত বন্দে ভাৰত এক্সপ্ৰেছৰ খিন্দাত এগৰাকী মহিলাৰ মৃত্যু ঘটিছিল।

বন্দে ভাৰত এক্সপ্ৰেছ ঘণ্টাত ১৬০ কিলোমিটাৰ বেগত চলিব পাৰে। পশ্চিম ৰেলৱেৰ সূত্ৰ অনুসৰি ৰে’লখন আন ৰে’লতকৈ অধিক আৰামদায়ক। কিন্তু  অভিযোগ কৰা হৈছে যে জনবসতিপূৰ্ণ এলেকাবোৰত এই উচ্চ গতিৰ ৰে’লখন চলোৱাটো বিপজ্জনক কথা। 

বৃহৎ ব্যয় আৰু প্ৰচাৰৰ পিছত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰা 'আধুনিক ৰে'ল’খনে কিয় বাস্তৱ পৰিস্থিতিত বাৰে বাৰে দুৰ্যোগৰ সন্মুখীন হৈছে তাকে লৈও প্ৰশ্ন উত্থাপিত হৈছে। এনে পৰিস্থিতিত, ৰে'ল কৰ্তৃপক্ষই বন্দে ভাৰতক 'সুৰক্ষিত' কৰিবলৈ আৰু ২৬৪  কোটি টকা ব্যয় কৰাৰ সিদ্ধান্ত লৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু